পণ্টৰ পিছত আঘাতৰ বাবে খেলপথাৰ এৰিলে আন এগৰাকী তাৰকাইঃ হ’ব নেকি বিপদৰ খবৰ! | India vs New Zealand 1st test Yashasvi Jaiswal injured Rishabh Pant Assam news - Assam Tv9

পণ্টৰ পিছত আঘাতৰ বাবে খেলপথাৰ এৰিলে আন এগৰাকী তাৰকাইঃ হ’ব নেকি বিপদৰ খবৰ!

নিউজিলেণ্ডৰ বিপক্ষে প্ৰথমখন টেষ্টত পৰাজয়ৰ শংকাত ভুগিছে ভাৰতীয় দলে। দলৰ এই অপ্ৰত্যাশিত স্থিতিৰ পিছত ঋষভ পণ্টে লাভ কৰা আঘাত দলৰ বাবে আন এক বিপৰ্যয়ৰ খবৰ হৈ পৰিছে। পণ্টৰ পিছত দলৰ আন এগৰাকী তাৰকাই আজি আঘাতৰ বাবে খেলপথাৰ এৰিবলগীয়া হয়।

পণ্টৰ পিছত আঘাতৰ বাবে খেলপথাৰ এৰিলে আন এগৰাকী তাৰকাইঃ হ’ব নেকি বিপদৰ খবৰ!

পৰাজয়ৰ শংকাত ভাৰত

Published: 

18 Oct 2024 13:00 PM

এক অনাকাংক্ষিত প্ৰদৰ্শনেৰে প্ৰথম ইনিংছত শোচনীয়ভাৱে মাত্ৰ ৪৬ ৰানত অল আউট হোৱাৰ পিছত এতিয়া নিউজিলেণ্ডৰ বিপক্ষে প্ৰথমখন টেষ্টত পৰাজয়ৰ শংকাত ভুগিছে ভাৰতীয় দলে। ভাৰতৰ এই শোচনীয় প্ৰদৰ্শনৰ বিপৰীতে এই বৃ্হৎ স্ক’ৰৰ দিশে অগ্ৰসৰ হৈছে নিউজিলেণ্ড। ইতিমধ্যেই দলটোৱে লাভ কৰিছে এক বৃ্হৎ অগ্ৰগতি। এনে পৰিস্থিতিত মেচখনৰ দুটা দিন এতিয়াও বাকী থকা অৱস্থাত ভাৰতীয় দলৰ পৰাজয়ৰ সম্ভাৱনা অধিক গাঢ় হৈ পৰিছে। দলৰ এই অপ্ৰত্যাশিত স্থিতিৰ লগতে বৃহস্পতিবাৰে মেচৰ দ্বিতীয় দিনা ভাৰতীয় দল আন এক বিপদৰ সন্মুখীন হৈছিল।

ভাৰতীয় টেষ্ট দলৰ এক গুৰুত্বপূৰ্ণ সদস্য ঋষভ পণ্টে উইকেট কিপিং কৰি থকাৰ সময়তে আঁঠুত আঘাত লাভ কৰাৰ ফলত খেলপথাৰ এৰিবলগা হৈছিল। এই আঘাতৰ পিছত এইপৰ্যন্ত খেলপথাৰলৈ পুনৰ নমা নাই পণ্ট। পণ্টৰ এই আঘাত নিশ্চিতভাৱে ভাৰতীয় দলৰ বাবে এক বিপদস্বৰূপ হৈ পৰিছে। মেচখনত এনে এক দুৰ্বল স্থিতিৰ সময়ত পণ্টৰ আঘাতক লৈ চিন্তাত পৰা ভাৰতীয় দল আজি মেচৰ তৃতীয় দিনা আন এক আঘাতক লৈ চিন্তাত পৰে।

পণ্টৰ পিছত আজি আঘাতৰ সন্মুখীন হয় ভাৰতীয় ক্ৰিকেট দলৰ আন এগৰাকী গুৰুত্বপূৰ্ণ সদস্য। দ্বিতীয় দিনাৰ ৩ উইকেটত সংগ্ৰহ কৰা ১৮০ ৰানৰ পৰা আজি পুনৰ ইনিংছ আৰম্ভ কৰা নিউজিলেণ্ডে। দুই অপৰাজিত কিৱি তাৰকা ৰচিন ৰবীন্দ্ৰ আৰু ডেৰিল মিচেলে কালিৰ এই স্ক’ৰৰ পৰা ইনিংছ আগবঢ়াই নিয়ে যদিও কিছু সময়ৰ পিছতে মিচেলক বিদায় দি ভাৰতক কিছু সকাহ দিয়ে চিৰাজে।

পেচাৰগৰাকীৰ বলত যশস্বী জয়ছোৱালৰ হাতত কেচ তুলি দি বিদায় লয় মিচেলে। পিছে মিচেলৰ এই কেচটো ধৰাৰ সময়তে হাতত আঘাত পায় জয়ছোৱালে। এই আঘাতৰ বাবে খেলপথাৰ এৰিবলগা হয় যুৱ তাৰকাগৰাকীয়ে। আঘাতপ্ৰাপ্ত জয়ছোৱালৰ স্থানত ফিল্ডিঙৰ বাবে খেলপথাৰলৈ আহিবলগীয়া হয় অক্ষৰ পেটেল। অৱশ্যে জয়ছোৱালৰ আঘাত বিশেষ গুৰুতৰ নাছিল। এতিয়া পুনৰ খেলপথাৰত দেখা গৈছে জয়ছোৱালক।

কিন্তু এই আঘাতে বিশেষ বিপদৰ সৃষ্টি নকৰিলেও জয়ছোৱালৰ আঘাত গুৰুতৰ হোৱা হ’লে নিশ্চিতভাৱে বিপদত পৰিলহেঁতেন ভাৰতীয় দল। শেহতীয়া সময়ছোৱাত চমকপ্ৰদ ফৰ্মত আছে যুৱ তাৰকাগৰাকী। টেষ্টত ধাৰাবাহিকতা ৰক্ষাৰে ৰান সংগ্ৰহ কৰি অহা জয়ছোৱাল। চলিত ছিজনত ভাৰতৰ হৈ টেষ্টত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে যুৱ অপেনাৰগৰাকী।

চলিত টেষ্টৰ প্ৰথম ইনিংছত আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হ’লেও ভাৰতৰ দ্বিতীয় ইনিংছত জয়ছোৱালৰ যথেষ্ট প্ৰয়োজন হ’ব। গতিকে আঘাতৰ পিছত জয়ছোৱাল পুনৰ খেলপথাৰলৈ ঘূৰি অহাটো পৰাজয়ৰ শংকাত ভুগা ভাৰতীয় দলৰ বাবে এক স্বস্তিৰ খবৰ। এতিয়া পণ্টো আঘাতৰ পৰা মুক্ত হৈ পুনৰ খেলপথাৰলৈ ঘূৰি অহাৰ আশা কৰিছে ভাৰতীয় দলৰ লগতে অনুৰাগীসকলেও।

ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?
ড্ৰেগন ফলত কি ভিটামিন থাকে? বিশেষজ্ঞৰ পৰা জানক
কাতি মাহত তুলসী পূজা কেনেদৰে কৰিব? নকৰিব এই ভুল!
কোন দিশত ভৰি দি শুব নালাগে? জানক বাস্তু শাস্ত্ৰৰ নিয়ম