শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিউজিলেণ্ড টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণাঃ প্ৰত্যাৱৰ্তন নহ’ল ছামিৰ, বুমৰাহৰ কান্ধত গধূৰ দায়িত্ব

অহা ১৬ অক্টোবৰৰ পৰা নিউজিলেণ্ডৰ বিপক্ষে আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে আজি ভাৰতীয় দল ঘোষণা কৰা হৈছে। বিচিচিআইয়ে ঘোষণা কৰা এই দলটোত অৱশ্যে আশা কৰাৰ দৰে প্ৰত্যাৱৰ্তন নঘটিল তাৰকা পেচাৰ মহম্মদ ছামিৰ। আনহাতে দলটোত বুমৰাহক দিয়া হৈছে এক গুৰুত্বপূৰ্ণ দায়িত্ব।

নিউজিলেণ্ড টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণাঃ প্ৰত্যাৱৰ্তন নহ’ল ছামিৰ, বুমৰাহৰ কান্ধত গধূৰ দায়িত্ব
ভাৰতীয় দল ঘোষণা
monjit-dutta
Monjit Dutta | Updated On: 12 Oct 2024 00:22 AM

বাংলাদেশৰ বিপক্ষে দুৰন্ত প্ৰদৰ্শনৰ পিছত আন এক ঘৰুৱা টেষ্ট শৃংখলাৰ বাবে সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল। অহা সপ্তাহৰ পৰাই নিউজিলেণ্ডৰ বিপক্ষে আৰম্ভ হ’ব এই টেষ্ট শৃংখলা। কিৱি বাহিনীৰ বিপক্ষে এই তিনিখনীয়া মেচৰ শৃংখলাটোৰ বাবে আজি ভাৰতীয় দল ঘোষণা কৰিছে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। বাংলাদেশৰ বিপক্ষে দুখন মেচৰ টেষ্ট শৃংখলাটোত দলত স্থান দিয়া খেলুৱৈসকলকে ঘোষিত এই ১৫ জনীয়া দলটোত স্থান দিয়া হৈছে। কেৱল দলটোত থকা যুৱ পেচাৰ য়শ দয়ালক নিউজিলেণ্ডৰ বিপক্ষে শৃংখলাৰ পৰা বাদ দিয়া হৈছে।

নিউজিলেণ্ডৰ বিপক্ষে এই টেষ্ট শৃংখলাটোতে ভাৰতীয় দলৰ অভিজ্ঞ পেচাৰ মহম্মদ ছামিৰ প্ৰত্যাৱৰ্তন ঘটিব পাৰে বুলি আশা কৰা হৈছিল যদিও বিচিচিআইয়ে ঘোষিত দলটোত স্থান দিয়া নাই ছামিক। অৰ্থাৎ তাৰকা পেচাৰগৰাকী এতিয়াও সম্পূৰ্ণ ফিট হোৱা নাই আৰু প্ৰত্যাৱৰ্তনৰ বাবে তেওঁক কিছু সময়ৰ প্ৰয়োজন হ’ব বুলি ইয়াৰ দ্বাৰা বিচিচিআইয়ে এক ইংগিত দিয়া বুলি ক’ব পাৰি।

ইফালে বিচিচিআইৰ নিৰ্বাচক সমিতিয়ে এই দল ঘোষণাৰ সময়ত আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। নিৰ্বাচক সমিতিয়ে দলৰ বলিং আক্ৰমণৰ মূল কাণ্ডাৰী যশপ্ৰীত বুমৰাহক নিউজিলেণ্ডৰ বিপক্ষে শৃংখলাত দিছে এক গুৰু দায়িত্ব। বাংলাদেশৰ বিপক্ষে টেষ্ট শৃংখলাৰ বাবে বিচিচিআইয়ে দলৰ সহ-অধিনায়ক নিযুক্তি দিয়া নাছিল যদিও এতিয়া এই সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ অন্ত পেলাইছে ব’ৰ্ডে।

বিচিচিআইয়ে আগন্তুক টেষ্ট শৃংখলাত বুমৰাহক দলৰ সহ-অধিনায়ক হিচাপে নিযুক্তি দিছে। অৱশ্যে ইয়াৰ পূৰ্বেও বুমৰাহে এই দায়িত্ব লাভ কৰিছিল। আনকি ৰোহিত শৰ্মাৰ অনুপস্থিতিত ২০২২ চনত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত অধিনায়কৰ দায়িত্বও পালন কৰিছিল তাৰকা পেচাৰগৰাকীয়ে। এতিয়া নিউজিলেণ্ডৰ বিপক্ষে শৃংখলাত বুমৰাহক সহ-অধিনায়ক নিযুক্তি দিয়াৰ পিছত বুমৰাহেই ভাৰতীয় টেষ্ট দলৰ পৰৱৰ্তী অধিনায়ক হিচাপে নিযুক্তি লাভৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে।

আনহাতে বাংলাদেশৰ বিপক্ষে চলিত টি-২০ শৃংখলাত আশানুৰূপ প্ৰদৰ্শনেৰে নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ লগতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা যুৱ পেচাৰ মায়াংক যাদৱ আৰু অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীক নিউজিলেণ্ড শৃংখলাৰ ৰিজাৰ্ভ খেলুৱৈ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। এই দুই যুৱ খেলুৱৈৰ লগতে দুই পেচাৰ প্ৰসিধ কৃষ্ণ আৰু হৰ্ষিত ৰাণাকো ৰিজাৰ্ভ খেলুৱৈ হিচাপে স্থান দিয়া হৈছে।

ভাৰতীয় ভাৰতীয় দলঃ ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গিল, বিৰাট কোহলী, কে এল ৰাহুল, ছৰফৰাজ খান, ঋষভ প্ণ্ট (উইকেটকীপাৰ), ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, আকাশ দীপ আৰু মহম্মদ চিৰাজ।

ৰিজাৰ্ভ খেলুৱৈঃ মায়াংক যাদৱ, নীতিশ কুমাৰ ৰেড্ডী, হৰ্ষিত ৰাণা আৰু প্ৰসিধ কৃষ্ণ।