শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৱাংখেড়েত দুৰন্ত অভিষেকৰ ছয়-চাৰিৰ ফুলজাৰিঃ উঠিলে ৰেকৰ্ডৰ জোৱাৰ

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত আজি অনুষ্ঠিত হয় ভাৰত আৰু ইংলেণ্ডৰ টি-২০ শৃংখলাৰ পঞ্চম তথা অন্তিমখন মেচ। ভাৰতীয় দলে দুৰন্ত প্ৰদৰ্শনেৰে এই মেচখন প্ৰতিগৰাকী ভাৰতীয় অনুৰাগীৰ বাবে কৰি তুলিলে উপভোগ্য। বিশেষকৈ দলৰ যুৱ তাৰকা অভিষেক শৰ্মাই বিধ্বংসী ৰূপ ধাৰণ কৰি দমনীয় প্ৰদৰ্শনেৰে দিশহাৰা কৰি তুলিলে ইংৰাজ বাহিনীক।

ৱাংখেড়েত দুৰন্ত অভিষেকৰ ছয়-চাৰিৰ ফুলজাৰিঃ উঠিলে ৰেকৰ্ডৰ জোৱাৰ
ৱাংখাড়েত অভিষেকৰ চমক
monjit-dutta
Monjit Dutta | Published: 02 Feb 2025 22:31 PM

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত আজি অনুষ্ঠিত হয় ভাৰত আৰু ইংলেণ্ডৰ টি-২০ শৃংখলাৰ পঞ্চম তথা অন্তিমখন মেচ। ইতিমধ্যেই ভাৰতীয় দলে শৃংখলা নিজৰ দখললৈ অনাৰ পিছত এই মেচখন আছিল কেৱল আনুষ্ঠানিকতা। পিছে এই মেচখনত আজি ভাৰতীয় দলে দুৰন্ত প্ৰদৰ্শনেৰে এই মেচখন প্ৰতিগৰাকী ভাৰতীয় অনুৰাগীৰ বাবে কৰি তুলিলে উপভোগ্য। বিশেষকৈ দলৰ যুৱ তাৰকা অভিষেক শৰ্মাই বিধ্বংসী ৰূপ ধাৰণ কৰি দমনীয় প্ৰদৰ্শনেৰে দিশহাৰা কৰি তুলিলে ইংৰাজ বাহিনীক। কেৱল বেটেৰেই নহয়, বলিঙেৰেও অভিষেক হৈ পৰিল আজি ভাৰতৰ জয়ৰ নায়ক।

প্ৰথমে বেটিং কৰি ভাৰতীয় দলে ইনিংছৰ আৰম্ভণিতেই অপেনাৰ চেমচনৰ উইকেট হেৰুৱাইছিল যদিও ইংৰাজ বাহিনীৰ বলাৰক ইয়াৰ সুযোগ ল’বলৈ নিদিলে অভিষেকে। প্ৰথম অৱস্থাৰ পৰাই স্বভাৱসিদ্ধ আক্ৰমণাত্মক বেটিঙেৰে ইংলেণ্ডৰ বলিং আক্ৰমণক দিশহাৰা কৰি তোলে যুৱ বেটাৰগৰাকীয়ে। ৱাংখাড়েৰ বুকুত ছয়-চাৰিৰ ফুলজাৰি দেখুৱাই অভিষেকে তোলে ৰানৰ লহৰ। ইনিংছৰ ১৮ সংখ্যক অভাৰত আউট হোৱালৈকে অভিষেকে মাত্ৰ ৫৪টা বলত খেলে ১৩৫ ৰানৰ মাৰমুখী ইনিংছ।

এই বিস্ফোৰক ইনিংছটোত যুৱ তাৰকাগৰাকীয়ে কোবায় ৭টা চাৰি আৰু ১৩টা ছয়। এনে নিৰ্দয় বেটিঙেৰে ইংৰাজ বাহিনীক বিধ্বস্ত কৰাৰ সমান্তৰালকৈ অভিষেকে গঢ়ে আন কেইবাটাও ঈৰ্ষণীয় অভিলেখ। ভাৰতৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ব্যক্তিগত স্ক’ৰৰ অধিকাৰী হয় অভিষেক শৰ্মা। মাত্ৰ ৩৭টা বলত শতক সম্পূৰ্ণ কৰি তেওঁ ৰোহিত আৰু ডেভিড মিলাৰৰ (৩৫টা বল) পিছত দ্বিতীয় দ্ৰুততম শতকৰো অধিকাৰী হয়।

তদুপৰি ভাৰতৰ হৈ টি-২০ৰ এটা ইনিংছত সৰ্বাধিক ছয় কোবোৱাৰ ৰেকৰ্ডো নিজৰ নামত সন্নিৱিষ্ট কৰে অভিষেকে। লগতে মাত্ৰ ১৭টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰি তেওঁ যুৱৰাজ সিঙৰ পিছতে ভাৰতৰ হৈ দ্বিতীয় দ্ৰুততম অৰ্ধশতকৰ ৰেকৰ্ডো গঢ়ে। ইয়াৰ সমান্তৰালকৈ পাৱাৰ প্লে’ৰ সময়তে ব্যক্তিগতভাৱে ৫৪ ৰান সংগ্ৰহ কৰি তেওঁ পাৱাৰ প্লে’ৰ ভিতৰত ভাৰতীয় হিচাপে সৰ্বাধিক ব্যক্তিগত স্ক’ৰৰ অধিকাৰী হয়। একেদৰে ইনিংছৰ ১০.১ অভাৰতে শতক সম্পূৰ্ণ কৰি অভাৰৰ ক্ষেত্ৰত দ্ৰুততম শতকৰো ৰেকৰ্ড গঢ়ে অভিষেকে।

ইফালে ইংলেণ্ডৰ বেটিঙৰ সময়ত বল হাতত লৈয়ো সাফল্য লাভ কৰে যুৱ তাৰকাগৰাকীয়ে। মাত্ৰ ১ অভাৰ বল কৰি ৩ ৰানৰ বিনিময়ত ২টা উইকেট দখল কৰি অভিষেকে টি-২০ৰ এটা ইনিংছত শতকৰ লগতে দুটা উইকেট দখল কৰা প্ৰথম খেলুৱৈ ৰূপে পৰিগণিত হয়। অভিষেকৰ এই বিধ্বংসী বেটিঙৰ সুবাদতে ভাৰতে ২৪৭ ৰানৰ বৃ্হৎ স্ক’ৰ থিয় কৰায়। টি-২০ত ভাৰতৰ এয়া চতুৰ্থ সৰ্বাধিক স্ক’ৰ।

ইফালে পাৱাৰ প্লে’ৰ সময়ত ভাৰতে সংগ্ৰহ কৰে ১ উইকেটত ৯৫ ৰান। এয়া টি-২০ ক্ৰিকেটত ভাৰতীয় দলৰ এতিয়ালৈকে পাৱাৰ প্লে’ৰ সৰ্বোচ্চ স্ক’ৰ। মেচখনত বেটিঙৰ সমান্তৰালকৈ ভাৰতীয় দলে বলিঙতো উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰে। ভাৰতীয় বলিং আক্ৰমণত দিশহাৰা হৈ ইংলেণ্ডে মাত্ৰ ৯৭ ৰানতে ইনিংছ সামৰে আৰু ভাৰতে ১৫০ ৰানত জয়লাভ কৰে। ৰানৰ ক্ষেত্ৰত ভাৰতৰ এয়া দ্বিতীয় সৰ্বাধিক ব্যৱধানৰ জয়।