5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বাংগালুৰুত পৰাজয়ৰ পিছত নতুন ৰণকৌশল! তিনি বছৰৰ পিছত দললৈ এইগৰাকী অলৰাউণ্ডাৰ

বাংগালুৰু টেষ্টত অপ্ৰত্যাশিত ফলৰ পিছত শৃংখলাৰ অন্তিম দুখন মেচৰ বাবে এক নতুন ৰণকৌশল প্ৰস্তুত কৰিছে ভাৰতীয় দলে। বাংগালুৰুৰ এই পৰাজয়ৰ বেদনাৰ পৰা ওলাই আহি প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে এতিয়া বিচিচিআইয়ে দলত অন্তৰ্ভুক্ত কৰিছে এগৰাকী যুৱ অল ৰাউণ্ডাৰক। চলিত ৰঞ্জী ট্ৰফীত আগবঢ়োৱা প্ৰদৰ্শনৰ সুবাদত ভাৰতীয় দললৈ আমন্ত্ৰিত হৈছে অল ৰাউণ্ডাৰগৰাকী।

বাংগালুৰুত পৰাজয়ৰ পিছত নতুন ৰণকৌশল! তিনি বছৰৰ পিছত দললৈ এইগৰাকী অলৰাউণ্ডাৰ
ভাৰতীয় টেষ্ট দলত ৱাশ্বিংটন সুন্দৰ
monjit-dutta
Monjit Dutta | Published: 20 Oct 2024 19:35 PM

বাংলাদেশৰ বিপক্ষে টেষ্ট শৃংখলাত দুৰন্ত জয়ৰ পিছত প্ৰবল মনোবলেৰে নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা্ত অৱতীৰ্ণ হৈছিল ভাৰতীয় দল। কিন্তু শৃংখলাৰ আৰম্ভণিতেই বাংগালুৰুত উজুটি খালে ৰোহিত বাহিনীয়ে। অনাকাংক্ষিত পৰাজয়েৰে ভাৰতীয় দলে কিৱি বাহিনীৰ বিপক্ষে এই শৃংখলাত আৰম্ভণি ঘটাইছে। ঘৰুৱা ভূমিত সদায়ে অজেয় বিবেচিত হোৱা ভাৰতীয় দলক সহজেই ৮ উইকেটত পৰাস্ত কৰি নিউজিলেণ্ডে তিনিখনীয়া মেচৰ শৃংখলাটোত ১-০ৰ অগ্ৰগতি লাভ কৰে। বাংগালুৰুৰ এই মেচখনত দুই-এগৰাকী খেলুৱৈক বাদ দি বেটিং বলিং উভয় দিশতেভাৰতীয় দলেৰ প্ৰদৰ্শন আছিল হতাশাজনক।

শৃংখলাৰ প্ৰথমখন মেচতে এনে অপ্ৰত্যাশিত ফলৰ পিছত শৃংখলাৰ অন্তিম দুখন মেচৰ বাবে এক নতুন ৰণকৌশল প্ৰস্তুত কৰিছে ভাৰতীয় দলে। বাংগালুৰুৰ এই পৰাজয়ৰ বেদনাৰ পৰা ওলাই আহি প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে এতিয়া বিচিচিআইয়ে দলত অন্তৰ্ভুক্ত কৰিছে এগৰাকী যুৱ অল ৰাউণ্ডাৰক। চলিত ৰঞ্জী ট্ৰফীত আগবঢ়োৱা প্ৰদৰ্শনৰ সুবাদত ভাৰতীয় দললৈ আমন্ত্ৰিত হৈছে অল ৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ।

উল্লেখ্য যে ৱাশ্বিংটন সুন্দৰে ২০২১ চনত ভাৰতীয় দলৰ হৈ অন্তিমখন টেষ্ট মেচ খেলিছিল। অৰ্থাৎ তিনিটা বছৰৰ মূৰত ভাৰতীয় টেষ্ট দললৈ প্ৰত্যাৱৰ্তন ঘটিছে সুন্দৰৰ। ৱাশ্বিংটন সুন্দৰে এই পৰ্যন্ত ভাৰতীয় দলৰ হৈ ৪ খন টেষ্ট মেচ খেলিছে। এই ৪ খন টেষ্টৰ ছয় ইনিংছত তিনিটা অৰ্ধশতকসহ ৬৬.২৫ গড়ে ২৬৫ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ উপৰিও ৬ টা উইকেটো দখল কৰিছে অল ৰাউণ্ডাৰগৰাকীয়ে।

 

সম্প্ৰতি ৰঞ্জী ট্ৰফীৰ গ্ৰুপ মেচত ব্যস্ত ৱাশ্বিংটন সুন্দৰ। দিল্লীৰ বিৰুদ্ধে চলিত মেচখনত সুন্দৰে চমকপ্ৰদ বেটিঙেৰে ক্ৰিকেট বিশেষজ্ঞক মুগ্ধ কৰি তুলিছে। বেটিং ক্ৰমৰ তিনি নম্বৰ স্থানত বেটিং কৰি্বলৈ ক্ৰীজলৈ অহা সুন্দৰে ২৬৯টা বলত ১৫২ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে। এই ইনিংছটোৰ জৰিয়তে নিৰ্বাচকৰ আস্থা জয় কৰি ভাৰতীয় টেষ্ট দললৈ পুনৰ আমন্ত্ৰণৰ পথ মুকলি কৰে সুন্দৰে।

এই মেচখনত অৱশ্যে কেৱল বেটিঙেৰেই নহয়, বলিঙতো দিল্লীৰ দুটাকৈ উইকেট দখলেৰে নিজৰ অলৰাউণ্ড প্ৰতিভাৰ পুনৰ এবাৰ উমান দিয়ে ৱাশ্বিংটন সুন্দৰে। লক্ষণীয়ভাৱে শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাতো ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল যুৱ তাৰকাগৰাকীয়ে। ইয়াৰ পূৰ্বে শ্ৰীলংকা ভ্ৰমণৰ এদিনীয়া দলৰো অংশ আছিল সুন্দৰ।

ৱাশ্বিংটন সুন্দৰে এই পৰ্যন্ত ৪ খন টেষ্টৰ লগতে ভাৰতীয় দলৰ হৈ ২২খন এদিনীয়া আৰু ৫২খন টি-২০ মেচ খেলিছে। এদিনীয়া ফৰ্মেটত তেওঁ ২৩টা উইকেট দখল কৰাৰ লগতে ৩১৫ ৰান সংগ্ৰহ কৰিছে। আনহাতে, টি-২০ত ৱাশ্বিংটন সুন্দৰে এই পৰ্যন্ত টিম ইণ্ডিয়াৰ হৈ ৪৭টা উইকেট দখল কৰাৰ লগতে ১৬১ ৰান সংগ্ৰহ কৰিছে।

লক্ষণীয়ভাৱে ভাৰতীয় ক্ৰিকেট দলৰ গুৰুত্বপূৰ্ণ সদস্য ৰবিচন্দ্ৰন অশ্বিনৰ সুযোগ্য উত্তৰাধিকাৰী হিচাপে সততে উচ্চাৰিত হৈছে সুন্দৰৰ নাম। অৱশ্যে এই চৰ্চা সুন্দৰে কিমান দূৰ বাস্তৱত পৰিণত কৰিব পাৰে, সেয়া হ’ব লক্ষণীয়।

Latest News