ইংলেণ্ডৰ বিপক্ষে আজি দ্বিতীয় মেচঃ আঘাত জৰ্জৰিত ভাৰতীয় শিবিৰ, অনিশ্চিত অভিষেক
প্ৰথম মেচত জয়েৰে ইংলেণ্ডৰ বিপক্ষে টি-২০ শৃংখলাত শক্তিশালী আৰম্ভণি ঘটোৱাৰ পিছত আজি দ্বিতীয় মেচত অৱতীৰ্ণ হ’ব ভাৰতীয় দল। কিন্তু এই মেচখনৰ পূৰ্বে আঘাতৰ সমস্যাই চিন্তাত পেলাইছে ভাৰতক। আঘাতৰ সন্মুখীন হৈছে প্ৰথম মেচৰ জয়ৰ অন্যতম নায়ক অভিষেক শৰ্মা।
ইংলেণ্ডৰ বিপক্ষে চলিত টি-২০ শৃংখলাত শক্তিশালী আৰম্ভণি ঘটাইছে ভাৰতীয় দলে। শৃংখলাৰ প্ৰথমখন মেচত বুধবাৰে ভাৰতীয় দলে দুৰন্ত অলৰাউণ্ড প্ৰদৰ্শনেৰে ভ্ৰমণকাৰী দলটোক ৭ উইকেটত পৰাস্ত কৰি ১-০ৰ অগ্ৰগতি লাভ কৰিছে। ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা এই মেচখনত ভাৰতীয় দলে প্ৰথমৰ পৰাই দাঙি ধৰিছিল আগ্ৰাসী প্ৰদৰ্শন। প্ৰথমে ভাৰতীয় বলিং আক্ৰমণে ইংৰাজ বেটিং লাইন আপক প্ৰায় দিশহাৰা কৰি মাত্ৰ ১৩২ ৰানৰ স্ক’ৰতে বান্ধি ৰখাৰ পিছত বিস্ফোৰক বেটিঙেৰে জয়ৰ লক্ষ্য মাত্ৰ ১২.৫ অভাৰতে অতিক্ৰম কৰিছিল ভাৰতে।
এই মেচখনত দলৰ প্ৰতিগৰাকী খেলুৱৈয়েই উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াইছিল যদিও স্পিনাৰ বৰুণ চক্ৰৱৰ্তী আৰু অপেনিং বেটাৰ অভিষেক শৰ্মাৰ প্ৰদৰ্শন আছিল অত্যন্ত চক্তু লগা। জাতীয় দললৈ প্ৰত্যাৱৰ্তনৰ পিছৰে পৰা ধাৰাবাহিকতা প্ৰদৰ্শন কৰা বৰুণে ৩টাকৈ উইকেট দখল কৰি ইংলেণ্ডক বিপৰ্যস্ত কৰি তোলাৰ বিপৰীতে অভিষেক শৰ্মাই ইনিংছৰ আৰম্ভণিৰ পৰাই বিস্ফোৰক বেটিঙেৰে দলক সহজেই জয়ৰ লক্ষ্যত উপনীত কৰাইছিল।
ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা প্ৰথম মেচত এই চমকপ্ৰদ জয়ৰ আত্মবিশ্বাসেৰেই আজি চেন্নাই এম এ চিদাম্বৰম ষ্টেডিয়ামত দ্বিতীয়খন মেচত নামিব ভাৰতীয় দল। কিন্তু এই মেচখনৰ পূৰ্বে আঘাতৰ সমস্যাই চিন্তাত পেলাইছে ভাৰতক। আঘাতৰ সন্মুখীন হৈছে প্ৰথম মেচৰ জয়ৰ অন্যতম নায়ক অভিষেক শৰ্মা। অনুশীলনৰ সময়তে ভৰিত পোৱা আঘাতৰ বাবে অভিষেক এই মেচখনত অনিশ্বিত হৈ পৰিছে বুলি এক প্ৰতিবেদনে দাবী কৰিছে।
শৃংখলাৰ প্ৰথমখন মেচৰ পাছতে বৃহস্পতিবাৰে চেন্নাইত উপস্থিত হয় ভাৰতীয় দল আৰু দ্বিতীয় মেচৰ বাবে শুকুৰবাৰে অনুশীলনত নামি পৰে। তথ্য অনুসৰি এই অনুশীলনৰ সময়তে গোৰোহাত মোচোকা খায় অভিষেকে। এই আঘাতৰ ফলত যুৱ তাৰকাগৰাকীয়ে আনকি খোজ কঢ়াতো অসুবিধাৰ সন্মুখীন হোৱা বুলি প্ৰতিবেদনৰ উল্লেখ কৰা হৈছে। এনে অৱস্থাত অনুশীলন ত্যাগ কৰি ড্ৰেছিং ৰুমলৈ ঘূৰি যাবলৈ বাধ্য হৈছিল অপেনিং বেটাৰগৰাকী।
অভিষেকৰ এই আঘাত কিমান গুৰুতৰ সেই সন্দৰ্ভত অৱশ্যে ভাৰতীয় দল তথা বিচিচিআইয়ে এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই। কিন্তু অনুশীলনস্থলীৰ পৰা প্ৰকাশ পোৱা ছবিয়ে খেলুৱৈগৰাকীৰ আঘাত কিছু গুৰুতৰ হোৱাৰ সম্ভাৱনাই প্ৰকট কৰি তুলিছে। যদি অভিষেকে এই মেচত খেলিব নোৱাৰে, তেতিয়া চেমচনৰ সৈতে ভাৰতীয় দলৰ ইনিংছ মুকলি কৰাৰ দায়িত্ব কোনে ল’ব সেয়াও চৰ্চাৰ বিষয়।
চেমচন আৰু অভিষেকৰ বাদে ইংলেণ্ডৰ বিপক্ষে শৃংখলাটোৰ বাবে ঘোষিত দলত বিকল্প অপেনাৰ নাই। তেনে পৰিস্থিতিত পূৰ্বৰ অভিজ্ঞতালৈ চাই অধিনায়ক সূৰ্যকুমাৰ যাদৱেই এই ভূমিকা পালন কৰিব পাৰে। অৱশ্যে তিলক বাৰ্মাকো চেমচনৰ সৈতে অপেনিং যুটিত দেখাৰ সম্ভাৱনা আছে। লক্ষণীয়ভাৱে অভিষেকত লগতে দলৰ অভিজ্ঞ তাৰকা মহম্মদ ছামিৰ ফিটনেছ সন্দৰ্ভতো চৰ্চা চলিছে।
শৃংখালাৰ প্ৰথম মেচতো মূল একাদশত নাছিল ছামি। অনুশীলনৰ সময়ত ছামিক কিছু অস্বস্তিত ভুগি থকা যেনো দেখিবলৈ পোৱা গৈছিল। সেয়ে দ্বিতীয় মেচতো ছামিৰ অংশগ্ৰহণ নিশ্চিত হোৱা নাই। ইডেনত অনুষ্ঠিত মেচখনত কেৱল অৰ্শদীপ সিঙেই মুখ্য পেচাৰ হিচাপে মূল একাদশত আছিল। দলৰ দ্বিতীয় পেচাৰ হিচাপে ভূমিকা পালন কৰিছিল পাণ্ডিয়াই। আজি চেন্নাইত ভাৰতে মূল একাদশত কাক কাক স্থান দিয়ে সেয়া হ’ব লক্ষণীয়।