5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আৰু মাথোঁ এখোজঃ পাৰ্থত অনন্য কৃতিত্ব অৰ্জনৰ দিশে যশপ্ৰীত বুমৰাহ

পাৰ্থ টেষ্টত আজি ভাৰতীয় দলে মাত্ৰ ১৫০ ৰানত ইনিংছ সামৰাৰ পিছত বিপৰ্যয়ৰ সন্মুখীন হোৱা অষ্ট্ৰেলিয়াই খেল সামৰণি পৰলৈ ৬৭ ৰানতে হেৰুৱাইছে ৭টাকৈ উইকেট। দলটোৰ এই বিপৰ্যয়ৰ প্ৰধান কাৰণ হৈ পৰিছে যশপ্ৰীত বুমৰাহ। এনে প্ৰদৰ্শনেৰে বুমৰাহে এক ঈৰ্ষণীয় কৃতিত্ব অৰ্জনৰ সুযোগ লাভ কৰিছে।

আৰু মাথোঁ এখোজঃ পাৰ্থত অনন্য কৃতিত্ব অৰ্জনৰ দিশে যশপ্ৰীত বুমৰাহ
পাৰ্থত বুমৰাহৰ চমক
monjit-dutta
Monjit Dutta | Published: 22 Nov 2024 19:34 PM

পাৰ্থত আজিৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্ট। আজি এই মেচৰ প্ৰথমদিনা দেখা গ’ল বলাৰৰ দপদপনি। অষ্ট্ৰেলিয়ান বলিং আক্ৰমণত দিশহাৰা হোৱা ভাৰতীয় দলে মাত্ৰ ১৫০ ৰানত ইনিংছ সামৰাৰ পিছত ঘৰুৱা দলটোও সন্মুখীন হৈছে বিপৰ্যয়ৰ। আজিৰ খেল সামৰণি পৰলৈ দলটোৱে ৬৭ ৰানতে হেৰুৱাইছে ৭টাকৈ উইকেট। দলটোৰ এই বিপৰ্যয়ৰ প্ৰধান কাৰণ হৈ পৰিছে ভাৰতীয় বলিং আক্ৰমণৰ মূল শক্তি যশপ্ৰীত বুমৰাহ।

ৰোহিত শৰ্মাৰ অনুপস্থিতিত ভাৰতীয় দলৰ নেতৃত্ব বহন কৰা বুমৰাহ আজি অধিনায়কোচিত প্ৰদৰ্শনেৰে উজলি উঠে। দুৰন্ত প্ৰদৰ্শনেৰে বুমৰাহে কেংগাৰু বাহিনীৰ চাৰিটাকৈ উইকেট দখল কৰি দলটোক বিপৰ্যয়ৰ মুখলৈ ঠেলি দিছে। বুমৰাহৰ এনে চমকৰ বাবেই অষ্ট্ৰেলিয়া এতিয়াও ভাৰতীয় দলতকৈ ৮৩ ৰানত পিছপৰি আছে। এই দুৰ্দান্ত প্ৰদৰ্শনেৰে বুমৰাহ কাইলৈ দ্বিতীয় দিনাও অষ্ট্ৰেলিয়াৰ বাবে মূৰৰ কামোৰণি হৈ উঠিব পাৰে।

এইদৰে বুমৰাহে পাৰ্থ টেষ্টৰ সময়তে এক অনন্য কৃতিত্ব অৰ্জনৰ সুযোগ লাভ কৰিছে। যদি কাইলৈ বুমৰাহে অষ্ট্ৰেলিয়ান ইনিংছৰ আৰু এটা উইকেট দখল কৰে, তেতিয়া এক ঈৰ্ষণীয় তালিকাত তেওঁৰ নাম সংযোগ ঘটিব। আজি প্ৰথম দিনটোতে বুমৰাহে অৰ্জন কৰিছে এক বিশেষ কৃতিত্ব। অষ্ট্ৰেলিয়াত টেষ্ট উইকেট দখল কৰা ষষ্ঠজন ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হৈছে যশপ্ৰীত বুমৰাহ।

ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াত অধিনায়ক হিচাপে লালা অমৰনাথ, বিষন সিং বেদী, কপিল দেৱ, শচীন তেণ্ডুলকাৰ আৰু অনিল কুম্বলেই উইকেট দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰে বিষন সিং বেদী, কপিল দেৱ আৰু অনিল কুম্বলেই অধিনায়ক হিচাপে এটা ইনিংছত ৫টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছিল। গতিকে এই বিশেষ তালিকাত স্থান লাভৰ বাবে বুমৰাহক প্ৰয়োজন আৰু মাত্ৰ এটা উইকেটৰ।

সমান্তৰালকৈ বুমৰাহে অষ্ট্ৰেলিয়াত এটা ইনিংছত ৫টা উইকেট দখল কৰা প্ৰথমগৰাকী ভাৰতীয় পেচাৰ অধিনায়ক হিচাপেও পৰিগণিত হোৱাৰ সুযোগ লাভ কৰিব। ইতিপূৰ্বে কপিল দেৱে অষ্ট্ৰেলিয়াত পাঁচটা উইকেট দখল কৰিছে যদিও তেওঁক এগৰাকী বলিং অল ৰাউণ্ডাৰ হিচাপে ধৰা হয়। ইয়াৰ উপৰিও বিদেশত সৰ্বাধিক উইকেট দখল কৰাৰ ক্ষেত্ৰত বুমৰাহ সম্প্ৰতি পঞ্চম স্থানত আছে। এইপৰ্যন্ত তেওঁ ১৩০টা টেষ্ট উইকেট দখল কৰিছে।

আজিৰ প্ৰদৰ্শনেৰে বুমৰাহে ইতিমধ্যে ১২৮টা উইকেট দখল কৰা জৱাগল শ্ৰীনাথক পিছ পেলাই গৈছে। আনহাতে এই তালিকাত কপিল দেৱে ২১৫টা উইকেটৰে শীৰ্ষত আছে। এই তালিকাত বুমৰাহৰ ওপৰত স্থান লাভ কৰা আনকেইগৰাকী বলাৰ হৈছে জাহীৰ খান, ঈশান্ত শৰ্মা আৰু মহম্মদ ছামি। ইফালে অষ্ট্ৰেলিয়াত সৰ্বাধিক টেষ্ট উইকেট দখল কৰাৰ ক্ষেত্ৰত বুমৰাহ ভাৰতীয় বলাৰ হিচাপে চতুৰ্থ স্থানত আছে। তেওঁৰ আগত আছে কেৱল ৰবিচন্দ্ৰন অশ্বিন, অনিল কুম্বলে আৰু কপিল দেৱ।

Latest News