অব্যাহত পেৰিছ অলিম্পিকৰ ফৰ্মঃ পাকিস্তানৰ বিপক্ষেও উৰিল ভাৰতৰ বিজয় ধ্বজা | India vs Pakistan Asian Champions Trophy India beat Pakistan Harmanpreet Singh Assam news - Assam Tv9

অব্যাহত পেৰিছ অলিম্পিকৰ ফৰ্মঃ পাকিস্তানৰ বিপক্ষেও উৰিল ভাৰতৰ বিজয় ধ্বজা

Published: 

14 Sep 2024 17:10 PM

এছিয়ান চেম্পিয়নছ ট্ৰফীত আজি গ্ৰুপৰ অন্তিমখন মেচত ভাৰতীয় হকী দলে পাকিস্তানক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। দলৰ জয়ৰ মূল নায়ক হিচাপে পৰিগণিত হোৱা অধিনায়ক হৰমনপ্ৰীত সিঙে দিয়ে দুয়োটা গ’ল। এই জয়েৰে অপৰাজেয় দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় দলে।

অব্যাহত পেৰিছ অলিম্পিকৰ ফৰ্মঃ পাকিস্তানৰ বিপক্ষেও উৰিল ভাৰতৰ বিজয় ধ্বজা

পাকিস্তানক পৰাস্ত কৰিলে ভাৰতে

Follow Us On

চলিত এছিয়ান চেম্পিয়নছ ট্ৰফীত অব্যাহত আছে ভাৰতীয় হকী দলৰ দুৰন্ত প্ৰদৰ্শন। গত পেৰিছ অলিম্পিকৰ সাফল্যৰে মনোবল দৃঢ় হৈ থকা ভাৰতীয় খেলুৱৈসকলে আজি পুনৰ উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি পৰাস্ত কৰে পাকিস্তানক। চীনত চলি থকা এই প্ৰতিযোগিতাত অপৰাজেয় ধাৰা অব্যাহত ৰাখি ভাৰতীয় দলে গ্ৰুপৰ অন্তিমখন মেচত পাকিস্তানক ২-১ গ’লত পৰাস্ত কৰি একেৰাহে পঞ্চমটো জয় সাব্যস্ত কৰিছে। দলৰ এই জয়ৰ নায়ক হিচাপে পৰিগণিত হয় অধিনায়ক হৰমনপ্ৰীত সিং। তাৰকা খেলুৱৈগৰাকীয়ে পেনাল্টি কৰ্ণাৰেৰে ২টা গ’ল স্ক’ৰ কৰি দুৰন্ত প্ৰত্যাৱৰ্তনেৰে ভাৰতৰ জয় নিশ্চিত কৰে।

লক্ষণীয়ভাৱে মেচখনত প্ৰথমে অগ্ৰগতি লাভ কৰিছিল পাকিস্তানেই। মাত্ৰ ৭ মিনিটতে আহমদ নদীমৰ গ’লেৰে আগবাঢ়ে পাকিস্তান। ইয়াৰ পিছতে অৱশ্যে ভাৰতীয় দলৰ প্ৰত্যাক্ৰমণ বৃদ্ধি পায় আৰু ১৩ মিনিটত সমতা স্থাপন কৰে ভাৰতে। পেনাল্টী কৰ্ণাৰৰ সুযোগ কাৰ্যকৰী কৰি ভাৰতক মেচখনলৈ উভতাই আনে অধিনায়ক হৰমনপ্ৰীতে। মেচৰ ১৯ মিনিটত ভাৰতীয় দলে পাকিস্তানৰ নেটত আঘাত হানে দ্বিতীয়টো গ’লৰ।

আন এক পেনাল্টী কৰ্ণাৰৰ সুযোগ কাৰ্যকৰী কৰি হৰমনপ্ৰীতে অগ্ৰগতি দিয়ে ভাৰতক। ইয়াৰ পিছতো ভাৰতীয় দলে একাধিক সুযোগ লাভ কৰে যদিও এই সুযোগ গ’ললৈ পৰিণত কৰাত বিফল হয়। একেদৰে পাকিস্তান দলেও বিফল হয় লাভ কৰা সুযোগ কাৰ্যকৰী কৰাত। মেচখনত দুয়োটা দলৰ খেলুৱৈৰ মাজত কেইবাবাৰো অনাহূত পৰিস্থিতিৰ সৃষ্টি হয়। পৰস্পৰৰ বিৰুদ্ধে কাজিয়াত লিপ্ত হয় দুয়োটা দলৰ খেলুৱৈ।

হাই ভল্টেজ মেচখনত বিধি নিষিদ্ধভাৱে খেলাৰ বাবে তিনিগৰাকীকৈ খেলুৱৈ হালধীয়া কাৰ্ডৰ সন্মুখীন হয়। পাকিস্তানৰ দুগৰাকী খেলুৱৈক ৰেফাৰীয়ে হালধীয়া কাৰ্ড দিয়াৰ লগতে ভাৰতীয় অধিনায়ক হৰমনপ্ৰীতকো হালধীয়া কাৰ্ড দেখুৱায় ৰেফাৰীয়ে। মেচৰ ৪২ মিনিটত পাকিস্তানৰ খেলুৱৈ চুফিয়ানক হালধীয়া কাৰ্ড প্ৰদৰ্শন কৰা হয়। ইয়াৰ ফলত ৫ মিনিটৰ বাবে মেচৰ পৰা নিলম্বিত হয় খেলুৱৈগৰাকী।

আনহাতে অন্তিম কোৱাৰ্টাৰত পাকিস্তানৰ আশ্ৰাফ ৱাহিদ ৰাণাই ভাৰতীয় খেলুৱৈ জুগৰাজক বিধি নিষিদ্ধভাৱে ঠেলি পেলাই দিয়াক লৈ দুয়োটা দলৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। ই্যাৰ পিছত টিভি আম্পায়াৰে ফুটেজ পৰীক্ষা কৰি পাকিস্তানী খেলুৱৈজনক এনে বিধি নিষিদ্ধ আচৰণৰ বাবে হালধীয়া কাৰ্ড দেখুৱাই ১০ মিনিটৰ বাবে নিলম্বিত কৰে। আনহাতে খেল শেষ হোৱাৰ ৩ মিনিট পূৰ্বে ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত সিঙক দিয়া হয় হালধীয়া কাৰ্ড।

ইফালে মেচৰ ২১ মিনিটত সোঁ আঠুত গুৰুতৰভাৱে আঘাত লাভ কৰে পাকিস্তানৰ আবু মাহমুদে। এনে পৰিস্থিতিত তেওঁক ষ্ট্ৰেচাৰত উঠাই বাহিৰলৈ উলিয়াই আনিবলগীয়া হয়। উল্লেখ্য যে এই জয়েৰে ভাৰতীয় দলে অপৰাজেয় দল হিচাপে গ্ৰুপত শীৰ্ষত থাকি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে আজি ভাৰতৰ বিপক্ষে পৰাস্ত হ’লেও পাকিস্তান দলেও ছেমিৰ পথ প্ৰশস্ত কৰিছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version