5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

প্ৰত্যাৱৰ্তনতে উজলিল পণ্টঃ ধোনীৰ অভিলেখ স্পৰ্শৰে অৰ্জিলে অনন্য কৃ্তিত্ব

প্ৰায় দুটা বছৰৰ পিছত টেষ্ট ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটোৱা ঋষভ পণ্টে আজি বাংলাদেশৰ বিপক্ষে চলিত টেষ্টৰ দ্বিতীয় ইনিংছত ১০৯ ৰানৰ এক চমকপ্ৰদ ইনিংছ খেলে। এয়া আছিল পণ্টৰ টেষ্ট কেৰিয়াৰৰ ষষ্ঠটো শতক। এই শতকেৰে পণ্টে প্ৰাক্তন ভাৰতীয় তাৰকা মহেন্দ্ৰ সিং ধোনীৰ নামত থকা এক অনন্য অভিলেখ স্পৰ্শ কৰে।

প্ৰত্যাৱৰ্তনতে উজলিল পণ্টঃ ধোনীৰ অভিলেখ স্পৰ্শৰে অৰ্জিলে অনন্য কৃ্তিত্ব
চেন্নাইত পণ্টৰ চমক
Follow Us
monjit-dutta
Monjit Dutta | Published: 21 Sep 2024 14:26 PM

এক ভয়াৱহ দুৰ্ঘটনাত মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণৰক্ষা পৰাৰ পিছত আঘাতৰ সৈতে যুঁজি সুদীৰ্ঘ প্ৰায় দুটা বছৰৰ পিছত ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটাইছে ঋষভ পণ্টে। সীমিত অভাৰৰ ক্ৰিকেটত সফল প্ৰত্যাৱৰ্তনৰ পিছত সম্প্ৰতি বাংলাদেশৰ বিপক্ষে চলিত চেন্নাই টেষ্টৰ জৰিয়তে টেষ্ট ক্ৰিকেটলৈয়ো দুৰন্ত প্ৰত্যাৱৰ্তন ঘটাইছে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। প্ৰথম ইনিংছত দলৰ বিপৰ্যয়ৰ সময়ত ৩৯ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলা পণ্টে আজি দ্বিতীয় ইনিংছত খেলে এক চমকপ্ৰদ শতকীয় ইনিংছ।

এই দৰ্শনীয় শতকেৰে পণ্টে কেৱল টেষ্ট ক্ৰিকেটলৈ ৰাজকীয় প্ৰত্যাৱৰ্তনেই নহয়, এক অনন্য কৃতিত্বও অৰ্জন কৰিছে। কালিৰ ১২ ৰাণৰ ব্যক্তিগত স্ক’ৰৰ পৰা ইনিংছ আৰম্ভ কৰি পণ্টে গিলৰ সৈতে যুটি বান্ধি বাংলাদেশৰ সমুখত প্ৰতিৰোধ গঢ়ি তোলে। ১২৮টা বলত ১৩টা চাৰি আৰু ৪টা ছয়েৰে ১০৯ ৰান সংগ্ৰহ কৰি বিদায় লয় পণ্টে।

লাঞ্চৰ পূৰ্বে ধৈৰ্যশীল বেটিঙেৰে অৰ্ধশতক সম্পূৰ্ণ কৰাৰ পিছত ক্ৰমে স্বাভাৱিক শৈলীলৈ উভতে পণ্ট। আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰি পণ্টে ক্ৰমাৎ নিজৰ ইনিংছ আগুৱাই নি লাঞ্চৰ কিছুসময় পিছতে সম্পূৰ্ণ কৰে শতক। ইয়াৰ লগে লগে টেষ্টত প্ৰায় দুবছৰীয়া অৱসান ঘটায় পণ্টে। টেষ্ট ফৰ্মেটৰ এগৰাকী সফল তাৰকা হিচাপে নিজকে প্ৰতিষ্ঠা কৰে পণ্টে আজি অৰ্জন কৰে ষষ্ঠটো টেষ্ট শতক।

এইদৰে পণ্টে ভাৰতীয় উইকেটকীপাৰ হিচাপে মহেন্দ্ৰ সিং ধোনীৰ নামত থকা সৰ্বাধিক টেষ্ট শতকৰ অভিলেখ স্পৰ্শ কৰে। ধোনীয়ে নিজৰ টেষ্ট কেৰিয়াৰত ৯০খন টেষ্টত এই ৬টা শতক অৰ্জন কৰাৰ বিপৰীতে পণ্টে মাত্ৰ ৩৪ সংখ্যক টেষ্টতে এই অভিলেখ স্পৰ্শ কৰে। আৰু মাত্ৰ এটা শতক অৰ্জন কৰিলেই পণ্টে এতিয়া ধোনীক অতিক্ৰম কৰি নতুন ভাৰতীয় অভিলেখৰ গৰাকী হ’ব।

লক্ষণীয়ভাৱে বাংলাদেশৰ বিপক্ষে টেষ্ট ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটোৱা পণ্টে দুৰ্ঘটনাৰ পূৰ্বে নিজৰ অন্তিমখন টেষ্টো বাংলাদেশৰ বিপক্ষেই খেলিছিল। উক্ত টেষ্টত পণ্টে ৯৩ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলিলেও শতক বঞ্চিত হৈছিল। ইফালে পণ্টৰ লগতে আজি ভাৰতীয় ইনিংছত আন এগৰাকী যুৱ তাৰকা শুভমন গিলেও খেলে এক দৰ্শনীয় শতকীয় ইনিংছ।

কালি ৩৩ ৰাণত অপৰাজিত থকা গিলে আজি ১৭৬ টা বলত ১১৯ ৰানৰ এক চমকপ্ৰদ ইনিংছ খেলি অপৰাজিত হৈ ৰয়। তেওঁৰ সৈতে ক্ৰীজত ২২ ৰাণ কৰি অপৰাজিত হৈ ৰয় কে এল ৰাহুল। ৪ উইকেটত ২৮৭ ৰানৰ স্ক’ৰত দ্বিতীয় ইনিংছ ঘোষণা কৰে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই। এইদৰে বাংলাদেশৰ সমুখত ৫১৫ ৰানৰ বিশাল লক্ষ্য বান্ধি দিয়ে ভাৰতে।

আনহাতে দ্বিতীয় ইনিংছ আৰম্ভ কৰি বাংলাদেশে এইপৰ্যন্ত কোনো উইকেট নেহেৰুৱাকৈ ৫৬ ৰাণ সংগ্ৰহ কৰিছে। হাতত দুটা দিনতকৈয়ো অধিক সময় থকা অৱস্থাত বাংলাদেশক জয়ৰ বাবে এতিয়াও ৪৫৯ ৰানৰ প্ৰয়োজন। এনে অৱস্থাত দলটোৰ জয় প্ৰায় অসম্ভৱ হিচাপেই ধাৰণা কৰা হৈছে।

Latest News