5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অশ্বিন-জাদেজাৰ স্পীন ঘূৰ্ণীত বিধ্বস্ত বাংলাদেশঃ শৃংখলাত অগ্ৰগতি ভাৰতৰ

বাংলাদেশৰ বিপক্ষে দুখন মেচৰ চলিত টেষ্ট শৃংখলাত আজি ১-০ৰ অগ্ৰগত লাভ কৰিছে ঘৰুৱা দল ভাৰতে। চেন্নাইত অনুষ্ঠিত প্ৰথমখন টেষ্টৰ আজি চতুৰ্থ দিনাই ভাৰতে ভ্ৰমণকাৰী দলটোক ২৮০ ৰানত পৰাস্ত কৰে। ভাৰতৰ জয়ত মূল ভুমিকা গ্ৰহণ কৰা অশ্বিন এই মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়।

অশ্বিন-জাদেজাৰ স্পীন ঘূৰ্ণীত বিধ্বস্ত বাংলাদেশঃ শৃংখলাত অগ্ৰগতি ভাৰতৰ
চেন্নাই টেষ্টত সহজ জয় ভাৰতৰ
Follow Us
monjit-dutta
Monjit Dutta | Published: 22 Sep 2024 13:33 PM

বেটৰ পিছত এইবাৰ হাতত বল লৈ চেন্নাইত লহৰ তুলিলে ভাৰতীয় ক্ৰিকেটৰ তাৰকাদ্বয় অশ্বিন-জাদেজা যুটিয়ে। দুই তাৰকাৰ স্পীন ঘূৰ্ণীয়ে আজি চেন্নাইত অনুষ্ঠিত বাংলাদেশৰ বিপক্ষে প্ৰথম টেষ্টত ভাৰতক তুলি দিছে সহজ জয়। চেন্নাই টেষ্টৰ আজি চতুৰ্থ দিনাই ভাৰতে ভ্ৰমণকাৰী দলটোক ২৮০ ৰানত পৰাস্ত কৰি দুখন মেচৰ শৃংখলাটোত ১-০ৰ অগ্ৰগতি লাভ কৰিছে। ভাৰতীয় দলে বান্ধি দিয়া ৫১৫ ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰি বাংলাদেশে মাত্ৰ ২৩৪ ৰানতে ইনিংছ সামৰি পৰাজয় স্বীকাৰ কৰে।

কালি তৃতীয় দিনাই একপ্ৰকাৰে নিশ্চিত হৈ পৰিছিল বাংলাদেশৰ পৰাজয়। বিশাল লক্ষ্য অনুসৰণ কৰি কালি ১৫৮ ৰানতে ৪টা উইকেট হেৰুৱাইছিল দলটোৱে। আজি চতুৰ্থ দিনাৰ প্ৰথম চেচনৰ ভিতৰতে বাকী থকা ৬টা উইকেট দখল কৰি অশ্বিন আৰু জাদেজাই ভাৰতীয় দললৈ জয় কঢ়িয়াই আনে। বাংলাদেশৰ দ্বিতীয় ইনিংছত অশ্বিনে ৬টা আৰু জাদেজাই ৩টা উইকেট দখল কৰে। এটা উইকেট যায় বুমৰাহৰ হাতলৈ।

ভাৰতীয় বলিং আক্ৰমণৰ সমুখত অকলেই যুঁজ দি বাংলাদেশৰ অধিনায়ক নজমূল হুছেইন চাণ্টোৱে সৰ্বাধিক ৮২ ৰানৰ এক যুঁজাৰু ইনিংছ খেলে। দুই অপেনাৰ জাকিৰ আৰু ছাদমানৰ বেটৰ পৰা আহে ক্ৰমে ৩৩ আৰু ৩৫ ৰান। উল্লেখ্য যে টেষ্টখনত টছত জয়ী হৈ বাংলাদেশে ভাৰতক প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনাইছিল। ইনিংছ আৰম্ভ কৰি ভাৰতে প্ৰাৰম্ভিক অৱস্থাতে সংকটত পৰিছিল যদিও অশ্বিন-জাদেজাই ভাৰতীয় দলক এই সংকটৰ পৰা মুক্ত কৰিছিল।

কেৰিয়াৰৰ ষষ্ঠটো শতকৰ ৰূপত অশ্বিনে ১১৩ ৰানৰ এক চমকপ্ৰদ ইনিংছ খেলাৰ বিপৰীতে জাদেজাই খেলিছিল ৮৬ ৰানৰ এক দৰ্শনীয় অৰ্ধশতকীয় ইনিংছ। জয়ছোৱাল আৰু পণ্টৰ বেটৰ পৰাও আহিছিল ক্ৰমে ৫৬ আৰু ৩৯ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ। আনহাতে বাংলাদেশৰ যুৱ পেচাৰ হাছান মাহমুদে ৫টা উইকেট দখল কৰিছিল। ভাৰতৰ ৩৭৬ ৰানৰ প্ৰত্যুত্তৰত বাংলাদেশে প্ৰথম ইনিংছত মাত্ৰ ১৪৯ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

দলটোৰ প্ৰথম ইনিংছত বিপৰ্যয়ৰ কাৰণ হৈ পৰা যশপ্ৰীত বুমৰাহে ৪টা উইকেট দখল কৰাৰ বিপৰীতে আকাশদীপ, জাদেজা আৰু ছিৰাজে ২টাকৈ উইকেট লাভ কৰিছিল। এইদৰে প্ৰথম ইনিংছত ২২৭ ৰানৰ অগ্ৰগতি লাভ কৰাৰ পিছত ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰে আৰু দুই যুৱ তাৰকা শুভমন গিল আৰু ঋষভ পণ্টৰ শতকৰ সহায়েৰে ৪ উইকেটত ২৮৭ ৰান সংগ্ৰহ কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰে।

প্ৰায় দুই বছৰৰ পিছত টেষ্ট ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটোৱা পণ্টে ১০৯ ৰান সংগ্ৰহ কৰি বিদায় লোৱাৰ বিপৰীতে ১১৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয় গিল। মেচখনত চমকপ্ৰদ অলৰাউণ্ড প্ৰদৰ্শন দাঙি ধৰি দলৰ জয়ৰ প্ৰধান কাণ্ডাৰী হিচাপে পৰিগণিত হোৱা অশ্বিন মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন মেচ ২৭ ছেপ্টেম্বৰৰ পৰা কানপুৰত অনুষ্ঠিত হ’ব।

Latest News