বাংগালুৰুত পৰাজয়ে চিন্তা বঢ়াইছে ভাৰতৰঃ টেষ্ট চেম্পিয়নশ্বিপৰ হিচাপত লাগিছে আউল | India vs New Zealand Bengaluru test World test championship points table Border Gavaskar Trophy Assam news - Assam Tv9

বাংগালুৰুত পৰাজয়ে চিন্তা বঢ়াইছে ভাৰতৰঃ টেষ্ট চেম্পিয়নশ্বিপৰ হিচাপত লাগিছে আউল

নিউজিলেণ্ডৰ বিপক্ষে আজি বাংগালুৰুত হোৱা পৰাজয়ে ভাৰতীয় দলৰ বাবে বঢ়াইছে চিন্তা। প্ৰথম টেষ্টত পৰাজয়ৰ লগে লগে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত ব্যাপক লোকচানৰ সন্মুখীন হৈছে ভাৰতীয় দল। বাংগালুৰু টেষ্টত পৰাজয়ৰ বাবে এতিয়া টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশৰ পথো ভাৰতৰ বাবে কঠিন হৈ পৰিছে।

বাংগালুৰুত পৰাজয়ে চিন্তা বঢ়াইছে ভাৰতৰঃ টেষ্ট চেম্পিয়নশ্বিপৰ হিচাপত লাগিছে আউল

ভাৰতীয় দলৰ বাঢ়িছে চিন্তা

Published: 

20 Oct 2024 17:50 PM

নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত আজি পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ভাৰতীয় দল। বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম টেষ্টখনত আজি কিৱি দলটোৰ বিপক্ষে ৮ উইকেটত পৰাস্ত হয় ঘৰুৱা দলটো। এই জয়েৰে নিউজিলেণ্ডে ৩৬ বছৰৰ পাছত ভাৰতৰ মাটিত টেষ্ট জয়ৰ সোৱাদ লাভ কৰে। ইফালে বাংগালুৰুৰ এই পৰাজয়ে ভাৰতীয় দলৰ বাবে বঢ়াইছে চিন্তা। প্ৰথম টেষ্টত পৰাজয়ৰ লগে লগে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত ব্যাপক লোকচানৰ সন্মুখীন হৈছে ভাৰতীয় দল।

বাংগালুৰু টেষ্টত পৰাজয়ৰ বাবে এতিয়া টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশৰ পথো ভাৰতৰ বাবে কঠিন হৈ পৰিছে। নিউজিলেণ্ডৰ বিপক্ষে শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় দল ৭৪.২৪ জয়ৰ শতাংশৰে শীৰ্ষত আছিল। কিন্তু এই পৰাজয়ৰ পিছত ভাৰতীয় দলৰ এই জয়ৰ শতাংশত যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। বাংগালুৰু টেষ্টৰ সামৰণিৰ পিছত এতিয়া ভাৰতৰ জয়ৰ শতাংশ হৈছে ৬৮.০৬।

গত ২০২৩ চনৰ পৰা আৰম্ভ হোৱা আৰু ২০২৫ চনলৈ চলিবলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ এয়া তৃতীয় ৰাউণ্ড। এই তৃতীয় ৰাউণ্ডত ভাৰতীয় দল এতিয়ালৈকে ১২ খন টেষ্ট মেচ খেলিছে। এই সময়ছোৱাত ভাৰতীয় দল ৮ খন মেচত জয়ী হোৱাৰ বিপৰীতে ৩ খন মেচত পৰাজয়ৰ সন্মুখীন হৈছে। আনহাতে এখন মেচ ড্ৰ’ হৈছে। এই তালিকাত ৬২.৫০ জয়ৰ শতাংশ জয়ৰ হাৰেৰে দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়া।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ তৃতীয় ৰাউণ্ডত এতিয়া ৭ খন মেচ বাকী আছে ভাৰতীয় দলৰ। ইয়াৰে দুখন মেচ ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাত খেলিব। ইয়াৰ পিছতে ভাৰতে এক কঠিন শৃংখলাত অৱতীৰ্ণ হ’ব অষ্ট্ৰেলিয়াৰ বিপক্ষে। ভাৰতৰ এই পৰৱৰ্তী শৃংখলা অষ্ট্ৰেলিয়ান ভূমিত অনুষ্ঠিত হ’ব। পাঁচখনীয়া মেচৰ এই ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত অষ্ট্ৰেলিয়াৰ বাউন্সী উইকেটত স্বাভাৱিকতেই কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব ভাৰত।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিবললৈ ভাৰতীয় দল অন্ততঃ ৫ খন মেচত জয়ী হ’ব লাগিব। আনহাতে ৪ খন মেচত জয়ী হ’লে ভাৰতে আন কোনো দলৰ জয় বা পৰাজয়ৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। অৰ্থাৎ ফাইনেলৰ পথ এতিয়া টিম ইণ্ডিয়াৰ বাবে অতি কঠিন হৈ পৰিছে। আগন্তুক ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত জয়লাভেহে ভাৰতীয় দলৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পথ সুগম কৰি তুলিব পাৰে।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ হিচাপ নিকাচৰ দিশৰ পৰা অষ্ট্ৰেলিয়াৰ বিপক্ষে এই শৃংখলালৈ ভাৰতীয় দলে নিশ্চিতভাৱে চিন্তা কিছু কমাই ৰাখিবলৈ চেষ্টা কৰিব। এনে পৰিস্থিতিত ভাৰতে নিউজিলেণ্ডৰ বিপক্ষে চলিত টেষ্ট শৃংখলাৰ অন্তিম দুখন টেষ্টত জয়ৰ বাবে প্ৰচেষ্টা চলাব লাগিব। বাংগালুৰুৰ অপ্ৰত্যাশিত পৰাজয় পাহৰি ভাৰতে আগন্তুক দুখন মেচত কিদৰে প্ৰত্যাৱৰ্তন ঘটায় সেয়া হ’ব লক্ষণীয়।

ক'লা হৰিণ আৰু সাধাৰণ হৰিণৰ মাজত কি কি পাৰ্থক্য থাকে?
পাকিস্তানেই নহয়, ঘৰুৱা মাটিত টেষ্টত ভাৰতৰো হৈছে একেই গতি!
পুষ্পা ২ৰ আইটেম চঙত দেখা যাব ৮০০ কোটি টকা উপাৰ্জন কৰা বলীউডৰ অভিনেত্ৰীক!
ঘৰৰ এই দিশত ৰাখক গণেশৰ মূৰ্তি,সদায় থাকিব সুখ শান্তি, হ'ব সমৃদ্ধি...