5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মেলবৰ্ণত পৰাজয়ৰ শংকাত ভাৰতঃ জয়ী হ’বলৈ ভংগ কৰিব লাগিব ৯৬ বৰ্ষীয় অভিলেখ!

মেলবৰ্ণ টেষ্টৰ আজি অন্তিমটো দিন। জয়ৰ বাবে ৩৪০ ৰানৰ কঠিন লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলে মাত্ৰ ৩৩ ৰানতে ৩টা উইকেট হেৰুৱাই পৰাজয়ৰ শংকাত পৰিছে। এতিয়াও ভাৰতক জয়ৰ বাবে অসম্ভৱ প্ৰায় ৩০৭ ৰানৰ প্ৰয়োজন। পিছে উইকেট হেৰুওৱাৰ সমান্তৰালকৈ মেলবৰ্ণৰ পূৰ্বৰ অভিলেখো ভাৰতৰ দৃষ্টিকোণৰ পৰা কঠিন অনুভৱ হৈছে।

মেলবৰ্ণত পৰাজয়ৰ শংকাত ভাৰতঃ জয়ী হ’বলৈ ভংগ কৰিব লাগিব ৯৬ বৰ্ষীয় অভিলেখ!
মেলবৰ্ণত পৰাজয়ৰ শংকাত ভাৰত
monjit-dutta
Monjit Dutta | Updated On: 30 Dec 2024 07:30 AM

চলিত মেলবৰ্ণ টেষ্টৰ আজি অন্তিমটো দিন। আজি দিনটোৰ আৰম্ভণিতেই অষ্ট্ৰেলিয়াৰ অন্তিমটো উইকেট পতনৰ পিছত ভাৰতে জয়ৰ বাবে লাভ কৰে ৩৪০ ৰানৰ কঠিন লক্ষ্য। এই লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলৰ দুই অপেনাৰ জয়ছোৱাল আৰু অধিনায়ক ৰোহিতে ধৈৰ্যশীল আৰম্ভণি ঘটাইছিল যদিও হঠাতে ভাৰতীয় ইনিংছত সৃষ্টি হয় জোকাৰণিৰ। অষ্ট্ৰেলিয়ান অধিনায়ক পেট কামিন্সে এক চমকপ্ৰদ অভাৰেৰে ভাৰতীয় শিবিৰত হানে অনাকাংক্ষিত আঘাত। কামিন্সে একেটা অভাৰতে ৰোহিত আৰু ৰাহুলক বিদায় দি বেকফুটলৈ ঠেলি দিছে ভাৰতক।

টেষ্টত শেহতীয়া ব্যৰ্থতাৰ ধাৰা অব্যাহত ৰাখি মাত্ৰ ৯ ৰান কৰিয়েই বিদায় লোৱাৰ বিপৰীতে ৰাহুলে কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে ক্ৰীজ এৰে। দুয়োৰে উইকেট পতনৰ পিছত ক্ৰীজত ৰক্ষণাত্মক শৈলীৰে থিয় দিছিল জয়ছোৱাল আৰু কোহলীয়ে। এই দুই বেটাৰৰ ওপৰত মেলবৰ্ণত ভাৰতৰ পৰাজয় ৰক্ষাৰ প্ৰত্যাশা বহুখিনি নিৰ্ভৰ কৰিছিল যদিও এই প্ৰত্যাষাৰ অন্ত পেলাই বিদায় লৈছে কোহলীয়েও। এনে স্থিতিত এতিয়া পৰাজয়ৰ শংকাতে পৰিছে ভাৰতীয় দল।

অৱশ্যে পৰাজয়ৰ শংকা দূৰ কৰাৰ সমান্তৰালকৈ ভাৰতে জয়ৰ বাবে চেষ্টা চলাব পাৰে বুলি এতিয়াও আশা প্ৰকাশ কৰিছে ভাৰতীয় অনুৰাগীয়ে। পিছে ৩৪০ ৰানৰ এই বৃ্হৎ লক্ষ্য অতিক্ৰম কৰাটো ভাৰতীয় দলৰ বাবে যথেষ্ট কঠিন হ’ব। আৰম্ভণিতেই তিনিটা উইকেট হেৰুওৱাৰ বিপদৰ লগতে মেলবৰ্ণৰ পূৰ্বৰ অভিলেখো ভাৰতৰ দৃষ্টিকোণৰ পৰা কঠিন অনুভৱ হৈছে। উল্লেখ্য যে মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত ৩৩২তকৈ অধিক লক্ষ্য অনুসৰণ কৰি কোনো দল জয়ী হোৱা নাই।

অৰ্থাৎ লক্ষ্য অনুসৰণ কৰি জয়ৰ ক্ষেত্ৰত এয়াই হৈছে সৰ্বাধিক স্ক’ৰ। এই জয়ৰ বাদে মেলবৰ্ণত এতিয়ালৈ ৩০০ ৰানৰ লক্ষ্য কোনো দলেই অতিক্ৰম কৰিব পৰা নাই। প্ৰায় ৯৬ বছৰ পূৰ্বেই ১৯২৮ চনত দেখা গৈছিল মেলবৰ্ণৰ এই লক্ষ্য অনুসৰণৰ অভিলেখ। এই লক্ষ্য অনুসৰণ কৰি অষ্ট্ৰেলিয়াৰ বিপক্ষে জয়ী হৈছিল ইংলেণ্ড। অৰ্থাৎ আজি ভাৰতে মেলবৰ্ণত জয়লাভ কৰিবলৈ হ’লে ভংগ কৰিব লাগিব ৯৬ বছৰ পূৰ্বৰ অভিলেখ।

এই খেলপথাৰত দ্বিতীয় সফল ৰান চেজৰ অভিলেখো ইংলেণ্ডৰ নামতে আছে। ১৮৯৫ চনত ইংলেণ্ডে এই খেলপথাৰত ২৯৮ ৰানৰ লক্ষ্য অনুসৰণ কৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰিছিল। আনহাতে তৃতীয় সফল ৰান চেজৰ অভিলেখ অৰ্জন কৰিছে দক্ষিণ আফ্ৰিকাই। ১৯৫৩ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাই ২৯৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি জয়লাভ কৰিছিল। এইক্ষেত্ৰত চতুৰ্থ স্থানত আছে ঘৰুৱা দল অষ্ট্ৰেলিয়া।

ঘৰুৱা দলটোৱে ১৯২৯ চনত ইংলেণ্ডৰ বিৰুদ্ধে ২৮৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি জয়লাভ কৰিছিল। আনহাতে এই তালিকাৰ পঞ্চম স্থানত পুনৰ দেখা গৈছে ইংলেণ্ডক। ১৯০৮ চনত ইংলেণ্ডে ২৮২ ৰানৰ লক্ষ্য সফলতাৰে অতিক্ৰম কৰি পৰাস্ত কৰিছিল অষ্ট্ৰেলিয়াক। ইফালে ভাৰতীয় দলৰ মেলবৰ্ণত শেহতীয়া অভিলেখ সফল বুলিয়েই ক’ব লাগিব। অৱশ্যে লক্ষ্য অনুসৰণ কৰি ভাৰতে মাত্ৰ এবাৰহে জয়লাভ কৰিছে।

ভাৰতে ২০০৮ চনত মাত্ৰ ৭০ ৰানৰ লক্ষ্য অনুসৰণ কৰি অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল। মেলবৰ্ণত ভাৰতীয় দল অন্তিমবাৰ পৰাজয়ৰ সন্মুখীন হৈছিল ২০১১ চনত। ইয়াৰ পিছত ২০১৪ চনত খেলা টেষ্ট মেচখন ড্ৰ’ হোৱাৰ বিপৰীতে ২০১৮ আৰু ২০২০ চনত ভাৰতীয় দলে জয়লাভ কৰিছিল।

Latest News