ৱাংখেড়েত জাদেজাৰ স্পীনঘূৰ্ণীঃ জাহিৰ খান, কপিল দেৱক অতিক্ৰমি ৰচিলে অভিলেখ

আজিৰ পৰা মুম্বাইত আৰম্ভ হোৱা নিউজিলেণ্ডৰ বিপক্ষে টেষ্ট শৃংখলাৰ তৃতীয় তথা অন্তিম টেষ্টত ৰবীন্দ্ৰ জাদেজাই নিউজিলেণ্ডৰ প্ৰথম ইনিংছত ত্ৰাসৰ সৃষ্টি কৰি দখল কৰে পাঁচটা উইকেট। নিজ টেষ্ট কেৰিয়াৰত ১৪ সংখ্যক বাৰৰ বাবে এই অনন্য কৃতিত্ব অৰ্জন কৰে জাদেজাই। সমান্তৰালকৈ তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে নিজৰ নামত আন দুই ঈৰ্ষণীয় অভিলেখো সন্নিৱিষ্ট কৰে।

ৱাংখেড়েত জাদেজাৰ স্পীনঘূৰ্ণীঃ জাহিৰ খান, কপিল দেৱক অতিক্ৰমি ৰচিলে অভিলেখ

মুম্বাইত উজলিল জাদেজা

Published: 

01 Nov 2024 17:14 PM

অৱশেষত প্ৰাণ পালে ৰবীন্দ্ৰ জাদেজাৰ স্পীন যাদুৱে। ৱাংখেড়েত অন্ত পৰিল প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ অপেক্ষা। নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাত প্ৰথমবাৰৰ বাবে স্বকীয় শৈলীৰে উজলিল তাৰকা অলৰাউণ্ডাৰগৰাকী। আজিৰ পৰা মুম্বাইত আৰম্ভ হোৱা শৃংখলাৰ তৃতীয় তথা অন্তিম টেষ্টত ৰবীন্দ্ৰ জাদেজাই নিউজিলেণ্ডৰ প্ৰথম ইনিংছত ত্ৰাসৰ সৃষ্টি কৰি দখল কৰে পাঁচটা উইকেট। নিজ টেষ্ট কেৰিয়াৰত ১৪ সংখ্যক বাৰৰ বাবে এই অনন্য কৃতিত্ব অৰ্জন কৰে জাদেজাই।

সমান্তৰালকৈ তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে নিজৰ নামত আন দুই ঈৰ্ষণীয় অভিলেখো সন্নিৱিষ্ট কৰে। কিৱি দলৰ বেটিঙৰ সময়ত অধিনায়ক ৰোহিতে আটাইতকৈ শেষত বল তুলি দিছিল ৰবীন্দ্ৰ জাদেজাৰ হাতত। ইয়াৰ পিছতে জাদেজাই একপ্ৰকাৰে ত্ৰাসৰ সৃষ্টি কৰে। নিউজিলেণ্ডৰ ইনিংছত গতি প্ৰদান কৰা উইল ইয়ঙৰ উইকেট দখল কৰি প্ৰথমটো সফলতা লাভ কৰে জাদেজাই।

ইয়াৰ পিছত একেটা অভাৰতে তেওঁ দলটোৰ উইকেটৰক্ষক বেটাৰ টম ব্লাণ্ডেলৰো উইকেট দখল কৰে। এই দুই উইকেট দখলেৰে মেচৰ গতি ভাৰতৰ দিশত সলনি কৰাৰ কিছু সময় পিছতে জাদেজাই গ্লেন ফিলিপছকো পেভিলিয়নৰ পথ দেখুওৱায়। কম সময়ৰ ভিতৰতে তিনিটাকৈ উইকেটৰ পতন ঘটাত সংকটত পৰে নিউজিলেণ্ড। চাহ বিৰতিৰ পাছত জাদেজাই পুনৰ আক্রমণৰ নেতৃত্ব লয়।

বিৰতিৰ পিছতে তাৰকা স্পিনাৰগৰাকীয়ে একেটা অভাৰতে ইশ সোধি আৰু মেট হেনৰীৰ উইকেট দখল কৰি টেষ্টত ১৪ সংখ্যক বাৰৰ বাবে ৫টা উইকেটৰ কৃতিত্ব সম্পূৰ্ণ কৰে। এই চমকপ্ৰদ প্ৰদৰ্শনেৰে ৰবীন্দ্ৰ জাদেজাই একেখন মেচতে ভাৰতীয় ক্ৰিকেটৰ ৩ গৰাকী শ্ৰেষ্ঠতম পেচাৰক অতিক্ৰম কৰে। টেষ্টত সৰ্বাধিক উইকেট দখলৰ ক্ষেত্ৰত জাদেজাই অতিক্ৰম কৰে জাহীৰ খান আৰু ইশান্ত শৰ্মাক।

এইপৰ্যন্ত জাদেজাই টেষ্টত দখল কৰিছে ৩১৩টা উইকেট। এইদৰে তেওঁ ৩১১টাকৈ উইকেট দখল কৰা জাহীৰ খান আৰু ইশান্ত শৰ্মাতকৈ আগবাঢ়ি যায়। লগতে তেওঁ ভাৰতত অনুষ্ঠিত হোৱা টেষ্ট মেচত এটা ইনিংছত পাঁচটা উইকেট দখলৰ ক্ষেত্ৰত কিংবদন্তি তাৰকা কপিল দেৱক অতিক্ৰম কৰে। ঘৰৰ মাটিত কপিল দেৱে ১১ বাৰ পাঁচ উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰিছিল। আজি জাদেজাই ১২ সংখ্যক বাৰৰ বাবে এই কৃতিত্ব অৰ্জে।

লক্ষণীয়ভাৱে প্ৰথম দুখন টেষ্টত পৰাজয়ৰ ফলত ইতিমধ্যেই শৃংখলা হেৰুওৱা ভাৰতৰ বাবে মুম্বাই টেষ্টত জয় অত্যন্ত গুৰুত্বপূৰ্ণ যদিও আজি প্ৰথম দিনাই সংকটত পৰিছে ভাৰতীয় দল। নিউজিলেণ্ডৰ ২৩৫ ৰানৰ স্ক’ৰৰ প্ৰত্যুত্তৰত ভাৰতীয় দলে আজি দিনটোৰ খেল সামৰণিৰ পৰলৈ ৮৬ ৰানতে চাৰিটা উইকেট হেৰুৱাই বিপদত পৰিছে। কিৱি দলটোৰ প্ৰথম ইনিংছতকৈ ভাৰতীয় দল এতিয়াও ১৪৯ ৰানত পিছপৰি আছে।

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?