বাংগালুৰু টেষ্টত পৰাস্ত ভাৰতঃ ৩৬ বছৰৰ পিছত ভাৰতত টেষ্ট জয় নিউজিলেণ্ডৰ | India vs New Zealand 1st test NZ beat India in Bengaluru first test win on indian soil in 36 years Assam news - Assam Tv9

বাংগালুৰু টেষ্টত পৰাস্ত ভাৰতঃ ৩৬ বছৰৰ পিছত ভাৰতত টেষ্ট জয় নিউজিলেণ্ডৰ

বাংগালুৰু টেষ্টত আজি ৮ উইকেটত সহজ জয়েৰে তিনিখনীয়া মেচৰ টেষ্ট শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিছে কিৱি বাহিনীয়ে। দলটোৱে সুদীৰ্ঘ ৩৬ বছৰৰ পিছত ভাৰতৰ মাটিত লাভ কৰিছে টেষ্ট জয়ৰ সোৱাদ। ইতিপূৰ্বে নিউজিলেণ্ডে ১৯৮৮ চনতে অন্তিমবাৰ ভাৰতত এখন টেষ্ট মেচত জয়লাভ কৰিছিল।

বাংগালুৰু টেষ্টত পৰাস্ত ভাৰতঃ ৩৬ বছৰৰ পিছত ভাৰতত টেষ্ট জয় নিউজিলেণ্ডৰ

নিউজিলেণ্ডৰ জয়ৰ অন্যতম নায়ক ৰচিন ৰবীন্দ্ৰ

Published: 

20 Oct 2024 13:44 PM

নিউজিলেণ্ডৰ বিপক্ষে টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত পৰাজয়ৰ সন্মুখীন হৈছে ভাৰতীয় দল। বাংগালুৰু টেষ্টত আজি ৮ উইকেটত সহজ জয়েৰে তিনিখনীয়া মেচৰ টেষ্ট শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিছে কিৱি বাহিনীয়ে। অৱশ্যে মেচখনত ভাৰতৰ পৰাজয় মেচৰ দ্বিতীয় দিনা ভাৰতে প্ৰথম ইনিংছত দাঙি ধৰা অপ্ৰত্যাশিত প্ৰদৰ্শনৰ পিছতে প্ৰায় নিশ্চিত হৈ পৰিছিল। আশা কৰাৰ দৰেই প্ৰথম ইনিংছৰ এই ব্যৰ্থতাৰ বাবেই আজি অন্তিম দিনা ঘৰুৱা ভূমিতে পৰাজয়ৰ গ্লানি সহিবলগীয়া হয় ৰোহিত বাহিনীয়ে আৰু কিৱি দলে অন্ত পেলায় এক দীৰ্ঘদিনীয়া প্ৰতীক্ষা।

বাংগালুৰু টেষ্টত এই জয় নিউজিলেণ্ডৰ বাবে একপ্ৰকাৰে ঐতিহাসিক হিচাপে বিবেচিত হৈছে। দলটোৱে সুদীৰ্ঘ ৩৬ বছৰৰ পিছত ভাৰতৰ মাটিত লাভ কৰিছে টেষ্ট জয়ৰ সোৱাদ। ইতিপূৰ্বে দলটোৱে ১৯৮৮ চনতে অন্তিমবাৰ ভাৰতত এখন টেষ্ট মেচত জয়লাভ কৰিছিল। মুম্বাইৰ ৱাংখেড়েত লাভ কৰা এই সাফল্যৰ ৩৬ বছৰৰ পিছত আজি বাংগালুৰুত জয়ৰ ধ্বজা উত্তোলন কৰে কিৱি বাহিনীয়ে।

নিউজিলেণ্ডৰ এই ঐতিহাসিক জয়ৰ মূল সূত্ৰধাৰ স্বৰূপ হৈ পৰে দলটোৰ পেচ আক্ৰমণ আৰু লগতে যুৱ তাৰকা ৰচিন ৰবীন্দ্ৰ। টেষ্টখনৰ প্ৰথম দিনটো বৰষুণৰ বাবে বাতিল হোৱাৰ পিছত দ্বিতীয় দিনা কিৱি পেচ আক্ৰমণত দিশহাৰা হৈ পৰা ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত শোচনীয় প্ৰদৰ্শন দাঙি ধৰি মাত্ৰ ৪৬ ৰানতে ইনিংছ সামৰিছিল। দলৰ মাত্ৰ দুগৰাকী বেটাৰ ক্ৰমে জয়ছোৱাল (১৩) আৰু পণ্টে (২০) স্পৰ্শ কৰিছিল দহকৰ সংখ্যা।

ভাৰতীয় দলৰ এই বিপৰ্যয়ৰ কাৰণ হৈ পৰা কিৱি পেচাৰদ্বয় মেট হেনৰীয়ে মাত্ৰ ১৫ ৰানত পাঁচটা আৰু উইলিয়াম অৰ’ৰকেই ২২ ৰানত চাৰিটা উইকেট দখল কৰিছিল। এটা উইকেট লাভ কৰিছিল অভিজ্ঞ টিম চাউথীয়ে। ইয়াৰ প্ৰত্যুত্তৰত নিউজিলেণ্ডে ৪০২ ৰান সংগ্ৰহ কৰি ৩৫৬ ৰানৰ বৃ্হৎ অগ্ৰগতিৰে জয়ৰ ভেটি প্ৰায় গঢ়ি তুলিছিল। ভাৰতীয় বেটাৰে ৰান সংগ্ৰহৰ বাবে কষ্ট কৰিবলগীয়া বাংগালুৰুৰ পিটছত ৰবীন্দ্ৰই খেলিছিল ১৩৪ ৰানৰ এক চমকপ্ৰদ ইনিংছ।

তেওঁৰ লগতে কনৱে‘ই ৯১ আৰু চাউথীয়ে ৬৫ ৰানৰ অৱদান আগবঢ়াইছিল। কিৱি বাহিনীৰ এই বৃ্হৎ অগ্ৰগতিৰ পিছত ইনিংছ পৰাজয়ৰ শংকাতে ভুগিছিল ভাৰতে। পিছে দ্বিতীয় ইনিংছত প্ৰথমে সবল প্ৰত্যাৱৰ্তনেৰে পৰাজয় বাদ, জয়ৰেই আশা জগাই তুলিছিল ভাৰতীয় দলে। দলৰ দুই মূল শক্তি অধিনায়ক ৰোহিতৰ  ৫২ ৰান আৰু পূৰ্ব অধিনায়ক কোহলীৰ ৭০ ৰানৰ অৰ্ধশতকীয় ইনিংছৰ পিছত ছৰফৰাজ আৰু পণ্টে ভাৰতীয় দল তথা অনুৰাগীৰ মনলৈ ঘূৰাই আনিছিল আশা।

নিজ কেৰিয়াৰৰ প্ৰথমটো শতকৰ ৰূপত ১৫০ ৰানৰ এক দৰ্শনীয় ইনিংছেৰে মেচখনলৈ ভাৰতীয় দলক ঘূৰাই আনিছিল ছৰফৰাজে। তেওঁক যোগ্য সহযোগ আগবঢ়াই কিৱি বাহিনীৰ সমুখত প্ৰতিৰোধ গঢ়ি তুলিছিল পণ্টেও। পিছে এক নিশ্চিত শতকৰ কাষ চাপিও পুনৰ এবাৰ ‘নাৰ্ভাছ ৯০’ৰ চিকাৰ হৈ ৯৯ ৰানত নিজৰ উইকেট হেৰুৱাই ১ ৰানৰ বাবে শতক বঞ্চিত হয় উইকেটকিপাৰ বেটাৰগৰাকী। ছৰফৰাজ আৰু পণ্টৰ বিদায়ৰ পিছতে পুনৰ পতন ঘটে ভাৰতৰ।

দুয়ো তাৰকাই দুৰন্ত প্ৰদৰ্শনেৰে জয়ৰ ৰেঙনি ফুটাই তুলিছিল যদিও তেওঁলোকৰ উইকেট পতনৰ পিছত ভাৰতীয় ইনিংছত পুনৰ আৰম্ভ হয় খহনীয়া। ৪৩৩ ৰানত পণ্টৰ উইকেটৰ পিছত ৪৬২ ৰানতে যৱনিকা পৰে ভাৰতীয় ইনিংছ। হেনৰী আৰু অৰ’ৰকেই দ্বিতীয় ইনিছতো তিনিটাকৈ উইকেট দখলেৰে ভাৰতীয় দলক পৰাজয়ৰ দিশলৈ ঠেলি দিয়ে। ইফালে জয়ৰ বাবে নিউজিলেণ্ডে লাভ কৰা ১০৭ ৰান লক্ষ্য যেন হৈ কেৱল আনুষ্ঠানিকতা ৰক্ষা।

মাত্ৰ দুটা উইকেট হেৰুওৱাই এই লক্ষ্যত আজি সহজে উপনীত হয় কিৱি বাহিনী। বুমৰাহে লাথাম আৰু উইকেট দখল কৰিছিল যদিও কিৱি ইনিংছত আৰু হানি ঘটবলৈ নিদিয়ে উইল ইয়ং-ৰবীন্দ্ৰই। দুয়ো ক্ৰমে ৪৮ আৰু ৩৯ ৰানৰ অপৰাজিত ইনিংছেৰে কিৱি দলটোৰ ৩৬ বৰ্ষীয় অপেক্ষাৰ অন্ত পেলায়। প্ৰথম ইনিংছৰ দৰ্শনীয় শতক আৰু দ্বিতীয় ইনিংছতো গুৰুত্বপূৰ্ণ ৩৯ ৰানৰ ইনিংছৰ বাবে ৰবীন্দ্ৰক মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচনা কৰা হয়।

প্ৰথম টেষ্টতে এই অনাকাংক্ষিত পৰাজয়ৰ পিছত এতিয়া শৃংখলাৰ আন দুখন টেষ্টত জয়েৰে ভাৰতীয় দলে নিশ্চিতভাৱে শৃংখলা জয়ৰ চেষ্টা চলাব। এইক্ষেত্ৰত ভাৰতীয় বেটিং আক্ৰমণৰ ফৰ্ম হ’ব অত্যন্ত গুৰুত্বপূৰ্ণ। শৃংখলাৰ অন্তিম দুখন মেচ ক্ৰমে ২৪ অক্টোবৰৰ পৰা পুনেত আৰু ১ নৱেম্বৰৰ পৰা মুম্বাইত অনুষ্ঠিত হ’ব।

ক'লা হৰিণ আৰু সাধাৰণ হৰিণৰ মাজত কি কি পাৰ্থক্য থাকে?
পাকিস্তানেই নহয়, ঘৰুৱা মাটিত টেষ্টত ভাৰতৰো হৈছে একেই গতি!
পুষ্পা ২ৰ আইটেম চঙত দেখা যাব ৮০০ কোটি টকা উপাৰ্জন কৰা বলীউডৰ অভিনেত্ৰীক!
ঘৰৰ এই দিশত ৰাখক গণেশৰ মূৰ্তি,সদায় থাকিব সুখ শান্তি, হ'ব সমৃদ্ধি...