দৰ্পচূৰ্ণঃ আজাজ ঘূৰ্ণীত চৰম বেটিং বিপৰ্জয়েৰে মুম্বাইতো নিৰ্লজ্জ আত্মসমৰ্পণ ভাৰতৰ
নিউজিলেণ্ডৰ বিপক্ষে হতাশাজনক প্ৰদৰ্শন অব্যাহত ৰাখি আজি শৃংখলাৰ অন্তিমখন টেষ্টতো ২৫ ৰানত পৰাজয় স্বীকাৰ কৰে ভাৰতে। এইদৰে প্ৰথমবাৰৰ বাবে দেশৰ মাটিত টেষ্ট শৃংখলাত ক্লীন ছুইপ হ’ল ভাৰত। আনহাতে ঐতিহাসিক সাফল্যৰে ভাৰতৰ মাটিত প্ৰথম টেষ্ট শৃংখলা জয় কৰিলে নিউজিলেণ্ডে।
চৰম লজ্জাজনকভাৱে ঘৰৰ মাটিত ক্লীন ছুইপ হ’ল ভাৰতীয় ক্ৰিকেট দল। স্পীনৰ বিপক্ষে এসময়ত মহাশক্তিধৰ ভাৰতীয় দলৰ বেটিং লাইন আপ পুনৰ এবাৰ থৰকবৰক হৈ পৰিল স্পীন বলিঙৰ সমুখত। সমগ্ৰ শৃংখলাটোত চৰম বেটিং ব্যৰ্থতাৰে নিউজিলেণ্ডৰ বিপক্ষে শৃংখলাটোত আত্মসমৰ্পণ কৰে ভাৰতে। আজি শৃংখলাৰ অন্তিমখন টেষ্টত ঘৰুৱা দলটোক ২৫ ৰানত পৰাস্ত কৰি ঐতিহাসিক টেষ্ট শৃংখলা জয় কৰে কিৱি বাহিনীয়ে। লক্ষণীয়ভাৱে ভাৰতৰ মাটিত এয়া প্ৰথম টেষ্ট শৃংখলা জয় নিউজিলেণ্ডৰ। আনহাতে প্ৰথমবাৰৰ বাবে দেশৰ মাটিত টেষ্ট শৃংখলাত ক্লীন ছুইপ হ’ল ভাৰত।
শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে হয়তো কোনো ক্ৰিকেট অনুৰাগীয়ে ভবা নাছিল নিউজিলেণ্ডৰ বিজয়। কিন্তু প্ৰথমখন টেষ্টতে ভাৰতক পৰাস্ত কৰি এই ধাৰণা ভুল প্ৰমাণিত কৰি তোলে দলটোৱে। ইয়াৰ পিছতে পুনে টেষ্টতো জয়েৰে কিৱি বাহিনীয়ে নিশ্চিত কৰি তোলে শৃংখলা জয়। এনে পৰিস্থিতিত মুম্বাইত আত্মলজ্জা ৰক্ষাৰ লক্ষ্যৰে অৱতীৰ্ণ হৈছিল ৰোহিত বাহিনী। কিন্তু পুনৰ এবাৰ চৰম ব্যৰ্থতাৰে বিধ্বস্ত হৈ পৰে বেটিং লাইন আপ আৰু পৰাজয় স্বীকাৰ কৰে।
মুম্বাই টেষ্টত জয়ৰ বাবে ভাৰতৰ সমুখত নাছিল তেনে কোনো কঠিন লক্ষ্য। কিন্তু এই লক্ষ্য অনুসৰণো ভাৰতৰ বাবে হৈ পৰে দুঃসাধ্য। ১৪৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি কিৱি বাহিনীৰ স্পীন ঘূৰ্ণীত সম্পূৰ্ণ বিধ্বস্ত হৈ পৰে ভাৰতীয় বেটিং লাইন আপ। বিশেষকৈ ভাৰতৰ বাবে ত্ৰাস হৈ পৰে বাওঁহতীয়া স্পিনাৰ আজাজ পেটেল। প্ৰথম ইনিংছতো ৫টা উইকেট দখল কৰা আজাজে দ্বিতীয় ইনিংছতো ৫৭ ৰানতো ৬টা উইকেট দখল কৰি কিৱি বাহিনীৰ জয়ৰ নায়ক হৈ পৰে।
ভাৰতৰ হৈ একমাত্ৰ সফল বেটাৰ ৰূপে পৰিগণিত হয় ঋষভ পণ্ট। অকলেই কিৱি বাহিনীৰ সমুখত কিছু প্ৰতিৰোধ গঢ়ি তুলি পণ্টে খেলে ৬৪ ৰানৰ এক যুঁজাৰু ইনিংছ। কিন্তু তেওঁৰ উইকেট পতনৰ পিছত আৰু ভাৰতৰ জয়ৰ সকলো আশা ভংগ হৈ পৰে। লক্ষণীয়ভাৱে দ্বিতীয় ইনিংছত ভাৰতৰ মাত্ৰ তিনিগৰাকী বেটাৰে দহকৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম হয়। অন্তিম উইকেটৰ ৰূপত আউট হোৱা সুন্দৰে ১২ ৰান সংগ্ৰহ কৰাৰ বাবে অধিনায়ক ৰোহিতে সংগ্ৰহ কৰে ১১ ৰান।
আজাজ পেটেলৰ লগতে গ্লেন ফিলিপছে ৩টা আৰু মেট হেনৰীয়ে ১টা উইকেট দখল কৰে। উল্লেখ্য যে মেচখনত প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে ২৩৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতে ২৬৩ ৰান সংগ্ৰহ কৰি ২৮ ৰানৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল। ভাৰতে এক বৃ্হৎ অগ্ৰগতিৰ সুযোগ লাভ কৰিছিল যদিও পণ্ট, গিল আৰু সুন্দৰৰ বাদে আন ভাৰতীয় বেটাৰসকলৰ ব্যৰ্থতাৰ ফলত এই সুযোগ লাভ কৰাত ব্যৰ্থ হয়।
আনহাতে দ্বিতীয় ইনিংছত ১৭৪ ৰান সংগ্ৰহ কৰি নিউজিলেণ্ডে ভাৰতৰ সন্মুখত ১৪৭ ৰানৰ লক্ষ্য বান্ধি দিছিল। ভাৰতৰ হৈ সৰ্বাধিক সফল বলাৰ ৰূপে জাদেজাই দুয়োটা ইনিংছত লাভ কৰিছিল ৫টাকৈ উইকেট। মেচখনত মুঠ ১১টা উইকেট দখল কৰা আজাজ পেটেল মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। আনহাতে উইল ইয়ঙে লাভ কৰে শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান।
উল্লেখ্য যে মুম্বাই টেষ্টতো পৰাজয়ৰ পিছত ভাৰতৰ বাবে চলিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান লাভ এতিয়া প্ৰায় অসম্ভৱ হৈ পৰিল। আগন্তুক ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত ভাৰতে কিঞ্চিত সুযোগ লাভ কৰিব যদিও সেয়া প্ৰায় অসম্ভৱ হিচাপে পৰিগণিত হৈছে।