মেলবৰ্ণত কঠিন হ’লেও অসম্ভৱ নহয় ভাৰতৰ বিজয়ঃ কোনগৰাকী খেলুৱৈয়ে ল’ব পাৰে বিশেষ ভূমিকা, চাওক পৰিসংখ্যা

চলিত মেলবৰ্ণ টেষ্টৰ কাইলৈ অন্তিম দিন। অষ্ট্ৰেলিয়াৰ অন্তিমটো উইকেটৰ সোনকালে পতন ঘটাব পাৰিলে কাইলৈ ভাৰতে জয়ৰ লক্ষ্যৰে খেলাৰ সুযোগ লাভ কৰিব পাৰে। ভাৰতৰ বাবে এই লক্ষ্য কঠিন হ’লেও অসম্ভৱ নহয়। তেনে পৰিস্থিতিত চতুৰ্থ ইনিংছত ভাৰতীয় অনুৰাগীসকলে কোনগৰাকী খেলুৱৈৰ ওপৰত বিশেষ আস্থা ৰাখিব পাৰে, তাৰ এক পৰিসংখ্যা চাওঁ আহক।

মেলবৰ্ণত কঠিন হ’লেও অসম্ভৱ নহয় ভাৰতৰ বিজয়ঃ কোনগৰাকী খেলুৱৈয়ে ল’ব পাৰে বিশেষ ভূমিকা, চাওক পৰিসংখ্যা

কাইলৈ কাৰ ওপৰত অধিক আস্থা ৰাখিব ভাৰতে!

Published: 

29 Dec 2024 17:29 PM

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চলিত মেলবৰ্ণ টেষ্টৰ চতুৰ্থ দিনৰ খেলৰ সামৰণি পৰিছে। প্ৰথম ইনিংছত ১০৫ ৰানৰ অগ্ৰগতি লাভ কৰাৰ পিছত অষ্ট্ৰেলিয়াই আজি খেল সামৰণিলৈ দ্বিতীয় ইনিংছত ৯টা উইকেট হেৰুৱাই ২২৮ ৰান ৰান সংগ্ৰহ কৰিছে। এইদৰে সামগ্ৰিকভাৱে দলটোৱে ৩৩৩ ৰানৰ অগ্ৰগতি লাভ কৰিছে। লক্ষণীয়ভাৱে দলটোৰ নৱম উইকেট ১৭৩ ৰানতে পতন ঘটিছিল যদিও অন্তিম উইকেটত লায়ন আৰু ব’লাণ্ডে এইপৰ্যন্ত ৫৫ ৰানৰ যুটি বান্ধি দলৰ স্থিতি অধিক মজবুত কৰি তুলিছে। কাইলৈ অন্তিম দিনা দুয়ো কিমান দেৰি ক্ৰীজত থিয় দিব পাৰে সেয়া লক্ষণীয় হ’ব।

অষ্ট্ৰেলিয়াৰ অন্তিমটো উইকেটৰ সোনকালে পতন ঘটাব পাৰিলে কাইলৈ ভাৰতে জয়ৰ লক্ষ্যৰে খেলাৰ সুযোগ লাভ কৰিব পাৰে। ভাৰতৰ বাবে এই লক্ষ্য কঠিন হ’লেও অসম্ভৱ নহয়। অৱশ্যে এইক্ষেত্ৰত ভাৰতীয় বেটাৰসকলে দাঙি ধৰিব লাগিব উজ্জীৱিত প্ৰদৰ্শন। জয়ৰ লক্ষ্য অনুসৰণ কৰি চতুৰ্থ ইনিংছত অষ্ট্ৰেলিয়ান পিটছত খেলা সহজ নহয়। তেনে পৰিস্থিতিত চতুৰ্থ ইনিংছত ভাৰতীয় অনুৰাগীসকলে কোনগৰাকী খেলুৱৈৰ ওপৰত বিশেষ আস্থা ৰাখিব পাৰে, তাৰ এক পৰিসংখ্যা চাওঁ আহক।

মেলবৰ্ণ টেষ্টত ভাৰতীয় মূল একাদশত খেলি থকা খেলুৱৈৰ ভিতৰত ঋষভ পণ্টৰ পূৰ্বৰ প্ৰদৰ্শন অধিক উন্নত। এতিয়ালৈকে তেওঁ চতুৰ্থ ইনিংছত ১০ বাৰ বেটিং কৰিছে আৰু এই সময়ছোৱাত তেওঁ ৫৪.৫০ গড়ে এটা শতক আৰু ৩টা অৰ্ধশতকসহ ৪৩৬ ৰান সংগ্ৰহ কৰিছে। আনহাতে বিদেশৰ মাটিত চতুর্থ ইনিংছত ঋষভ পণ্টৰ গড় ৭১.৪০৷ গতিকে কাইলৈ ভাৰতীয় অনুৰাগীৰ প্ৰধান ভৰসা হ’ব পণ্ট। তাতে গত অষ্ট্ৰেলিয়া ভ্ৰমণত গাব্বাত পণ্টৰ সেই ঐতিহাসিক ইনিংছ এতিয়াও সকলোৰে মানসপটত।

এইক্ষেত্ৰত ভাৰতীয় অনুৰাগীৰ আন এক আশা হ’ব বিৰাট কোহলী। লক্ষ্য অনুসৰণত সাফল্যৰ বাবে ‘চেজ কিং’ খ্যাত কোহলীৰ সীমিত অভাৰৰ তুলনাত টেষ্টত এই খ্যাতি কিছু কম যদিও উলাই কৰিব পৰা বিধৰ নহয়। এইপৰ্যন্ত টেষ্ট কেৰিয়াৰত কোহলীয়ে চতুৰ্থ ইনিংছত ৩০ বাৰ বেটিং কৰিছে। এই সময়ছোৱাত তেওঁ ৪৩.৩২ গড়ে ২ শতক আৰু ৭টা অৰ্ধশতিকসহ ১০৮৩ ৰান সংগ্ৰহ কৰিছে। বিদেশৰ মাটিত চতুৰ্থ ইনিংছত বিৰাটৰ গড় ৩৯.৮৭।

অনুৰাগীৰ বাবে সকাহৰ কথা এয়ে যে বিৰাটৰ চতুর্থ ইনিংছত দুয়োটা শতক বিদেশৰ মাটিতে আহিছে। অৱশ্যে পাৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছৰ শতকটোৰ বাদে কোহলী এই শৃংখলাত বিশেষ সফল হোৱা নাই। কিন্তু কাইলৈ জয়ৰ বাবে কোহলীয়ে নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শন দাঙি ধৰিব লাগিব। ইফালে চতুর্থ ইনিংছত ভাৰতৰ দুই অ’পেনাৰ ৰোহিত আৰু জয়ছোৱালৰ প্ৰদৰ্শন বিশেষ উন্নত নহয়।

এই পৰ্যন্ত ৰোহিতে টেষ্টৰ চতুৰ্থ ইনিংছত ২১ বাৰ বেটিং কৰি ২৮.২৯ গড়ে মাত্ৰ ৪৮১ ৰানহে কৰিছে। আনহাতে জয়ছোৱালে চতুৰ্থ ইনিংছত ৭ বাৰ বেটিং কৰি ৩৬.১৬ গড়ে ২১৭ ৰান সংগ্ৰহ কৰিছে। জয়ছোৱালে অৱশ্যে এই শৃংখলাত তুলনামূলকভাৱে কিছু উন্নত প্ৰদৰ্শন আগবঢ়াইছে। এই টেষ্টৰো প্ৰথম ইনিংছত তেওঁ ৮২ ৰানৰ এক সুন্দৰ ইনিংছ খেলিছিল। কাইলৈও তেওঁ এই প্ৰদৰ্শন আগবঢ়াব বুলি আশাবাদী ভাৰতীয় অনুৰাগী।

আনহাতে শেহতীয়া সময়ছোৱাত টেষ্ট ফৰ্মেটত ফৰ্মহীনতাত ভুগি থকা ৰোহিত এই শৃংখলাত চূড়ান্ত ব্যৰ্থ হৈছে। কিন্তু এই টেষ্টখনত জয়ী হ’বলৈ হ’লে ৰোহিতে কাইলৈ অধিনায়কোচিত প্ৰদৰ্শন আগবঢ়াব লাগিব। ইফালে এই শৃংখলাত অন্যতম সফল ভাৰতীয় বেটাৰ কে এল ৰাহুলে টেষ্টৰ চতুৰ্থ ইনিংছত এতিয়ালৈকে ১৬ ইনিংছত এটাকৈ অৰ্ধশতক আৰু শতকীয় ইনিংছেৰে ২৫.৯২ গড়ে মাত্ৰ ৩৩৭ ৰানহে কৰিছে।

এই দিশৰ পৰা ৰাহুলৰ প্ৰদৰ্শন চিন্তনীয় যদিও চলিত শৃংখলাত ৰাহুলৰ প্ৰদৰ্শনলৈ চাই কাইলৈ তেওঁ অধিক উন্নত প্ৰদৰ্শন আগবঢ়োৱাৰ আশা কৰিছে ভাৰতীয় অনুৰাগীয়ে। চলিত টেষ্টৰ প্ৰথম ইনিংছত দৰ্শনীটয় শতক অৰ্জন কৰা নীতিশ কুমাৰ ৰেড্ডীয়ে টেষ্টৰ চতুৰ্থ ইনিংছত এবাৰো বেটিং কৰা নাই যদিও ধাৰাবাহিকতা দেখুওৱা নীতিশে কাইলৈও উজলিব বুলি বিশ্বাস প্ৰকাশ কৰিছে অনুৰাগীয়ে। এইক্ষেত্ৰত জাদেজা আৰু সুন্দৰৰ প্ৰদৰ্শনো হ’ব লক্ষণীয়।

আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...