বাংলাদেশৰ বিপক্ষে প্ৰথম টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণাঃ দললৈ আমন্ত্ৰিত যুৱ পেচাৰ… | India vs Bangladesh team India squad announced for 1st test Rishabh Pant Yash Dayal Assam news - Assam Tv9

বাংলাদেশৰ বিপক্ষে প্ৰথম টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণাঃ দললৈ আমন্ত্ৰিত যুৱ পেচাৰ…

Published: 

08 Sep 2024 23:22 PM

অহা ১৯ ছেপ্টেম্বৰৰ পৰা বাংলাদেশৰ বিপক্ষে আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টৰ বাবে আজি বিচিচিআইয়ে ভাৰতীয় দল ঘোষণা কৰিছে। এই ১৬ জনীয়া দলটোত প্ৰায় দুবছৰৰ মূৰত টেষ্ট শৃংখলালৈ প্ৰত্যাৱৰ্তন ঘতাবলৈ সাজু হোৱা ঋষভ পণ্টক অন্তৰ্ভুক্ত কৰা হৈছে। দলত প্ৰথমবাৰৰ বাবে স্থান পাইছে এগৰাকী যুৱ পেচাৰে।

বাংলাদেশৰ বিপক্ষে প্ৰথম টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণাঃ দললৈ আমন্ত্ৰিত যুৱ পেচাৰ…

ভাৰতীয় ক্ৰিকেট দল

Follow Us On

বাংলাদেশৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাৰ প্ৰথমখন মেচৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে বিচিচিআইয়ে। ৰোহিত শৰ্মাৰ নেতৃত্বত ১৬ জনীয়া এই দলটোলৈ আশা কৰাৰ দৰেই প্ৰত্যাৱৰ্তন ঘটিছে তাৰকাত্ৰয় বিৰাট কোহলী, ঋষভ পণ্ট যশপ্ৰীত বুমৰাহৰ। অভিজ্ঞ তাৰকা কে এল ৰাহুলৰো প্ৰত্যাৱৰ্তন ঘটিছে দললৈ। আনহাতে পুনৰ এবাৰ উপেক্ষিত হৈছে এসময়ত ভাৰতীয় টেষ্ট দলত বেটিং লাইন আপৰ অন্যতম প্ৰধান স্তম্ভ হিচাপে বিবেচিত হোৱা দুই অভিজ্ঞ বেটাৰ আজিংক্যা ৰাহানে আৰু চেটেশ্বৰ পূজাৰা।

ঘোষিত এই দলটোত একমাত্ৰ নতুন মুখ হিচাপে দলত স্থান পাইছে পেচাৰ য়শ দয়ালে। প্ৰথমবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দললৈ আমন্ত্ৰণ লাভ কৰিছে বাওঁহতীয়া পেচাৰগৰাকীয়ে। চলিত দুলীপ ট্ৰফীত দাঙি ধৰা আশানুৰূপ প্ৰদৰ্শনৰ সুবাদত জাতীয় দলৰ দ্বাৰ মুকলিখৈছে দয়ালৰ বাবে। আনহাতে ইংলেণ্ডৰ বিৰুদ্ধে শেহতীয়া টেষ্ট শৃংখলাত অভিষেক ঘটোৱা আন এগৰাকী যুৱ পেচাৰ আকাশ দীপকো ১৬ জনীয়া এই দলটোত স্থান দিয়া হৈছে।

এই শৃংখলাৰ জৰিয়তেই প্ৰায় দুটা বছৰৰ পিছত ভাৰতীয় টেষ্ট দললৈ প্ৰত্যাৱৰ্তন ঘটিব ঋষভ পণ্টৰ। পথ দুৰ্ঘটনাত নিশ্চিত মৃত্যুৰ মুখৰ পৰা বাচি অহা পণ্টে গুৰুতৰ আঘাতৰ বাবে দীৰ্ঘদিন খেলপথাৰৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাৰ পিছত ইতিমধ্যে সীমিত অভাৰৰ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটাইছে। এতিয়া টেষ্ট দললৈ পণ্টৰ প্ৰত্যাৱৰ্তনে ভাৰতীয় দলৰ শক্তি বৃদ্ধি কৰিব। লক্ষণীয়ভাৱে আাঘাতৰ পূৰ্বে বাংলাদেশৰ বিপক্ষেই অন্তিমখন টেষ্ট খেলিছিল পণ্টে।

ইফালে দ্বিতীয় সন্তানৰ জন্মৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত বিশ্ৰাম লোৱা বিৰাট কোহলীকো দেখা যাব এই শৃংখলাত। আনহাতে দলৰ বলিং আক্ৰমণৰ প্ৰধান হোতা তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহক নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিপক্ষে শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি এই শৃংখলাত জিৰণি দিয়া হ’ব পাৰে বুলি চৰ্চা চলিছিল যদিও ঘোষিত দলটোত তেওঁকো স্থান দিয়া হৈছে। অৱশ্যে দ্বিতীয় টেষ্টত বুমৰাহক জিৰণি দিয়াৰ ইংগিতো প্ৰদান কৰিছে বাছনি সমিতিয়ে।

এই দলটোত পণ্টৰ লগতে বিকল্প উইকেটৰক্ষক হিচাপে ধ্ৰুৱ জুৰেলকো স্থান দিয়া হৈছে। ইংলেণ্ডৰ বিপক্ষে শৃংখলাত জুৰেলে নিজৰ প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। উক্ত শৃংখলাটোৰ জৰিয়তে জাতীয় দলৰ হৈ অভিষেক ঘটোৱা আন এগৰাকী যুৱ বেটাৰ ছৰফৰাজ খানৰ স্থান এই দলতো অটুট আছে। উল্লেখ্য যে দুখন মেচৰ এই টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ ১৯ ছেপ্টেম্বৰৰ পৰা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

প্ৰথম টেষ্টৰ বাবে ঘোষিত ভাৰতীয় দলঃ ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গিল, বিৰাট কোহলী, ছৰফৰাজ খান, কে এল ৰাহুল, ঋষভ পণ্ট, ধ্ৰুৱ জুৰেল, ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, অক্ষৰ পেটেল, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ , আকাশ দীপ আৰু যশ দয়াল।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version