5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অশ্বিন-জাদেজাৰ বেটিং বিক্ৰমত ছন্দপতন বাংলাদেশৰঃ ভংগ শচীনৰ ৰেক’ৰ্ড

বাংলাদেশৰ বিপক্ষে আজিৰ পৰা আৰম্ভ হোৱা প্ৰথমখন টেষ্টত অশ্বিন-জাদেজা যুটিৰ চমকপ্ৰদ প্ৰদৰ্শনৰ সুবাদত আজি ভাৰতীয় ক্ৰিকেট দল এক সুদৃঢ় স্থিতিত উপনীত হৈছে। জাদেজা আৰু অশ্বিনে আজিৰ খেল সামৰণি পৰলৈকে সপ্তম উইকেটত ১৯৫ৰান যোগ দিছে। এইদৰে দুয়ো এক ঈৰ্ষণীয় কৃতিত্ব অৰ্জন কৰিছে।

অশ্বিন-জাদেজাৰ বেটিং বিক্ৰমত ছন্দপতন বাংলাদেশৰঃ ভংগ শচীনৰ ৰেক’ৰ্ড
চেন্নাইত অশ্বিন-জাদেজাৰ চমক
Follow Us
monjit-dutta
Monjit Dutta | Published: 19 Sep 2024 19:06 PM

যোৱা প্ৰায় এটা দশক ধৰি ভাৰতীয় ক্ৰিকেটৰ অন্যতম প্ৰধান শক্তি হিচাপে পৰিগণিত হৈ আহিছে তাৰকা অলৰাউণ্ডাৰদ্বয় ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজা। বিশেষকৈ টেষ্টত এই দুই তাৰকাৰ যুটি হৈ পৰিছে ভাৰতৰ বহু যুঁজৰ জয়ৰ নায়ক। এই স্পিন যুটিটো ভাৰতৰ মাটিত যিকোনো শক্তিশালী প্ৰতিপক্ষৰ বাবেই হৈ পৰে ত্ৰাসৰ কাৰণ। দুই তাৰকাৰ অসামান্য স্পিন ঘূৰ্ণীত সততে আত্মসমৰ্পণ কৰিবলৈ বাধ্য শক্তিশালী বেটিং লাইন আপো। কেৱল বলিঙতে নহয়, বিগত কেইবছৰমানৰ ভিতৰত বেটিঙত ভাৰতৰ অন্যতম ভৰসা হৈ পৰিছে এই দুই অভিজ্ঞ তাৰকা।

দুই তাৰকাৰ এই অভিজ্ঞতা আৰু গুৰুত্ব আজি পুনৰবাৰ প্ৰমাণিত হ’ল চেন্নাইত। বাংলাদেশৰ বিপক্ষে আজিৰ পৰা আৰম্ভ হোৱা প্ৰথমখন টেষ্টত অশ্বিন-জাদেজা যুটিৰ চমকপ্ৰদ প্ৰদৰ্শনৰ সুবাদতে আজি ভাৰতীয় ক্ৰিকেট দল এক সুদৃঢ় স্থিতিত উপনীত হৈছে। বাংলাদেশৰ বলিং আক্ৰমণত দিশহাৰা হৈ পৰা ভাৰতীয় দলে ১৪৪ ৰানতে প্ৰথম ৬টা উইকেট হেৰুৱাই পৰিছিল বিপৰ্যয়ত।

এনে পৰিস্থিতিত ভাৰতীয় দলৰ এক শক্তিশালী স্ক’ৰৰ আশা প্ৰায় দুৰূহ হৈ পৰিছিল। কিন্তু এই বিপৰ্যয়ৰ সময়ত দলৰ ত্ৰাণকৰ্তাৰ ৰূপত ক্ৰীজত খোপনি পুতিছিল জাদেজা আৰু অশ্বিনে। দুয়ো এইপৰ্যন্ত সপ্তম উইকেটত ১৯৫ৰান যোগ দি দলক সংকটমুক্ত কৰাই নহয়, এক শক্তিশালী স্থিতিতো উপনীত কৰাইছে। এইদৰে দুয়ো তাৰকাই ভাৰতী ক্ৰিকেট ইতিহাসত এক অনন্য অভিলেখো ৰচনা কৰিছে।

লক্ষণীয়ভাৱে এই অভিলেখ সৃষ্টিৰ দিশত অশ্বিন জাদেজাই অতিক্ৰম কৰিছে ভাৰতীয় ক্ৰিকেটৰ দুই কিংবদন্তি শচীন টেণ্ডুলকাৰ আৰু জাহিৰ খানক। টেষ্ট ক্ৰিকেটত শচীন আৰু জাহিৰ খানৰ নামত থকা ২০ বৰ্ষীয় পুৰণি ভাৰতীয় অভিলেখ আজি ভংগ কৰিছে অশ্বিন আৰু জাদেজাৰ যুটিয়ে। বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ হৈ সপ্তম উইকেট বা তাৰ তলৰ বেটিং ক্ৰমত সৰ্বোচ্চ ৰানৰ যুটিৰ ৰেকৰ্ড গঢ়িছে অশ্বিন-জাদেজাই।

ইয়াৰ পূৰ্বে এই অভিলেখ আছিল শচীন আৰু জাহীৰৰ নামত। ২০০৪ চনত ঢাকা টেষ্টত শচীন আৰু জাহীৰে দশম উইকেটৰ বাবে ১৩৩ ৰান সংযোজন কৰিছিল। কিন্তু আজি জাদেজা আৰু অশ্বিনে সপ্তম উইকেটত অপৰাজিত ১৯৫ ৰানৰ যুটি বান্ধি নতুন অভিলেখ ৰচিছে। আজি অপৰাজিত হৈ থকা এই দুই তাৰকাই কাইলৈ এই অভিলেখ অধিক শক্তিশালী কৰি তোলাৰ সুযোগ পাব।

উল্লেখ্য যে আজি প্ৰথম দিনাৰ খেল সামৰণিৰ পৰলৈ অশ্বিন আৰু জাদেজাৰ এই প্ৰদৰ্শনৰ সুবাদত ভাৰতে ৬ উইকেটত ৩৩৯ ৰান সংগ্ৰহ কৰে। অশ্বিনে ১০২ ৰান আৰু জাদেজাই ৮৬ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়। অপেনাৰ যশস্বী জয়ছোৱালে ৫৬ আৰু প্ৰায় দুবছৰৰ পিছত টেষ্ট ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটোৱা ঋষভ পণ্টে ৩৯ ৰাণৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।

Latest News