5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বাংগালুৰু টেষ্টৰ আজি চতুৰ্থ দিনঃ কিৱি আক্ৰমণ প্ৰতিহত কৰি জয়ৰ পথ ল’ব পাৰিবনে ভাৰতে!

বাংগালুৰুত চলি থকা ভাৰত-নিউজিলেণ্ডৰ প্ৰথম টেষ্টৰ আজি চতুৰ্থ দিনা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব ভাৰত। নিউজিলেণ্ডৰ প্ৰথম স্ক’ৰৰ তুলনাত এতিয়াও ১২৫ ৰানত পিছ পৰি থকা ভাৰতীয় দলে আজি পৰাজয় ৰোধ কৰাৰ বাবে চেষ্টা চলাব নে জয়ৰ বাবে চেষ্টা চলাব, সেয়া হ’ব লক্ষণীয়।

বাংগালুৰু টেষ্টৰ আজি চতুৰ্থ দিনঃ কিৱি আক্ৰমণ প্ৰতিহত কৰি জয়ৰ পথ ল’ব পাৰিবনে ভাৰতে!
তৃতীয় দিনা অন্তিমটো বলত আউট হয় কোহলী
monjit-dutta
Monjit Dutta | Updated On: 19 Oct 2024 09:26 AM

বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত চলি থকা ভাৰত-নিউজিলেণ্ডৰ প্ৰথম টেষ্টৰ আজি চতুৰ্থ দিন। অপ্ৰত্যাশিত প্ৰথম ইনিংছৰ পিছত এতিয়াও এই টেষ্টখনত পৰাজয়ৰ গৰাহৰ পৰা উদ্ধাৰ হ’ব পৰা নাই ঘৰুৱা দল ভাৰত। শুকুৰবাৰে টেষ্টখনৰ তৃতীয় দিনটোত ৰোহিত বাহিনীয়ে প্ৰত্যাৱৰ্তনৰ পূৰ্ণ ইংগিত প্ৰদান কৰিলেও এইপৰ্যন্ত হ’ব পৰা নাই সংকটমুক্ত। হাতত এতিয়াও দুটা দিন বাকী থকা অৱস্থাত বাংগালুৰু টেষ্টত ভ্ৰমণকাৰী নিউজিলেণ্ড জয় নিশ্চিত কৰাকৈ এক শক্তিশালী স্থিতিত আছে। এনে পৰিস্থিতিত আজি ভাৰতীয় দলৰ সমুখত কঠিন প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে।

এতিয়া ভাৰতীয় দলে দুটা পৃথক লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হ’ব পাৰে- এফালে পৰাজয় ৰোধৰ চেষ্টা, আনফালে জয়ওৰ পথ গঢ়াৰ প্ৰচেষ্টা। এই দুয়োটা দিশতে লক্ষ্যত উপনীত হ’ব পৰাকৈ ভাৰতীয় দলৰ বেটিং লাইন আপ সক্ষম যদিও এইক্ষেত্ৰত ভাৰতীয় দলে কিৱি বাহিনীৰ পৰা যে কঠিন মোকাবিলাৰ সন্মুখীন হ’ব সেয়া নিশ্চিত। আজি চতুৰ্থ দিনৰ উইকেটে এইক্ষেত্ৰত ল’ব বিশেষ ভূমিকা।

উল্লেখ্য যে প্ৰথম ইনিংছত ভাৰতীয় দল শোচনীয়ভাৱে মাত্ৰ ৪৬ ৰানতে অলআউট হোৱাৰ পিছত নিউজিলেণ্ডে ৰচিন ৰবীন্দ্ৰৰ শতক আৰু ক’নৱে-চাউথীৰ অৰ্ধশতকৰ সহায়ত ৪০২ ৰান সংগ্ৰহ কৰি ৩৫৬ ৰানৰ বৃ্হৎ অগ্ৰগতি লাভ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত দ্বিতীয় ইনিংছ অত্যন্ত সাৱধানতাৰে আৰম্ভ কৰিছে ভাৰতে। কালি তৃতীয় দিনাৰ অন্তলৈ ভাৰতে তিনি উইকেটত ২৩১ ৰান সংগ্ৰহ কৰিছিল।

সফল আৰম্ভণিৰ পিছত ভাৰতীয় দলে অত্যন্ত ধৈৰ্যৰে ইনিংছ আগুৱাই নিছিল যদিও দিনটোৰ অন্তিমটো বলতআনাকাংক্ষিতভাৱে পতন ঘটিছিল বিৰাট কোহলীৰ উইকেট। ক্ৰীজত অত্যন্ত ধৈৰ্যৰে থিয় হৈ ইনিংছ আগুৱাই নিয়াৰ দায়িত্ব চম্ভালি লোৱা কোহলীয়ে দিনটোৰ অন্তিমটো বলত ৭০ ৰানত পেভিলিয়নলৈ উভতিবলগা হয়। আনহাতে অপৰাজিত হৈ আছে যুৱ খেলুৱৈ ছৰফৰাজ খান। আজি ছৰফৰাজৰ সৈতে ক্ৰীজত পণ্টৰ আগমন ঘটাৰ সম্ভাৱনা আছে।

আঘাতৰ বাবে নিউজিলেণ্ডৰ ইনিংছৰ আধাতে খেলপথাৰ এৰা পণ্টে পিছত পুনৰ খেলপথাৰত প্ৰৱেশ কৰা নাছিল আৰু এনে পৰিস্থিতিত ভাৰতীয় অনুৰাগীয়ে বিপদৰ আশংকা কৰিছিল। অৱশ্যে ভাৰতীয় বেটিঙৰ সময়ত পণ্ট পুনৰ বেটিঙৰ বাবে সাজু হৈ থকাৰ দৃশ্য ভাৰতীয় দল তথা অনুৰাগীৰ বাবে এক আশাৰ খবৰ হৈ পৰিছে। টেষ্টখনত সম্ভাৱ্য বিপদৰ সময়ত পণ্টে নিশ্চিতভাৱে দলৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগিব।

লক্ষণীয়ভাৱে নিউজিলেণ্ডৰ প্ৰথম ইনিংছৰ তুলনাত ভাৰত এতিয়াও ১২৫ ৰানত পিছ পৰি আছে। মেচখনত জয়ৰ লক্ষ্য ল’লে ভাৰতে এতিয়া দলীয় স্ক’ৰত অধিক ৰান সংযোগ কৰিব লাগিব। এই লক্ষ্যৰ দিশত আগবাঢ়িব পৰাকৈ ভাৰতৰ হাতত এতিয়াও ৭টা উইকেট বাকী আছে। গতিকে আজি অপৰাজিত ছৰফৰাজৰ লগতে পণ্ট, ৰাহুল, জাদেজা আৰু অশ্বিনৰ ভূমিকা লক্ষণীয় হ’ব।

ইফালে বাংগালুৰুত যোৱা নিশা বৰষুণৰ বাবে আজি দিনটোৰ বতৰক লৈ কিছু শংকাৰ সৃষ্টি হৈছিল যদিও আজি পুৱাৰ পৰা অৱশ্যে বৰষুণ হোৱা নাই। তথাপি এতিয়াও বাংগালুৰুত বৰষুণৰ সম্ভাৱনা নাইকিয়া হোৱা নাই। এতিয়াও চহৰখনত দেখা গৈছে ডাৱৰৰ উপস্থিতি। এনে অৱস্থাত দিনটোৰ যিকোনো সময়ত বৰষুণে বাধা দিয়াৰ সম্ভাৱনা আছে।

Latest News