5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বৃ্হৎ অগ্ৰগতিৰ দিশে নিউজিলেণ্ডঃ পুনে টেষ্টতো পৰাজয়ৰ শংকাত ভুগিছে ভাৰতে

বাংগালুৰু টেষ্টত পৰাজয়ৰ পিছত নিউজিলেণ্ডৰ বিপক্ষে তিনিখনীয়া মেচৰ টেষ্ট শৃংখলা জয়ৰ বাবে পুনে টেষ্টত জয় অনিবাৰ্য হৈ পৰিছে ভাৰতৰ বাবে। কিন্তু শোচনীয় বেটিং প্ৰদৰ্শনেৰে পুনৰ এবাৰ পৰাজয়ৰ শংকাত ভুগিবলগা হৈছে ঘৰুৱা দলটো। আনহাতে শৃংখলা জয়ৰ দিশত ক্ৰমাৎ নিজৰ স্থিতি শক্তিশালী কৰি তুলিছে কিৱি দলে।

বৃ্হৎ অগ্ৰগতিৰ দিশে নিউজিলেণ্ডঃ পুনে টেষ্টতো পৰাজয়ৰ শংকাত ভুগিছে ভাৰতে
পুনে টেষ্টতো বিপদত ভাৰত
monjit-dutta
Monjit Dutta | Published: 25 Oct 2024 19:58 PM

ঘৰুৱা ভূমিতে পতন ঘটিছে ভাৰতীয় ক্ৰিকেট দলৰ। বিপক্ষক ফান্দত পেলাবলৈ প্ৰস্তুত কৰা স্পিন সহায়ক ট্ৰেকত ফান্দত পৰিছে খোদ ভাৰতীয় বেটাৰেই। স্পিনৰ বিপক্ষে ভাৰতীয় বেটাৰৰ অসহায়তা পুনৰ এবাৰ প্ৰমাণিত হৈছে পুনেত। বাংগালুৰু টেষ্টত পৰাজয়ৰ পিছত নিউজিলেণ্ডৰ বিপক্ষে তিনিখনীয়া মেচৰ টেষ্ট শৃংখলা জয়ৰ বাবে পুনে টেষ্টত জয় অনিবাৰ্য হৈ পৰিছে ভাৰতৰ বাবে। কিন্তু শোচনীয় বেটিং প্ৰদৰ্শনেৰে পুনৰ এবাৰ পৰাজয়ৰ শংকাত ভুগিবলগা হৈছে ঘৰুৱা দলটো। আনহাতে শৃংখলা জয়ৰ দিশত ক্ৰমাৎ নিজৰ স্থিতি শক্তিশালী কৰি তুলিছে কিৱি দলে।

কালিৰ পৰা আৰম্ভ হোৱা পুনে টেষ্টত নিউজিলেণ্ডে প্ৰথমে বেটিং কৰি সকলো উইকেট হেৰুৱাই ২৫৯ ৰান সংগ্ৰহ কৰিছিল। তিনি বছৰৰ মূৰত জাতীয় টেষ্ট দললৈ প্ৰত্যাৱৰ্তন ঘটা ৱাশ্বিংটন সুন্দৰে সুযোগৰ সদব্যৱহাৰ কৰি ৭টাকৈ উইকেট দখলেৰে উজলি উঠে। তিনিটা উইকেট লাভ কৰে অভিজ্ঞ অশ্বিনে। ইয়াৰ প্ৰত্যুত্তৰত প্ৰথম ইনিংছ আৰম্ভ কৰি ভাৰতীয় দলে কালি আৰম্ভণিতেই উজুটি খাইছিল।

কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে কালি বিদায় লৈছিল ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই। দিনটোৰ সামৰণিলৈ কালি ভাৰতৰ স্ক’ৰ আছিল ১ উইকেটত ১৬ ৰান। আজি এই স্ক’ৰৰ পৰা ইনিংছ আৰম্ভ কৰি ভাৰতীয় দলে আজি কিৱি স্পিন আক্ৰমণৰ সমুখত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰে। বিশেষকৈ দলটোৰ বাওঁহতীয়া স্পিনাৰ মিচেল চেণ্টনাৰৰ সমুখত তাচপাতৰ দৰে খহি পৰে ভাৰতীয় দলৰ বেটিং লাইন আপ।

বৃহস্পতিবাৰে ৰোহিতৰ উইকেট পতনৰ পিছত জয়ছোৱাল আৰু গিলে ধৈৰ্যশীল বেটিঙেৰে ভাৰতীয় ইনিংছ আগুৱাই নিয়াৰ প্ৰচেষ্টা চলায়। দুয়ো দলৰ স্ক’ৰ ইনিংছ ৫০লৈ আগুৱাই নিয়ে যদিও লাভ কৰা আৰম্ভণিক বিশাল স্ক’ৰত উপনীত কৰোৱাত ব্যৰ্থ হয় গিল আৰু ব্যক্তিগত ৩০ ৰান কৰি বিদায় লয়। ইয়াৰ পিছতে ভাৰতীয় ইনিংছত আৰম্ভ হয় খহনীয়াৰ। কোহলীয়ে ১ ৰাণ কৰি বিদায় লোৱাৰ পিছতে পতন ঘটে জয়ছোৱালৰ (৩০) উইকেটো।

ব্যৰ্থ হয় পণ্ট (১৮), ছৰফৰাজ (১১) আৰু অশ্বিন (৪)। অষ্টম উইকেটত জাদেজা আৰু সুন্দৰ যুটিয়ে কিছু আশাৰ সঞ্চাৰ ঘটাইছিল যদিও চেণ্টনাৰে জাদেজাক বিদায় দি এই যুটি ভংগ কৰে। দললৈ সৰ্বাধিক ৩৮ ৰানৰ অৱদান আগবঢ়ায় জাদেজাই। আকাশদীপৰ বেটৰ পৰা আহে ৬ ৰান। অন্তিমগৰাকী বেটাৰৰ ৰূপত পতন ঘটে বুমৰাহৰ (০) উইকেট। ১৮ ৰানৰ ব্যক্তিগত স্ক’ৰত অপৰাজিত হৈ ৰয় সুন্দৰ।

চেণ্টনাৰৰ বিধ্বংসী বলিঙত দিশহাৰা হৈ ভাৰতে ১৫৬ ৰানতে ইনিংছ সামৰে আৰু নিউজিলেণ্ডে প্ৰথম ইনিংছত এইদৰে লাভ কৰে ১০৩ ৰানৰ অগ্ৰগতি। চেণ্টনাৰে ৫৩ ৰানত ৭টা উইকেট লাভ কৰাৰ বিপৰীতে গ্লেন ফিলিপছে ২টা আৰু চাউথীয়ে এটা উইকেট লাভ কৰে। ইফালে প্ৰথম ইনিংছৰ এই অগ্ৰগতিৰ পিছত নিউজিলেণ্ডে দ্বিতীয় ইনিংছত দিনটোৰ সামৰণিলৈ ৫ উইকেটত ১৯৮ ৰান সংগ্ৰহ কৰিছে।

হাতত পাঁচটা উইকেট বাকী থকা অৱস্থাত এইপৰ্যন্ত ৩০১ ৰানৰ অগ্ৰগতিৰে দলটো এক বৃ্হৎ অগ্ৰগতিৰ দিশে আগবাঢ়িছে। দ্বিতীয় ইনিংছত কিৱি দলৰ হৈ অধিনায়ক টম লাথামে ৮৬ ৰানৰ এক অধিনায়কোচিত ইনিংছ খেলে। দিনটোৰ সামৰণিৰ টম ব্লাণ্ডেল ৩০ আৰু গ্লেন ফিলিপছ ৯ ৰানৰ ব্যক্তিগত স্ক’ৰত অপৰাজিত হৈ ৰয়। ভাৰতৰ হৈ সুন্দৰে পুনৰ এবাৰ দৰ্শনীয় বলিঙেৰে ৪টা উইকেট দখল কৰিছে। অশ্বিনৰ হাতলৈ গৈছে এটা উইকেট।

তিনিটা সম্পূৰ্ণ দিন বাকী থকা অৱস্থাত এতিয়া মেচখনত দুৰন্ত প্ৰত্যাৱৰ্তন অপৰিহাৰ্য হৈ পৰিছে ভাৰতৰ বাবে। অন্যথা বাংগালুৰু টেষ্টৰ দৰে পুনে টেষ্টতো ভাৰতৰ পৰাজয় নিশ্চিত। ইয়াৰ লগে লগে নিউজিলেণ্ডৰ হাতত এই ঘৰুৱা শৃংখলা হেৰুওৱাৰ লগতে ভাৰতীয় দল টেষ্ট চেম্পিয়নশ্বিপতো বিপদৰ সন্মুখীন হ’ব। এইপৰ্যন্ত টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীৰ্ষত থাকিলেও ফাইনেলত ভাৰতৰ স্থান নিশ্চিত হোৱা নাই।

Latest News