কিয় হঠাতে খেলপথাৰ এৰিলে বুমৰাহে! বলিং কৰিব নোৱাৰিব নেকি দ্বিতীয় ইনিংছত…

ছিডনী টেষ্টত ভাৰতীয় দলৰ সমুখত সংকটৰ খবৰ হৈ পৰিছে দলৰ অধিনায়ক তথা তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহৰ ফিটনেছ। আজি খেলৰ দ্বিতীয় দিনা হঠাতে খেলপথাৰৰ পৰা ওলাই আহি চিকিৎসালয়লৈ যায় তাৰকা পেচাৰগৰাকী। বুমৰাহে দ্বিতীয় ইনিংছত বলিং কৰিব পাৰিব নে নোৱাৰে সেই লৈ এতিয়া অনুৰাগীৰ মনত শংকা জাগি উঠিছে।

কিয় হঠাতে খেলপথাৰ এৰিলে বুমৰাহে! বলিং কৰিব নোৱাৰিব নেকি দ্বিতীয় ইনিংছত…

গুৰুতৰ নেকি বুমৰাহৰ আঘাত!

Published: 

04 Jan 2025 15:32 PM

ৰোমাঞ্চকৰ পৰ্যায়ত উপনীত হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা ছিডনী টেষ্ট। আজি এই মেচখনৰ দ্বিতীয় দিনাৰ খেলৰ অন্ত পৰিছে। ইতিমধ্যে দুটা দিনৰ খেলতে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছ সমাপ্ত হৈছে। আনহাতে দ্বিতীয় ইনিংছ আৰম্ভ কৰিয়েই ভাৰতে ৬টা উইকেট হেৰুৱাইছে। এইমুহূৰ্তত ভাৰতীয় দলে ১৪৫ ৰানৰ অগ্ৰগতি লাভ কৰিছে। হাতত চাৰিটা উইকেট বাকী থকা অৱস্থাত ভাৰতীয় দলে অগ্ৰগতি কিছু বৃদ্ধি কৰাৰ বাবে প্ৰচেষ্টা চলাব লাগিব। তেতিয়া ছিডনীৰ কঠিন উইকেটত অষ্ট্ৰেলিয়াক প্ৰত্যাহ্বান জনাবলৈ সুযোগ লাভ কৰিব ভাৰতীয় বলিং আক্ৰমণে।

পিছে এই ক্ষেত্ৰত ভাৰতীয় দলৰ সমুখত সংকটৰ খবৰ হৈ পৰিছে দলৰ অধিনায়ক তথা তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহৰ ফিটনেছ। আজি খেলৰ দ্বিতীয় দিনা হঠাতে খেলপথাৰৰ পৰা ওলাই আহি চিকিৎসালয়লৈ যায় তাৰকা পেচাৰগৰাকী। এই দৃশ্যই চিন্তিত কৰি তুলিছে ভাৰতীয় দল তথা অনুৰাগীক। চলিত শৃংখলাটোত ভাৰতীয় দলৰ যুঁজৰ প্ৰধান নায়ক হিচাপে বিবেচিত হোৱা বুমৰাহে এইপৰ্যন্ত শৃংখলাত সৰ্বাধিক উইকেট দখল কৰিছে।

পিছে আজিৰ দৃশ্যই সকলোকে উদ্বিগ্ন কৰি তুলিছে। পোহৰলৈ অহা তথ্য অনুসৰি কঁকালৰ বিষত আক্ৰান্ত হৈছে তাৰকা পেচাৰগৰাকী আৰু এই সমস্যাৰ বাবে চিকিৎসা দলে বুমৰাহৰ স্বাস্থ্যৰ তদাৰক কৰি আছে। কালি প্ৰথম দিনাৰ খেল সামৰণিৰ সময়ত খাৱাজাৰ উইকেট দখল কৰা বুমৰাহে আজি দ্বিতীয় দিনা আৰম্ভণিৰ সময়তে মাৰ্নাছ লাবুচেনৰ উইকেট দখল কৰি ভাৰতীয় দলৰ স্থিতি মেচখনত সজীৱ কৰি ৰাখে।

কিন্তু দ্বিতীয় চেচনত কিছু সময় খেলাৰ পিছত হঠাতে খেলপথাৰৰ পৰা ওলাই আহে বুমৰাহ। এই দৃশ্য দেখাৰ পিছত উদ্বিগ্ন হৈ পৰে ভাৰতীয় অনুৰাগীসকল। ইয়াৰ কিছু সময় পিছতে বুমৰাহক মেচ কিটৰ সলনি ট্ৰেইনিং জাৰ্চি পিন্ধি ড্ৰেছিং ৰুমৰ পৰা ওলাই অহা দেখা গৈছিল আৰু তাৰ পিছতে দলৰ ফিজিঅ’ৰ সৈতে গাড়ীৰে ষ্টেডিয়ামৰ পৰা ওলাই যায় তাৰকাগৰাকী। অৱশ্যে ভাৰতীয় দলৰ দ্বিতীয় ইনিংছৰ বেটিঙৰ সময়ত পুনৰ ষ্টেডিয়ামত দেখা যায় বুমৰাহক।

আজিৰ খেল সামৰণিৰ পিছত ভাৰতীয় দলৰ পেচাৰ প্ৰসিধ কৃষ্ণই সংবাদমেলত বুমৰাহৰ আঘাত সন্দৰ্ভত মন্তব্য কৰে। তেওঁ জানিবলৈ দিয়া মতে বুমৰাহে পিঠিৰ বিষত ভুগি আছে আৰু সেয়ে তেওঁক স্কেনৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। মেডিকেল টিমে বুমৰাহৰ ওপৰত চকু ৰাখিছে বুলিও প্ৰসিধ কৃষ্ণই লগতে কয়। অৱশ্যে তেওঁৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে প্ৰসিধ কৃষ্ণই।

এনে পৰিস্থিতিত বুমৰাহে দ্বিতীয় ইনিংছত বলিং কৰিব পাৰিব নে নোৱাৰে সেই লৈ এতিয়া অনুৰাগীৰ মনত শংকা জাগি উঠিছে। ছিডনীৰ এই গুৰুত্বপূৰ্ণ মেচখনৰ দ্বিতীয় ইনিংছত বুমৰাহে যদি বলিং কৰিব নোৱাৰে, এয়া দলৰ বাবে বিপদৰ কাৰণ হৈ উঠিব পাৰে। কিয়নো এই টেষ্টত পৰাজিত হ’লেই ভাৰতে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী হেৰুওৱাৰ লগতে বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলৰ স্বপ্নও চূৰ্ণ হ’ব।

আনহাতে ফিটনেছ সম্পূৰ্ণ সংকটমুক্ত নোহোৱাকৈ দ্বিতীয় ইনিংছত বলিং কৰাটো ভাৰতীয় দলৰ ভৱিষ্যতৰ বাবে চিন্তাৰ কাৰণ হ’ব পাৰে। অহা মাহত অনুষ্ঠিত হ’ব আইচিচিৰ এক অন্যতম প্ৰধান ইভেণ্ট চেম্পিয়নছ ট্ৰফী। এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ সফলতা বহু পৰিমাণে নিৰ্ভৰ কৰিব বুমৰাহৰ বলিঙৰ ওপৰত। এনে পৰিস্থিতিত যদি বুমৰাহৰ আঘাত গুৰুতৰ হয়, তেন্তে এয়া ভাৰতৰ বাবে হ’ব বিপদৰ আগজাননী।

ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!
শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...
সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে