হায়দৰাবাদত ‘নৱাবী’ বেটিং চেমচনৰঃ বাউণ্ডেৰীৰ বৰষুণেৰে কেইবাটাও ৰেকৰ্ড গঢ়িলে ভাৰতে
আজি হায়দৰাবাদত চলি থকা বাংলাদেশৰ বিপক্ষে টি-২০ শৃংখলাৰ অন্তিমখন মেচত ভাৰতীয় দলে গঢ়িছে ৰানৰ পাহাৰ। সঞ্জু চেমচনৰ বিস্ফোৰক শতকৰ লগতে অধিনায়ক সূৰ্যৰ অৰ্ধশতক আৰু শেষৰ ফালে ৰিয়ান, পাণ্ডিয়াৰ আক্ৰমণাত্মক বেটিঙেৰে ভাৰতে ৬ উইকেটত ২৯৭ ৰানৰ বিশাল স্ক’ৰ থিয় কৰায়।
সঞ্জু চেমচন। বিগত কেইবাটাও বছৰ ধৰি ভাৰতীয় ক্ৰিকেটত চৰ্চাত আছে কেৰালাৰ এই তাৰকা ক্ৰিকেটাৰগৰাকীৰ নাম। অনন্য প্ৰতিভাশালী এই তাৰকাগৰাকী জাতীয় দলত প্ৰায়ে উপেক্ষিত হৈ ৰয় বুলি অভিযোগ উঠি আহিছে। সুযোগ লাভ কৰিলেও বহুসময়ত দুৰ্ভাগ্যৱশতঃ নিজৰ উইকেট হেৰুৱাই সুযোগ কাৰ্যকৰী কৰাত ব্যৰ্থও হয়। পিছে আজি হায়দৰাবাদত অনুষ্ঠিত হোৱা বাংলাদেশৰ বিপক্ষে টি-২০ শৃংখলাৰ অন্তিমখন মেচত এই সুযোগ অথলে যাবলৈ নিদিলে চেমচনে। দুৰন্ত বেটিঙেৰে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে আজি বাংলাদেশৰ বিৰুদ্ধে এক দুৰ্দান্ত শতক অৰ্জন কৰে।
আৰম্ভণিৰে পৰা আক্ৰমণাত্মক শৈলীৰে বেটিং আগবঢ়াই নিয়া সঞ্জু চেমচনে মাত্ৰ ৪০টা বলত শতক অৰ্জন কৰি বাংলাদেশী বলিং লাইন আপক বিধ্বস্ত কৰি তোলে। মাত্ৰ ৪৭টা বলত ১১টা চাৰি আৰু ৮টা ছয়েৰে কেৰিয়াৰ শ্ৰেষ্ঠ ১১১ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলে চেমচনে। এইদৰে টি-২০ আন্তঃৰাষ্ট্ৰীয়ত দেশৰ দ্বিতীয় দ্ৰুততম শতকৰ অধিকাৰী হয় তাৰকাগৰাকী। ৰিছাদ হুছেইনৰ এটা অভাৰত একেলেথাৰিয়ে পাঁচটা ছয় কোবাই সমকলোকে চমকিত কৰি তোলে চেমচনে।
অৱশ্যে কেৱল চেমচনেই নহয়, হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত চলি থকা এই মেচখনত ভাৰতীয় দলৰ প্ৰতিগৰাকী বেটাৰেই নিৰ্দয় প্ৰহাৰেৰে বিপৰ্যস্ত কৰি তোলে বাংলাদেশক। ৬ উইকেটত ২৯৭ ৰানৰ বিশাল স্ক’ৰ থিয় কৰি ভাৰতীয় দলে কেইবাটাও অভিলেখ ৰচনা কৰিছে। ভাৰতৰ এই বিশাল স্ক’ৰৰ মূলতে ভাৰতীয় বেটাৰসকলৰ দুৰ্জয় বেটিং। চেমচনৰ লগতে অধিনায়ক সূৰ্য, ৰিয়ান আৰু পাণ্ডিয়াই ধৰাশায়ী কৰি তোলে বাংলাদেশক।
অধিনায়কোচিত বেটিঙেৰে সূৰ্যই মাত্ৰ ৩৫টা বলত ৮টা চাৰি আৰু ৫টা ছয়েৰে ৭৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও ৰিয়ান পৰাগে ১৩টা বলত ১টা চাৰি আৰু ৪টা ছয়েৰে ৩৪ ৰান সংগ্ৰহ কৰে। আনহাতে, হাৰ্দিক পাণ্ডিয়াই ১৮টা বলত ৪টাকৈ চাৰি আৰু ছয়েৰে ৪৭ ৰানৰ আন এক বিস্ফোৰক ইনিংছ খেলে। ভাৰতীয় বেটাৰৰ এই তাণ্ডৱত দিশহাৰা হৈ পৰা বাংলাদেশৰ প্ৰতিগৰাকী বলাৰৰ ইক’নমি ৰেট ১১তকৈ উৰ্ধলৈ যোৱা দেখা যায়।
এই বৃ্হৎ স্ক’ৰেৰে টেষ্ট খেলা যিকোনো দেশৰ ভিতৰত সৰ্বাধিক ৰানৰ অভিলেখ গঢ়ি তোলে ভাৰতে। সমান্তৰালকৈ টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ এটা ইনিংছত সৰ্বাধিক বাউণ্ডেৰীৰ অভিলেখো ভাৰতীয় দলে ৰচনা কৰে। ইফালে বাংলাদেশৰ প্ৰতিগৰাকী বলাৰেই আজি নিজ স্পেলত ৪০তকৈ অধিক ৰান খৰচ কৰে। ইয়াৰ পূৰ্বে মাত্ৰ তিনিবাৰহে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এনে অনাকাংক্ষিত ৰেকৰ্ডৰ অধিকাৰী হৈছে কোনো দলৰ বলাৰ।
ইফালে ভাৰতীয় দলে বান্ধি দিয়া এই বৃ্হৎ লক্ষ্য অনুসৰণ কৰি বাংলাদেশে ইনিংছৰ প্ৰথমটো বলতে উজুটি খায়। মায়াংক যাদৱে প্ৰথমটো বলতে পাৰভেজ হুছেইন ইমনক বিদায় দিয়ে। ইয়াৰ পিছত অৱশ্যে বাংলাদেশে কিছু প্ৰতিৰোধ গঢ়ি তুলি ইনিংছ আগুৱাই নিছে। বাতৰি লিখা পৰলৈ বাংলাদেশে ১৬.৩ অভাৰত ৬টা উইকেট হেৰুৱাই ১৩৮ ৰান সংগ্ৰহ কৰিছে। দলটোক জয়ৰ বাবে এতিয়াও ২১টা বলত ১৬০ৰানৰ প্ৰয়োজন। এনে পৰিস্থিতিত দলটোৰ পৰাজয় নিশ্চিত হৈ পৰিছে।