ভাৰতৰ পৰাজয়ৰ আঁৰত চেন্নাইৰ অহিত কৰ্ম! বিশ্বকাপজয়ী ভাৰতীয় ক্ৰিকেটাৰে উজাৰিলে ক্ষোভ
ঘৰৰ মাটিতে নিউজিলেণ্ডৰ বিপক্ষে শোচনীয়ভাৱে ক্লীন ছুইপ হোৱাৰ পিছত ভাৰতীয় ক্ৰিকেট দল যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে।ইফালে ভাৰতৰ প্ৰাক্তন তাৰকা ৰবীন উথাপ্পাই নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ভাৰতীয় দলৰ পৰাজয়ৰ বাবে আই পি এল ফ্ৰেন্সাইজি চেন্নাই ছুপাৰ কিংছক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।
নিউজিলেণ্ডৰ বিপক্ষে টেষ্ট শৃংখলাত শোচনীয় পৰাজয়ে বাৰুকৈয়ে জোকাৰি তুলিছে ভাৰতীয় ক্ৰিকেট দলক। ঘৰৰ মাটিত প্ৰথবাৰৰ বাবে এইদৰে ক্লীন ছুইপৰ সন্মুখীন হোৱাৰ পিছত যথেষ্ট আলোচনা-সমালোচনা চলিছে। এই আলোচনাত শেহতীয়াকৈ নাম সংযোজিত হৈছে ভাৰতৰ প্ৰাক্তন তাৰকা ৰবীন উথাপ্পাৰ নাম। প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ভাৰতীয় দলৰ পৰাজয়ৰ বাবে আই পি এল ফ্ৰেন্সাইজি চেন্নাই ছুপাৰ কিংছক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। ফ্ৰেঞ্চাইজিক লৈ প্ৰশ্ন উত্থাপন কৰিছে উথাপ্পাই।
শেহতীয়া এই টেষ্ট শৃংখলাটোৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে কিৱি তাৰকা ৰচিন ৰবীন্দ্ৰক ভাৰতীয় পৰিস্থিতিত অনুশীলন কৰাৰ সুবিধা দিছিল। এই সন্দৰ্ভত প্ৰশ্ন তুলি উথাপ্পাই ফ্ৰেন্সাইজিটোক তীক্ষ্ণ সমালোচনা কৰিছে। নিজৰ ইউটিউব চেনেলত উথাপ্পাই ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাটোৰ সন্দৰ্ভত বিশ্লেষণ আগবঢ়াইছে আৰু ঘৰুৱা দলটোৰ পৰাজয়ৰ আঁৰত থকা ভুল সন্দৰ্ভতো মন্তব্য কৰে।
এই ভিডিঅ’টোত উথাপ্পাই চেন্নাই ছুপাৰ কিংছৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি কয় যে চি এছ কে এটা ভাল ফ্ৰেঞ্চাইজি। কিন্তু যেতিয়া দেশৰ স্বাৰ্থৰ কথা আহে তেতিয়া এটা সীমা নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন হয় বুলি উল্লেখ কৰি উথাপ্পাই কয় যে ফ্ৰেঞ্চাইজিসমূহে নিজৰ খেলুৱৈতকৈ প্ৰথমে দেশক স্থান দিব লাগে। বিশেষকৈ ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অহা বিদেশী খেলুৱৈৰ ক্ষেত্ৰত অধিক সতৰ্ক হোৱা উচিত বুলি উথাপ্পাই লগতে কয়।
চি এছ কে একাডেমীত কৰা প্ৰস্তুতিৰ বাবেই ৰবীন্দ্ৰই ১৫৭ বলত ১৩৪ ৰানৰ দৰ্শনীয় ইনিংছটো খেলিবলৈ সক্ষম হৈছিল বুলি প্ৰাক্তন খেলুৱৈগৰাকীয়ে আঙুলিয়াই দিয়ে। উল্লেখ্য যে ৰবীন্দ্ৰৰ এই ইনিংছটোৱে প্ৰথম টেষ্টত নিউজিলেণ্ডৰ জয়ৰ ভেটি গঢ়ি তুলিছিল। বাংগালুৰুত অনুষ্ঠিত হোৱা টেষ্টখনত ভাৰতীয় দলৰ খেলুৱৈসকলৰ অভাৱনীয় প্ৰদৰ্শনৰ বিপৰীতে উজলি উঠিছিল যুৱ কিৱি তাৰকাগৰাকী।
প্ৰথম ইনিংছত ১৩৪ ৰানৰ ইনিংছটোৰ জৰিয়তে নিজ দলক শক্তিশালী স্থিতি দিয়াৰ পিছত দ্বিতীয় ইনিংছতো ৩৯ ৰানৰ মেচ বিজয়ী অপৰাজিত ইনিংছ খেলিছিল। ইয়াৰ পিছত পুনে টেষ্টতো আন এক অৰ্ধশতকীয় ইনিংছ খেলিছিল ৰবীন্দ্ৰই। এনে উৎকৃষ্ট প্ৰদৰ্শনৰ কৃতিত্ব ৰবীন্দ্ৰ পোনপটীয়াকৈ চেন্নাই ছুপাৰ কিংছক দিছিল। শৃংখলাৰ পূৰ্বে তেওঁ চি এছ কেৰ একাডেমীলৈ আহি বিভিন্ন ধৰণৰ পিটচ আৰু বলাৰৰ বিৰুদ্ধে অনুশীলন কৰিছিল বুলি তেওঁ প্ৰকাশ কৰিছিল।
ইয়াৰ ফলত তেওঁৰ যথেষ্ট লাভ হৈছিল বুলি স্বীকাৰ কৰিছিল ৰচিন ৰবীন্দ্ৰই। ইয়াৰ বাবেই তেওঁ সমগ্ৰ শৃংখলাত গড়ে ৫১ ৰান কৰি ২৫৬ ৰান সংগ্ৰহ কৰি নিজৰ দলৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। এতিয়া এই প্ৰসংগ উত্থাপন কৰিয়েই ৰবীন উথাপ্পাই চেন্নাই ছুপাৰ কিংছৰ ভুলৰ দিশলৈ আঙুলিয়াই দিছে।