চেন্নাইত অনন্য কৃতিত্ব ৰচিলে জয়ছোৱালেঃ সমুখত মাথোঁ গাভাস্কাৰ, চেন্নাইতে স্পৰ্শৰ সুযোগ! | India vs Bangladesh 1st test Chennai Yashasvi Jaiswal fifty record Sunil Gavaskar Assam news - Assam Tv9

চেন্নাইত অনন্য কৃতিত্ব ৰচিলে জয়ছোৱালেঃ সমুখত মাথোঁ গাভাস্কাৰ, চেন্নাইতে স্পৰ্শৰ সুযোগ!

Published: 

19 Sep 2024 17:46 PM

বাংলাদেশৰ বিপক্ষে আজিৰ পৰা আৰম্ভ হোৱা টেষ্টৰ প্ৰথমদিনা ভাৰতৰ বিপৰ্যয়ৰ পাছত এক অৰ্ধশতকীয় ইনিংছেৰে ভাৰতক উদ্ধাৰ কৰে যশস্বী জয়ছোৱালে। ধৈৰ্যশীল বেটিঙেৰে যুৱ তাৰকাগৰাকীয়ে ১১৮টা বলত ৫৬ ৰান সংগ্ৰহ কৰে। এই অৰ্ধশতকীয় ইনিংছটোৰে এক অনন্য কৃতিত্ব অৰ্জন কৰা জয়ছোৱালে লগতে সুনীল গাভাস্কাৰক স্পৰ্শ কৰাৰ দিশেও অগ্ৰসৰ হৈছে।

চেন্নাইত অনন্য কৃতিত্ব ৰচিলে জয়ছোৱালেঃ সমুখত মাথোঁ গাভাস্কাৰ, চেন্নাইতে স্পৰ্শৰ সুযোগ!

চেন্নাইত যশস্বীৰ কৃতিত্ব

Follow Us On

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু বাংলাদেশৰ মাজৰ প্ৰথমখন টেষ্ট। আজি মেচৰ প্ৰথম দিনা প্ৰাথমিক বিপৰ্যয় নেওচি এক সবল স্থিতিত উপনীত হৈছে ভাৰতীয় দল। দিনটোৰ খেল সামৰণিৰ পৰলৈ ভাৰতে ৬ উইকেটত ৩৩৯ ৰাণ সংগ্ৰহ কৰিছে। ভাৰতৰ এই স্থিতিৰ মূলতে আছে অলৰাউণ্ডাৰ ৰবিচন্দ্ৰন অশ্বিনৰ দৰ্শনীয় অপৰাজিত শতকৰ লগতে জাদেজাৰ দৰ্শনীয় অপৰাজিত অৰ্ধশতক আৰু প্ৰথমৰ ফালে যশস্বী জয়ছোৱালৰ অৰ্ধশতক। অশ্বিন-জাদেজাই অপৰাজিত ১৯৫ ৰাণৰ যুটিৰে ভাৰতীয় ইনিংছৰ ত্ৰাণকৰ্তাৰ ৰূপ লৈ আগুৱাই নিছে ভাৰতীয় ইনিংছ।

লক্ষণীয়ভাৱে ইনিংছৰ আৰম্ভণিতে মাত্ৰ ৩৪ ৰাণতেই তিনিটাকৈ উইকেট হেৰুৱাই সংকটত পৰিছিল ভাৰত। ক্ৰীজলৈ উভতিছিল ভাৰতীয় বেটিং লাইন আপৰ দুই মূল শক্তি ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ লগতে শুভমন গিলো। এনে বিপৰ্যয়ৰ মাজত ক্ৰীজত যুঁজাৰু মনোভাৱেৰে থিয় দি আছিল যশস্বী জয়ছোৱাল। ঋষভ পণ্টৰ সৈতে চতুৰ্থ উইকেটৰ যুটিত জয়ছোৱালে দিয়ে কিছু সকাহ।

পণ্টে ৩৯ ৰাণ সংগ্ৰহ কৰি বিদায় ল’লেও অৰ্ধশতক সম্পূৰ্ণ কৰে জয়ছোৱালে। ধৈৰ্যশীল বেটিঙেৰে যুৱ তাৰকাগৰাকীয়ে ১১৮টা বলত ৫৬ ৰান সংগ্ৰহ কৰে। দলক বিপৰ্যয়ৰ পৰা সাময়িকভাৱে উদ্ধাৰ কৰাৰ লগতে জয়ছোৱালে অৰ্ধশতকীয় ইনিংছটোৰে এক অভিলেখো নিজৰ নামত সংযোজিত কৰিছে। এইক্ষেত্ৰত তেওঁ ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি সুনীল গাভাস্কাৰক স্পৰ্শ কৰাৰ দিশেও অগ্ৰসৰ হৈছে।

আজিৰ ইনিংছটোৰে যশস্বী জয়ছোৱালে এইপৰ্যন্ত দহখন টেষ্টত অষ্টমটো পঞ্চাশ বা তাতোধিক ৰানৰ ইনিংছ খেলাৰ কৃতিত্ব অৰ্জন কৰিছে। ৮ম বাৰৰ বাবে পঞ্চাশ প্লাছ কৰে। ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত মাত্ৰ ৩ গৰাকী খেলুৱৈয়েহে এই কৃতিত্ব অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে সদাগোপন ৰমেশে এই কৃতিত্ব অৰ্জন কৰিছিল। আজি জয়ছোৱালে অৰ্ধশতকীয় ইনিংছটোৰে ৰমেশক স্পৰ্শ কৰিছে।

আনহাতে ১০ খন টেষ্টত ৯টা পঞ্চাশ বা তাতোধিক ৰানৰ ইনিংছেৰে এই ক্ষেত্ৰত সুনীল গাভাস্কাৰ শীৰ্ষত আছে। জয়ছোৱালৰ হাতত এতিয়াও চেন্নাই টেষ্টৰ আৰু এটা ইনিংছ আছে। যদি এই ইনিংছতো জয়ছোৱালে অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হয়, তেতিয়া গাভাস্কাৰক স্পৰ্শ কৰিব পাৰিব যুৱ তাৰকাগৰাকীয়ে।

উল্লেখ্য যে যশস্বী জয়ছৱালে টেষ্ট ক্ৰিকেটত মাত্ৰ ১৭টা টেষ্ট ইনিংছ খেলিছে আৰু এই সময়ছোৱাত তেওঁ ৩টা শতক আৰু ৫টা অৰ্ধশতক অৰ্জন কৰিছে। লক্ষণীয়ভাৱে তিনিটা শতকক দ্বিশতকলৈ ৰূপান্তৰিত কৰিছে জয়ছোৱালে। এই পৰ্যন্ত ১৭খন টেষ্ট ইনিংছত যুৱ তাৰকাগৰাকীয়ে ৬৭.৭৫ গড়ে ১০৮৪ ৰান সংগ্ৰহ কৰিছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version