চেন্নাইত অৰ্শদীপৰ সমুখত অনন্য ‘শতক’ অৰ্জনৰ সুযোগঃ সূৰ্যই গঢ়িব পাৰে এনে কৃতিত্ব

ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত পাঁচখনীয়া মেচৰ টি-২০ শৃংখলাৰ আজি দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব। চেন্নাইত আজি এক ৰোমাঞ্চকৰ প্ৰতিদ্বন্দিতাৰ আশা কৰিছে অনুৰাগীয়ে। লক্ষণীয়ভাৱে এই মেচখনত ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু তাৰকা পেচাৰ অৰ্শদীপ সিঙে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অনন্য কৃতিত্ব অৰ্জনৰ সুযোগ লাভ কৰিছে।

চেন্নাইত অৰ্শদীপৰ সমুখত অনন্য ‘শতক’ অৰ্জনৰ সুযোগঃ সূৰ্যই গঢ়িব পাৰে এনে কৃতিত্ব

অনুশীলনৰত ভাৰতীয় দল

Published: 

25 Jan 2025 12:47 PM

ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত পাঁচখনীয়া মেচৰ টি-২০ শৃংখলাৰ আজি দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব। ইডেন গাৰ্ডেনত অনুষ্ঠিত প্ৰথমখন মেচত ভাৰতীয় দলে দুৰন্ত প্ৰদৰ্শনেৰে ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰাৰ পিছত আজি দ্বিতীয় মেচতো জয়েৰে নিশ্চিতভাৱে ব্যৱধান বৃদ্ধিৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন। আনহাতে প্ৰথম মেচত পৰাস্ত হোৱাৰ পিছত ইংলেণ্ডেও স্বাভাৱিকতেই আজি জয়েৰে শৃংখলাত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাব। এনে পৰিস্থিতিত চেন্নাইত আজি এক ৰোমাঞ্চকৰ প্ৰতিদ্বন্দিতাৰ আশা কৰিছে অনুৰাগীয়ে।

লক্ষণীয়ভাৱে এই মেচখনত ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু তাৰকা পেচাৰ অৰ্শদীপ সিঙে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অনন্য কৃতিত্ব অৰ্জনৰ সুযোগ লাভ কৰিছে। ৰোহিত শৰ্মাৰ অৱসৰৰ পিছত ভাৰতীয় টি-২০ দলৰ অধিনায়ক হিচাপে দায়িত্ব লাভ কৰা সূৰ্যকুমাৰ যাদৱ এইসময়ৰ অন্যতম শ্ৰেষ্ঠ টি-২০ ক্ৰিকেটাৰ। নিজৰ বিস্ফোৰক বেটিঙেৰে প্ৰতিপক্ষৰ বাবে মূৰৰ কামোৰণি হৈ পৰা সূৰ্যৰ ক্ৰীজত থকা মানেই ছয়-চাৰিৰ ফুলজাৰি।

এই পৰিচয়েৰেই সূৰ্যই এতিয়া এক অনন্য কৃতিত্ব অৰ্জনৰ দিশে আগবাঢ়িছে। এইপৰ্যন্ত সূৰ্যই টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ১৪৫টা ছয় কোবাইছে। অৰ্থাৎ আৰু মাত্ৰ ৫টা ছয় কোবালেই টি-২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ১৫০টা ছয় সম্পূৰ্ণ কৰিব। এইদৰে টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ১৫০ ছয় কোবোৱা দ্বিতীয়গৰাকী ভাৰতীয় বেটাৰ হিচাপে পৰিগণিত হ’ব। এইক্ষেত্ৰত সূৰ্যতকৈ আগত আছে কেৱল হিটমেন ৰোহিত শৰ্মা।

ইতিমধ্যেই টি-২০ৰ পৰা অৱসৰ লোৱা ৰোহিতে নিজ কেৰিয়াৰত ২০৫টা ছয় কোবাইছিল। ইয়াৰ উপৰিও সূৰ্যই টি-২০ ফৰ্মেটত সামগ্ৰিকভাৱে ৮ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ ওচৰ চাপিছে। বৰ্তমান টি-২০ ফৰ্মেটত যাদৱৰ নামত আছে ৭৮৭৫ ৰান। অৰ্থাৎ তেওঁক ৮ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ বাবে ১২৫ ৰানৰ প্ৰয়োজন। বিস্ফোৰক বেটিঙৰ বাবে পৰিচিত সূৰ্যই যদি ক্ৰীজত খোপনি পুতিব পাৰে, তেওঁৰ বাবে আজি চেন্নাইতে এই কৃতিত্ব অৰ্জনৰ পথ বিশেষ কঠিন নহ’ব।

ইফালে টি-২০ ফৰ্মেটত ভাৰতীয় দলৰ মুখ্য পেচাৰ হিচাপে আত্মপ্ৰকাশ কৰা অৰ্শদীপ সিঙেও আজি চেন্নাইত ইতিহাস ৰচাৰ সুযোগ লাভ কৰিব। ইতিপূৰ্বে কলকাতাত অনুষ্ঠিত প্ৰথমখন মেচত টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ভাৰতৰ সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হৈছিল অৰ্শদীপ। যুজবেন্দ্ৰ চাহালৰ নামত থকা ৯৬টা উইকেটৰ অভিলেখ ভংগ কৰি নিজৰ নামত এই অভিলেখ সংযোজিত কৰিছিল বাওঁহতীয়া পেচাৰগৰাকীয়ে।

এইপৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় টি-২০ত অৰ্শদীপে ৯৭টা উইকেট দখল কৰিছে। যদি আজি চেন্নাইত অৰ্শদীপে তিনিটা উইকেট দখল কৰিব পাৰে, তেতিয়া টি-২০ত উইকেটৰ শতক অৰ্জন কৰি আন এক ইতিহাস সৃষ্টি কৰিব পাৰিব অৰ্শদীপে। ইয়াৰ লগে লগে অৰ্শদীপ এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হ’ব।

প্ৰায়ে হয় নেকি ধনৰ সমস্যা? তেন্তে নকৰিব এই ভুল...
মাত্ৰ এমাহ এইদৰে ব্যৱহাৰ কৰক ভিটামিন E কেপচুল আৰু এলোভেৰা জেল, হৈ পৰিব ধুনীয়া
কোন ভাৰতীয়ই ত্ৰিৰংগাৰ ডিজাইন কৰিছিল?
কামাখ্যা মন্দিৰৰ ঐতিহাসিক 'মেখেলা উজোৱা' পথটোৰ ৰহস্যৰ বিষয়ে জানেনে?