5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বাংলাদেশৰ বিপক্ষে আজি তৃতীয় টি-২০ঃ উত্তৰণ ঘটিব নেকি ৰিয়ানৰ!

বাংলাদেশৰ বিপক্ষে চলিত টি-২০ শৃংখলাৰ প্ৰথম দুখন মেচত বেটিঙৰ বাবে বিশেষ সুযোগ লাভ কৰা নাই ভাৰতীয় দলৰ সদস্য অসম সন্তান ৰিয়ান পৰাগে। প্ৰথমখন মেচত পৰাগে বেটিং কৰিবলৈ সুযোগ লাভ নকৰাৰ বিপৰীতে দ্বিতীয়খন মেচত ইনিংছৰ সামৰণিৰ ফালে বেটিঙৰ সুযোগ পায় আৰু ৬টা বলত ২টা ছয়েৰে ১৫ ৰান সংগ্ৰহ কৰি বিদায় লয়।

বাংলাদেশৰ বিপক্ষে আজি তৃতীয় টি-২০ঃ উত্তৰণ ঘটিব নেকি ৰিয়ানৰ!
ৰিয়ান পৰাগ
monjit-dutta
Monjit Dutta | Published: 12 Oct 2024 18:19 PM

বাংলাদেশৰ বিপক্ষে চলি থকা টি-২০ শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচত অৱতীৰ্ণ হ’ব ভাৰতীয় ক্ৰিকেট দল। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন। ইতিমধ্যে প্ৰথম দুখন মেচত জয়েৰে ভাৰতীয় দলে এই শৃংখলা হস্তগত কৰিছে। আজি আনুষ্ঠানিকতা ৰক্ষাৰ বাবে হায়দৰাবাদত তৃতীয় মেচত নামিব সূৰ্য বাহিনী। অৱশ্যে ভাৰতীয় দল পূৰ্ণ শক্তিৰেই মেচখনত নামি শৃংখলাত ৩-০ ব্যৱধানত হোৱাইট ৱাছ কৰাৰ সম্পূৰ্ণ চেষ্টা চলাব। শৃংখলাৰ প্ৰথম দুখন মেচত ভাৰতে আগবঢ়োৱা দুৰ্দমনীয় প্ৰদৰ্শনৰেই আশা কৰিছে অনুৰাগীয়ে।

তিনিখনীয়া মেচৰ শৃংখলাটোত সামগ্ৰিকভাৱে ভাৰতীয় দলৰ প্ৰতিগৰাকী খেলুৱৈয়েই দাঙি ধৰিছে আশানুৰূপ প্ৰদৰ্শন। বিশেষকৈ দুই অভিষেককাৰী যুৱ খেলুৱৈ মায়াংক যাদৱ আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াইছে। একেদৰে প্ৰায় তিনি বছৰৰ মূৰত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰা বৰুণ চক্ৰৱৰ্তীয়ে সুযোগৰ সদব্যৱহাৰ কৰিছে। যুৱ খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দলটোৰ সমুখত প্ৰায় নিষ্প্ৰভ হৈ পৰিছে ভ্ৰমণকাৰী বাংলাদেশ।

উল্লেখ্য যে এই শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় দলে বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰাৰ পিছত দ্বিতীয়খন মেচত ৮৬ ৰানত জয়লাভ কৰিছিল। এই দুয়োখন মেচতে অৱশ্যে বেটিঙৰ বাবে বিশেষ সুযোগ লাভ কৰা নাই ভাৰতীয় দলৰ সদস্য অসম সন্তান ৰিয়ান পৰাগে। প্ৰথমখন মেচত পৰাগে বেটিং কৰিবলৈ সুযোগ লাভ নকৰাৰ বিপৰীতে দ্বিতীয়খন মেচত ইনিংছৰ সামৰণিৰ ফালে বেটিঙৰ সুযোগ পায় আৰু ৬টা বলত ২টা ছয়েৰে ১৫ ৰান সংগ্ৰহ কৰি বিদায় লয়।

এই মেচখনত অৱশ্যে বেটিং ক্ৰমৰ নিম্নক্ৰমৰ ফালেহে ৰিয়ানে বেটিঙৰ সুযোগ পাইছিল। আনহাতে ৪ নম্বৰ স্থানত বেটিঙৰ সুযোগ লাভ কৰা যুৱ তাৰকা নীতিশ ৰেড্ডীয়ে বিস্ফোৰক বেটিঙেৰে ৭৪ ৰানৰ এক দুৰ্দান্ত ইনিংছ খেলিছিল। একেদৰে ৰিংকু সিঙে খেলিছিল ৫৩ ৰানৰ আন এক অৰ্ধশতকীয় ইনিংছ। ইফালে ভাৰতীয় দলৰ বলিঙৰ সম্যত ৰিয়ানে ২ অভাৰ বলিং কৰি ১৬ ৰান খৰচ কৰি এটা উইকেট লাভ কৰিছিল।

ইতিমধ্যে ৰিয়ানক ভাৰতীয় দলৰ এগৰাকী সম্ভাৱ্য তাৰকা হিচাপে পূৰ্বানুমান কৰিছে কেইবাগৰাকীও ক্ৰিকেট বিশেষজ্ঞই। শেহতীয়া টি-২০ শৃংখলাসমূহত ৰিয়ানক দলত অন্তৰ্ভুক্ত কৰি বিচিচিআইয়েও ৰিয়ানৰ ওপৰত আস্থা প্ৰকাশ কৰিছে। গতিকে পূৰ্বৰ দুখন মেচত বেটিঙৰ বাবে বিশেষ সুযোগ নোপোৱা ৰিয়ানক আজি নিজকে প্ৰমাণ কৰাৰ সুযোগ দি বেটিং ক্ৰমৰ ওপৰৰ ফালে দলে বেটিঙৰ সুবিধা দিয়াৰ সম্ভাৱনা আছে।

যদি আজি বেটিং ক্ৰমৰ ওপৰৰ ফালে ৰিয়ানে বেটিং কৰাৰ সুবিধা পায়, নিশ্চিতভাৱে এই সুযোগ কাৰ্যকৰী কৰাৰ চেষ্টা চলাব। অৱশ্যে এগৰাকী ফিনিচাৰ হিচাপেও হয়তো ৰিয়ানক দলত ভূমিকা প্ৰদানৰ বাবেও চিন্তা-চৰ্চা কৰিব পাৰে ব’ৰ্ডে। যদি তেনে হয়, আজিৰ মেচখনতো ৰিয়ানে বেটিং ক্ৰমৰ নিম্ন ক্ৰমৰ ফালেহে বেটিং কৰাৰ সুযোগ পাব।

Latest News