IND vs PAK LIVE Score, Champions Trophy: পাকিস্তানক বিধ্বস্ত কৰি ছেমিত ভাৰত, কোহলীৰ ৫১তম শতক

সমগ্ৰ বিশ্বত আজি দেখা গ’ল ভাৰত-পাকিস্তান মেচৰ উন্মাদনা। চলিত চেম্পিয়নছ ট্ৰফীৰ এই গুৰুত্বপূৰ্ণ মেচখনত আজি পাকিস্তানক সহজেই পৰাস্ত কৰি ছেমিত প্ৰৱেশ কৰিছে ভাৰতে। দৰ্শনীয় অপৰাজিত শতকেৰে কোহলী হৈ পৰে এই জয়ৰ নায়ক।

IND vs PAK LIVE Score, Champions Trophy: পাকিস্তানক বিধ্বস্ত কৰি ছেমিত ভাৰত, কোহলীৰ ৫১তম শতক

আজি সমুখ সমৰত ভাৰত-পাকিস্তান

Updated On: 

23 Feb 2025 22:21 PM

সমগ্ৰ ক্ৰিকেট বিশ্বত এতিয়া চেম্পিয়নছ ট্ৰফীৰ উন্মাদনা। প্ৰতিযোগিতাত আজি অনুষ্ঠিত হ’ব ক্ৰিকেট জগতৰ আটাইতকৈ চৰ্চিত তথা হেভীৱেইট যুঁজ ভাৰত বনাম পাকিস্তানৰ মেচ। ক্ৰিকেটপ্ৰেমীয়ে অতি উৎকণ্ঠাৰে অপেক্ষা কৰিছে ২২ গজৰ এই মহাৰণলৈ। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত কিছু সময়ৰ পিছতে সমুখ সমৰত নামিব দুই চুবুৰীয়া ক্ৰিকেট শক্তি। দুই দলৰ মাজত সততে দেখিবলৈ পোৱাৰ দৰেই আজিও এক ৰোমাঞ্চকৰ যুঁজৰ আশাত অপেক্ষাৰত প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমী।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 23 Feb 2025 09:52 PM (IST)

    কোহলীৰ শতক, ৬ উইকেটত জয়ী ভাৰত

    বিৰাট কোহলীৰ দৰ্শনীয় শতকেৰে পাকিস্তানক বিধ্বস্ত কৰিছে ভাৰতে। ৬ উইকেটত সহজ জয়েৰে ভাৰতে প্ৰৱেশ কৰিছে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমিত। আনহাতে ক্ৰমাগত দ্বিতীয় পৰাজয়েৰে প্ৰতিযোগিতাৰ পৰা বিদায় লোৱাৰ উপক্ৰম হৈছে পাকিস্তানৰ।

  • 23 Feb 2025 09:42 PM (IST)

    নিটিকিল পাণ্ডিয়া, ভাৰতে হেৰুৱালে চতুৰ্থটো উইকেট

    আয়াৰৰ উইকেট পতনৰ পিছত ক্ৰীজলৈ অহা হাৰ্দিক পাণ্ডিয়া বেছি সময় ক্ৰীজত নিটিকিল। মাত্ৰ ৮ ৰান কৰিয়েই বিদায় লয় পাণ্ডিয়াই।


  • 23 Feb 2025 09:34 PM (IST)

    ৫৬ ৰান কৰি বিদায় ল’লে আয়াৰে

    এক দৰ্শনীয় ইনিংছ খেলি বিদায় ল’লে শ্ৰেয়স আয়াৰে। ৬৭টা বলত ৫টা চাৰি আৰু এটা ছয়েৰে আয়াৰে ৫৬ ৰান সংগ্ৰহ কৰে।

  • 23 Feb 2025 09:21 PM (IST)

    আয়াৰেও সম্পূৰ্ণ কৰিলে অৰ্ধশতক

    কোহলীৰ পিছত শ্ৰেয়স আয়াৰেও সম্পূৰ্ণ কৰিছে অৰ্ধশতক। এদিনীয়া কেৰিয়াৰত আয়াৰৰ এয়া ২১ সংখ্যক অৰ্ধশতক।

  • 23 Feb 2025 09:19 PM (IST)

    ভাৰতৰ ২০০ ৰান সম্পূৰ্ণ, জয়ৰ বাবে প্ৰয়োজন মাত্ৰ ৪২ ৰানৰ

    ইনিংছৰ ৩৬ সংখ্যক অভাৰত ভাৰতে সম্পূৰ্ণ কৰিছে ২০০ ৰান। অৰ্থাৎ ভাৰতক জয়ৰ বাবে এতিয়া মাত্ৰ ৪২ ৰানৰ প্ৰয়োজন।

  • 23 Feb 2025 09:11 PM (IST)

    ৩৫ অভাৰত ভাৰতৰ সংগ্ৰহ ১৮৯ ৰান

    ৩৫ অভাৰৰ সমাপ্তিলৈ ভাৰতীয় দলে সংগ্ৰহ কৰিছে ১৮৯ ৰান। ভাৰতীয় দলক জয়ৰ বাবে এতিয়া অন্তিম ১৫ অভাৰত মাত্ৰ ৫৩ ৰানৰ প্ৰয়োজন।

  • 23 Feb 2025 08:54 PM (IST)

    ৰানৰ গতি বঢ়ালে আয়াৰেও, পালে জীৱনদান

    ধৈৰ্যশীল বেটিঙেৰে ইনিংছ আগুৱাই  নিয়াৰ পিছত ৰানৰ গতি বঢ়াইছে শ্ৰেয়স আয়াৰে। ইনিছৰ ৩০ সংখ্যক অভাৰত খুছদিল শ্বাহৰ বলত আয়াৰে কোবায় দুটাকৈ চাৰি। অৱশ্যে অভাৰৰ অন্তিমটো বলত জীৱনদান পায় আয়াৰে।

  • 23 Feb 2025 08:40 PM (IST)

    অৰ্ধশতক সম্পূৰ্ণ কোহলীৰ

    পাকিস্তানৰ বিপক্ষে সদাসফল বিৰাট কোহলী আজি পুনৰ এবাৰ উজলি উঠিছে। দৰ্শনীয় বেটিঙেৰে তাৰকাগৰাকীয়ে সম্পূৰ্ণ কৰিছে অৰ্ধশতক।

  • 23 Feb 2025 08:09 PM (IST)

    দলীয় স্ক’ৰত শতকৰ পিছতে পেভিলিয়নলৈ উভতিল গিল

    ভাৰতীয় ইনিংছত লাগিছে আঘাত। ১৭.১ অভাৰত ভাৰতীয় স্ক’ৰবৰ্ডত ১০০ ৰান যোগ হোৱাৰ পিছতে অভাৰৰ তৃতীয় বলত গিলক বিদায় দিয়ে আব্ৰাৰে। গিলৰ বেটৰ পৰা আহে গুৰুত্বপূৰ্ণ ৪৬ ৰান।

  • 23 Feb 2025 07:50 PM (IST)

    এদিনীয়াত ১৪ হাজাৰ ৰান সম্পূৰ্ণ কোহলীৰ

    এদিনীয়া কেৰিয়াৰত ১৪ হাজাৰ ৰান সম্পূৰ্ণ কৰিলে সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলীয়ে। শচীন তেণ্ডুলকাৰ আৰু কুমাৰ ছাংগাকাৰাৰ পিছত এই সাফল্য অৰ্জন কৰা তৃতীয়গৰাকী ক্ৰিকেটাৰ কোহলী।

  • 23 Feb 2025 07:47 PM (IST)

    ব্যৰ্থতা দূৰ কৰিব পাৰিবনে কোহলীয়ে

    বিগত সময়ছোৱাত লেগ স্পিনাৰৰ বিপক্ষে ব্যৰ্থ হোৱা দেখা গৈছে বিৰাট কোহলী। আজি পাকিস্তানী লেগ স্পিনাৰ আব্ৰাৰ আহমেদৰ প্ৰত্যাহ্বান কোহলীয়ে প্ৰতিহত কৰিব পাৰিবনে নোৱাৰে, সেয়া লক্ষণীয় হ’ব।

  • 23 Feb 2025 07:31 PM (IST)

    ৫০ ৰান সম্পূৰ্ণ ভাৰতৰ

    ৮.১ অভাৰত ৫০ ৰান সম্পূৰ্ণ কৰিছে ভাৰতে। আফ্ৰিদীৰ এটা বলত কোহলীয়ে দুই ৰান সংগ্ৰহেৰে ভাৰতীয় স্ক’ৰ ৫০ৰ পাৰ কৰায়।

  • 23 Feb 2025 07:24 PM (IST)

    গিলৰ ক্লাছিক শ্ব’

    ৰোহিতৰ বিদায়ৰ পিছত শুভমন গিলে গ্ৰহণ কৰিছে আক্ৰমণাত্মক শৈলী। কলাত্মক তথা সুদৰ্শনীয় শ্বটেৰে দুটাকৈ চাৰি কোবোৱাৰ পিছত শ্বাহিনৰ একেটা অভাৰতে গিলৰ বেটৰ পৰা আহে আন এটা চাৰি।

  • 23 Feb 2025 07:16 PM (IST)

    পেভিলিয়নমুখী ৰোহিত, ভাৰতীয় শিবিৰত আঘাত হানিলে আফ্ৰিদীয়ে

    আক্ৰমণাত্মক আৰম্ভণিৰে দলৰ ইনিংছ আগুৱাই নিয়াৰ পথত আগবঢ়া ৰোহিত শৰ্মাক বিদায় দি শ্বাহিন আফ্ৰিদীয়ে ভাৰতীয় শিবিৰত প্ৰথমটো আঘাত হানিছে। ৰোহিতৰ বেটৰ পৰা আহে ১৫ বলত ২০ ৰান।

  • 23 Feb 2025 07:10 PM (IST)

    ভাৰতৰ আক্ৰমণাত্মক আৰম্ভণি

    প্ৰথম অভাৰ সাৱধানতাৰে পাৰ কৰাৰ পিছত ভাৰতে আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰিছে। বিশেষকৈ অধিনায়ক ৰোহিত শৰ্মাই মিজৰ স্বভাৱসিদ্ধ শৈলীৰেই ইনিংছ আগুৱাই নিয়াৰ সিদ্ধান্ত লৈছে। গিলৰ বেটৰ পৰাও আহিছে দুটা বাউণ্ডেৰী।

  • 23 Feb 2025 07:01 PM (IST)

    ৰোহিতৰ বেটৰ পৰা আহিল প্ৰথমটো বাউণ্ডেৰী

    ভাৰতীয় ইনিংছত ৰোহিত শৰ্মাৰ বেটৰ পৰা আহিছে প্ৰথমটো বাউণ্ডেৰী। টপ এজ লাগি থাৰ্ড মেনৰ দিশত এটা চাৰি অহাৰ পিছতে ৰোহিতে পুনৰ আক্ৰমণৰ সিদ্ধান্ত লয় আৰু পিছৰটো বলতে এটা ছয় কোবায়।

  • 23 Feb 2025 06:57 PM (IST)

    প্ৰথম অভাৰত ভাৰতৰ সংগ্ৰহ ২ ৰান

    জয়ৰ বাবে ২৪২ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে সাৱধানী আৰম্ভণি ঘটাইছে। শ্বাহিন আফ্ৰিদীৰ প্ৰথম অভাৰত ভাৰতে ২ ৰান সংগ্ৰহ কৰে।

  • 23 Feb 2025 06:53 PM (IST)

    লক্ষ্য ২৪২, ক্ৰীজত ৰোহিত-গিল

    পাকিস্তানে বান্ধি দিয়া ২৪২ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণৰ লক্ষ্যৰে ক্ৰীজত নামিছে দুই ভাৰতীয় অপেনাৰ ৰোহিত আৰু গিল। পাকিস্তানী বলিং আক্ৰমণৰ সমুখত দুই অপেনাৰৰ প্ৰদৰ্শন হ’ব লক্ষণীয়।

  • 23 Feb 2025 06:39 PM (IST)

    অনন্য অভিলেখ গঢ়িলে বিৰাটে

    পাকিস্তানৰ ইনিংছৰ সময়তে ভাৰতীয় তাৰকা বিৰাট কোহলীয়ে এক অনন্য অভিলেখ গঢ়িছে। এদিনীয়াত ভাৰতৰ হৈ সৰ্বাধিক কেচ আয়ত্ব কৰা ফিল্ডাৰ ৰূপে পৰিগণিত হৈছে কোহলী। এইপৰ্যন্ত এদিনীয়াত কোহলীয়ে ধৰিছে মুঠ ১৫৮ টা কেচ।

  • 23 Feb 2025 06:23 PM (IST)

    ইনিংছ সমাপ্ত পাকিস্তানৰ, ভাৰতৰ সমুখত ২৪২ ৰানৰ জয়ৰ লক্ষ্য

    ক্ৰিকেট প্ৰেমীৰ বহু প্ৰত্যাশিত ভাৰত-পাক মেচৰ আধা অংশৰ সমাপ্তি ঘটিছে। অন্ত পৰিছে প্ৰথমে বেটিং কৰা পাকিস্তানৰ ইনিংছ। ৪৯.৪ অভাৰত সকলো উইকেট হেৰুৱাই পাকিস্তানে ২৪১ ৰান সংগ্ৰহ কৰে আৰু ভাৰতৰ সমুখত ২৪২ ৰানৰ জয়ৰ লক্ষ্য বান্ধি দিয়ে।

  • 23 Feb 2025 06:06 PM (IST)

    কুলদীপৰ হাতলৈ আন এটা উইকেট, পাকিস্তানে হেৰুৱালে অষ্টমটো উইকেট

    কুলদীপ যাদৱে দখল কৰিছে তৃতীয়টো উইকেট। নাছিম শ্বাহৰ (১৪) উইকেট দখল কৰি কুলদীপে পাকিস্তানৰ ইনিংছৰ অষ্টমটো উইকেটৰ পতন ঘটায়।

  • 23 Feb 2025 05:48 PM (IST)

    একেটা অভাৰতে দুটাকৈ উইকেট দখল কুলদীপৰ, পাকিস্তানে হেৰুৱালে সপ্তমটো উইকেট

    চেম্পিয়নছ ট্ৰফী ২০২৫ত অৱশেষত সফলতা লাভ কৰিছে কুলদীপ যাদৱে। চলমান আঘাৰ ৰূপত প্ৰথমটো উইকেট দখলৰ পিছত ক্ৰমাগত দ্বিতীয়টো বলত কুলদীপৰ চিকাৰ হয় শ্বাহিন আফ্ৰিদী।

  • 23 Feb 2025 05:44 PM (IST)

    খুছদিল শ্বাহৰ বেটৰ পৰা পাক ইনিংছৰ প্ৰথমটো ছয়

    ৪২ নং অভাৰত পাকিস্তানৰ ইনিংছত দেখা গ’ল প্ৰথমটো ছয়। অক্ষৰ পেটেলৰ বলত খুছদিল শ্বাহে প্ৰথমটো ছয় কোবায়।

  • 23 Feb 2025 05:25 PM (IST)

    ভাৰতৰ প্ৰত্যাৱৰ্তন, এইবাৰ জাদেজাই দিলে আন এক সফলতা

    দীঘলীয়া সময় ধৰি উইকেট দখলত ব্যৰ্থ হ’লেও এতিয়া দুৰন্ত প্ৰত্যাৱৰ্তন ঘটাইছে ভাৰতে। ১৪ ৰানৰ অন্তৰালত পাকিস্তানে হেৰুৱাইছে তৃতীয়টো উইকেট। এইবাৰ জাদেজাই দখল কৰিছে তৈয়ব তাহিৰৰ (৪) উইকেট।

  • 23 Feb 2025 05:18 PM (IST)

    সুযোগ লোৱাত ব্যৰ্থ চাকিল, পাণ্ডিয়াই দিলে আন এক সফলতা

    পুনৰ মেচত নিজৰ স্থিতি ঘূৰাই পাইছে ভাৰতে। চৌদ চাকিলক বিদায় দি পাণ্ডিয়াই দিছে ভাৰতক আন এটা সফলতা। কুলদীপৰ কেচ ড্ৰপৰ পিছত চাকিলে জীৱনদান পাইছিল যদিও ইয়াৰ সুযোগ লোৱাত বিফল হয় আৰু ৬২ ৰান সংগ্ৰহ কৰি বিদায় লয়।

  • 23 Feb 2025 05:15 PM (IST)

    আন এটা কেচ ড্ৰপ, জীৱন দান পালে চাকিলে

    জীৱনদান পালে ভাৰতৰ সমুখত খোপনি পোতা চৌদ চাকিলে। অক্ষৰ পেটেলৰ বলত তুলি দিয়া এটা কেচ আয়ত্ব কৰাত বিফল হয় কুলদীপ।

  • 23 Feb 2025 05:10 PM (IST)

    অৱশেষত স্বস্তি, জীৱনদান পোৱাৰ পিছতে পেভিলিয়নমুখী ৰিজৱান

    দীঘলীয়া সময়ৰ মূৰত মুখত হাঁহি বিৰিঙিছে ভাৰতীয় শিবিৰত। অৱশেষত ভংগ হ’ল চাকিল-ৰিজৱানৰ শতকীয় যুটি। ৰিজৱানক (৪৬) বিদায় দি ভাৰতক মেচলৈ ঘূৰাই আনিছে অক্ষৰ পেটেলে।

  • 23 Feb 2025 04:54 PM (IST)

    অৰ্ধশতক সম্পূৰ্ণ চাকিলৰ

    ভাৰতীয় বলাৰৰ সমুখত প্ৰাচীৰ ৰূপে থিয় দি চৌদ চাকিলে অধিনায়ক ৰিজৱানৰ সৈতে আগুৱাই নিছে দলৰ ইনিংছ। ধৈৰ্যশীল বেটিঙেৰে চাকিলে ৬৩টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰিছে। এদিনীয়া কেৰিয়াৰত তেওঁৰ এয়া চতুৰ্থটো অৰ্ধশতক।

  • 23 Feb 2025 04:51 PM (IST)

    ক্ৰীজত খোপনি ৰিজৱান-চাকিলৰ, উইকেটৰ সন্ধানত ভাৰত

    নিয়ন্ত্ৰিত বলিঙেৰে খৰ গতিৰে ৰান সংগ্ৰহত বান্ধি ৰাখিলেও উইকেট পতন ঘটোৱাত বিফল হৈছে ভাৰত। ৯.২ অভাৰতে পাকিস্তানে ৪৭ ৰানৰ স্ক’ৰত দ্বিতীয় উইকেট হেৰুৱাইছিল যদিও অধিনায়ক ৰিজৱান আৰু চাকিলে ক্ৰীজত খোপনি পুতি দলৰ ইনিংছ আগুৱাই নিছে।

  • 23 Feb 2025 04:35 PM (IST)

    ৰানৰ গতি খৰতকীয়া কৰাৰ চেষ্টা, শতকৰ পাৰ হ’ল পাকিস্তানৰ ইনিংছ

    ৫৫টা বলৰ পিছত প্ৰথমটো বাউণ্ডেৰীৰ মুখ দেখাৰ পিছতে ৰানৰ গতি বাঢ়িছে পাকিস্তানৰ। দলৰ স্ক’ৰ ইতিমধ্যে শতকৰ ঘৰ অতিক্ৰম কৰিছে। ১২টা বলৰ ব্যৱধানত দলটোৱে কোবাইছে ৪টা বাউণ্ডেৰী।

  • 23 Feb 2025 04:32 PM (IST)

    আধা ইনিংছ সমাপ্ত, পাকিস্তানৰ সংগ্ৰহ ৯৯ ৰান

    ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত বলিঙৰ বাবে ৰান সংগ্ৰহত কিছু শ্ৰমৰ সন্মুখীন হোৱা পাকিস্তানে ২৫ অভাৰৰ সমাপ্তিলৈ দুই উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে ৯৯ ৰান।

  • 23 Feb 2025 04:30 PM (IST)

    অৱশেষত আহিল বাউণ্ডেৰী

    পাকিস্তানৰ ইনিংছত ৫৫টা বলৰ পিছত দেখিবলৈ পোৱা গ’ল এটা বাউণ্ডেৰী। জাদেজাৰ বলত অধিনায়ক মহম্মদ ৰিজাৱানে কোবায় দলৰ ইনিংছৰ অষ্টমটো বাউণ্ডেৰী।

  • 23 Feb 2025 04:21 PM (IST)

    পাক ইনিংছত বাউণ্ডেৰীৰ খৰাং

    ২২ অভাৰৰ সমাপ্তিত পাকিস্তানে সংগ্ৰহ কৰিছে ৮৬ ৰান। ইনিংছৰ ১৫.১ অভাৰতে পাকিস্তানৰ ইনিংছত আহিছিল অন্তিমটো বাউণ্ডেৰী।

  • 23 Feb 2025 04:04 PM (IST)

    ১৮ অভাৰত ৭৪ ৰান সংগ্ৰহ কৰিছে পাকিস্তানে

    ভাৰতৰ নিয়ন্ত্ৰিত বলিঙৰ সমুখত ৰান সংগ্ৰহৰ বাবে কিছু শ্ৰম কৰিব লগা হৈছে পাকিস্তানে। দলটোৱে ১৮ অভাৰৰ সমাপ্তিলৈ সংগ্ৰহ কৰিছে ৭৪ ৰান।

  • 23 Feb 2025 03:52 PM (IST)

    ১৫ অভাৰত পাকিস্তানৰ সংগ্ৰহ ৬৩ ৰান

    ইনিংছৰ প্ৰাৰম্ভিক অৱস্থাত পাকিস্তানে কিছু খৰ গতিৰে ৰান সংগ্ৰহৰ চেষ্টা কৰিছিল যদিও ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত বলিঙত এতিয়া ৰানৰ গতি কিছু লেহেমীয়া হৈ পৰিছে। ১৫ অভাৰৰ সমাপ্তিলৈ পাকিস্তানে সংগ্ৰহ কৰিছে ৬৩ ৰান।

  • 23 Feb 2025 03:36 PM (IST)

    উভতিল ছামি, শংকামুক্ত ভাৰত

    ভাৰতীয় দল তথা অনুৰাগীলৈ সকাহ। ভৰিৰ সমস্যাৰ বাবে মহম্মদ ছামি খেলপথাৰৰ বাহিৰলৈ গৈছিল যদিও পুনৰ উভতি আহি বলিং কৰে। নিজৰ চতুৰ্থ অভাৰত ছামিয়ে দিয়ে মাত্ৰ ৩ ৰান।

  • 23 Feb 2025 03:24 PM (IST)

    পাৱাৰ প্লে’ত পাকিস্তানৰ সংগ্ৰহ ৫২ ৰান

    প্ৰথম পাৱাৰ প্লে’ৰ সমাপ্তিলৈ পাকিস্তানে দুই উইকেট হেৰুৱাই ৫২ ৰান সংগ্ৰহ কৰিছে।

  • 23 Feb 2025 03:23 PM (IST)

    ৫০ ৰান সম্পূৰ্ণ পাকিস্তানৰ

    অধিনায়ক মহম্মদ ৰিজৱানে কুলদীপ যাদৱৰ বলত এক দৰ্শনীয় শ্বটেৰে চাৰি কোবায় পাকিস্তানৰ ইনিংছত ৫০ ৰান সম্পূৰ্ণ কৰে।

  • 23 Feb 2025 03:21 PM (IST)

    অক্ষৰৰ দুৰন্ত ফিল্ডিং, পেভিলিয়নমুখী ইমাম

    পাকিস্তানে হেৰুৱাইছে দ্বিতীয়টো উইকেট। এক ৰান সংগ্ৰহৰ চেষ্টাত অক্ষৰ পেটেলৰ এটা দুৰন্ত ডাইৰেক্ট থ্ৰ’ত ৰান আউট হয় ইমাম উল হক (১০)।

  • 23 Feb 2025 03:13 PM (IST)

    পাণ্ডিয়াই দিলে ভাৰতক প্ৰথমটো সফলতা, বিদায় ল’লে বাবৰে

    সুন্দৰ ফৰ্মত দেখা পোৱা বাবৰ আজমক বিদায় দি হাৰ্দিক পাণ্ডিয়াই ভাৰতক দিছে প্ৰথমটো সফলতা। ২৬টা বলত ৫টা চাৰিৰে ২৩ ৰান সংগ্ৰহ কৰে বাবৰে।

  • 23 Feb 2025 03:08 PM (IST)

    খেলপথাৰ এৰিলে মহম্মদ ছামিয়ে

    নিজৰ স্পেলৰ তৃতীয় অভাৰ সম্পূৰ্ণ কৰাৰ পিছতে মহম্মদ ছামিয়ে ভৰিৰ কিছু সমস্যাৰ বাবে খেলপথাৰৰ পৰা বাহিৰলৈ যাবলগীয়া হৈছে। ভাৰতীয় দলৰ বাবে এয়া হৈ পৰিছে চিন্তনীয় দৃশ্য। ছামিৰ পৰিৱৰ্তে ৱাশ্বিংটন সুন্দৰে ফিল্ডিঙৰ বাবে খেলপথাৰত প্ৰৱেশ কৰে।

  • 23 Feb 2025 03:03 PM (IST)

    ছয় অভাৰত পাকিস্তানৰ সংগ্ৰহ ২৬ ৰান

    ছয় অভাৰৰ সমাপ্তিলৈ পাকিস্তানে ২৬ ৰান সংগ্ৰহ কৰিছে। নিজৰ তৃতীয় অভাৰত হৰ্ষিত ৰাণাই ৱাইডৰ ৰূপত একমাত্ৰ ৰান খৰচ কৰে।

  • 23 Feb 2025 02:58 PM (IST)

    খেলপথাৰত চিন্তাৰ দৃশ্য, অভাৰৰ মাজতে ছামিয়ে ল’লে ফিজিঅ’ৰ সহায়

    পঞ্চম অভাৰ বলিং কৰি থকাৰ সময়তে চতুৰ্থ বলৰ পিছত খেলপথাৰতে মহম্মদ ছামিয়ে ফিজিঅ’ৰ সহায় লোৱা দেখা গৈছে। আঘাতমুক্ত হৈ খেলপথাৰলৈ প্ৰত্যাৱৰ্তন কৰিছে ছামিয়ে আৰু সেয়ে এই দৃশ্যই চিন্তিত কৰি তুলিছে অনুৰাগীক।

  • 23 Feb 2025 02:51 PM (IST)

    বাবৰৰ বেটৰ পৰা ইনিংছৰ প্ৰথমটো বাউণ্ডেৰী

    পাকিস্তানী ইনিংছত প্ৰথমটো বাউণ্ডেৰী আহিছে বাবৰ আজমৰ বেটৰ পৰা। হৰ্ষিত ৰাণাই কৰা ইনিংছৰ চতুৰ্থটো অভাৰৰ তৃতীয়টো বলত এক সুন্দৰ শ্বটেৰে চাৰি কোবায় বাবৰে। ইয়াৰ পিছত পঞ্চমটো বলতো তাৰকাগৰাকীয়ে আন এটা বাউণ্ডেৰী কোৱায়।

  • 23 Feb 2025 02:49 PM (IST)

    লাইন ঘূৰাই পালে ছামিয়ে

    প্ৰথম অভাৰত ৫টাকৈ ৱাইড কৰা মহম্মদ ছামি দ্বিতীয় অভাৰত নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শনলৈ উভতে। ছামিৰ অভাৰত ৪ ৰান সংগ্ৰহেৰে পাকিস্তানে তৃতীয় অভাৰৰ সমাপ্তিলৈ সংগ্ৰহ কৰে ১৪ ৰান।

  • 23 Feb 2025 02:44 PM (IST)

    দুই অভাৰৰ অন্তত পাকিস্তানৰ সংগ্ৰহ ১০ ৰান

    দুই অভাৰৰ অন্তত ১০ ৰান সংগ্ৰহ কৰিছে পাকিস্তান। হৰ্ষিত ৰাণাই নিজৰ প্ৰথমটো অভাৰত সঠিক লাইণসহ মাত্ৰ ৪ ৰান ব্যয় কৰে।

  • 23 Feb 2025 02:39 PM (IST)

    প্ৰথম অভাৰতে ৫টা ৱাইড ছামিৰ

    ডুবাইৰ পিটছত প্ৰথম অভাৰত সঠিক লাইনত বলিং কৰাত কিছু সমস্যাৰ সন্মুখীন হয় মহম্মদ ছামি। অভাৰটোত মুঠ ৫টাকৈ ৱাইড বল কৰে অভিজ্ঞ পেচাৰগৰাকীয়ে।

  • 23 Feb 2025 02:37 PM (IST)

    প্ৰথম অভাৰত পাকিস্তানৰ সংগ্ৰহ ৰান

    ইনিংছৰ প্ৰথম অভাৰত পাকিস্তানে সংগ্ৰহ কৰিছে ৬ ৰান। লক্ষণীয়ভাৱে ইয়াৰে ৫ ৰান আহে ৱাইডৰ জৰিয়তে।

  • 23 Feb 2025 02:31 PM (IST)

    আৰম্ভ হ’ল মেচ

    পাকিস্তানৰ হৈ ইমাম আৰু বাবৰে ইনিংছ মুকলি কৰাৰ বিপৰীতে ভাৰতীয় দলৰ হৈ বলিং মুকলি কৰিছে মহম্মদ ছামিয়ে।

  • 23 Feb 2025 02:25 PM (IST)

    ভাৰতৰ অনাকাংক্ষিত ৰেকৰ্ড

    পাকিস্তানৰ বিৰুদ্ধে টছত পৰাজিত হৈ এক আজৱ বিশ্ব অভিলেখ গঢ়িছে ভাৰতে। এদিনীয়াত একেৰাহে ১২ খন মেচত টছত পৰাজিত দল হিচাপে পৰিগণিত হৈছে ভাৰতীয় দল।

  • 23 Feb 2025 02:17 PM (IST)

    পাকিস্তানৰ মূল একাদশ

    ইমাম উল হক, বাবৰ আজম, চৌদ চাকিল, মহম্মদ ৰিজৱান(অধিনায়ক/উইকেটৰক্ষক), চলমান আঘা, তৈয়ব তাহিৰ, খুছদিল শ্বাহ, শ্বাহিন আফ্ৰিদি, নাছিম শ্বাহ, হেৰিছ ৰৌফ, আব্ৰাৰ আহমেদ।

  • 23 Feb 2025 02:16 PM (IST)

    ভাৰতৰ মূল একাদশ

    ৰোহিত শৰ্মা(অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, অক্ষৰ পেটেল, কে এল ৰাহুল(উইকেটৰক্ষক), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, হৰ্ষিত ৰাণা, মহম্মদ ছামি, কুলদীপ যাদৱ।

  • 23 Feb 2025 02:14 PM (IST)

    অপৰিৱৰ্তিত ভাৰতৰ মূল একাদশ

    পাকিস্তান মেচৰ বাবে অপৰিৱৰ্তিত ৰখা হৈছে ভাৰতীয় দল। অৰ্থাৎ বাংলাদেশৰ বিপক্ষে মেচত অৱতীৰ্ণ হোৱা দলটিয়েই আজিৰ মেচখনত খেলপথাৰত নামিব।

  • 23 Feb 2025 02:08 PM (IST)

    টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত পাকিস্তানৰ

    ইতিমধ্যে হৈ গৈছে ভাৰত-পাক মেচৰ টছ। টছত জয়ী হৈ পাকিস্তানী অধিনায়ক মহম্মদ ৰিজৱানে প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈছে।

  • 23 Feb 2025 01:50 PM (IST)

    টিম ইণ্ডিয়াই আৰম্ভ কৰিলে ৱাৰ্ম আপ

    ভাৰতীয় খেলুৱৈসকলে ৱাৰ্ম আপ আৰম্ভ কৰিছে। ষ্ট্ৰেচিং কৰাৰ লগতে কিছু দৌৰি শাৰীৰিক অনুশীলন চলোৱা দেখা গৈছে বিৰাট কোহলীক। ইফালে অধিনায়ক ৰোহিত শৰ্মা আৰু সহ-অধিনায়ক শুভমন গিলৰ মাজত দীঘলীয়া বাৰ্তালাপ দেখা পোৱা গৈছে।

  • 23 Feb 2025 01:45 PM (IST)

    শ্বাহীন আফ্ৰিদিৰ ভিডিঅ’ক লৈ ক্ষুব্ধ অনুৰাগী

    ভাৰত-পাকিস্তানৰ খেলৰ পূৰ্বে শ্বহীন আফ্ৰিদিৰ এটা ভিডিঅ’ ওলাইছে যাৰ বাবে ক্ষুব্ধ হৈ পৰিছে অনুৰাগী।

  • 23 Feb 2025 01:41 PM (IST)

    ডুবাইত পাকিস্তানৰ এদিনীয়া অভিলেখ

    ডুবাইত পাকিস্তানে এইপৰ্যন্ত ২২খন এদিনীয়া মেচ খেলিছে আৰু ইয়াৰে মাত্ৰ ৮খন মেচত জয়লাভ কৰিছে। আনহাতে ১৩খন মেচত পৰাজয়ৰ বিপৰীতে ১খন মেচ অনিৰ্ণায়ক হৈ ৰৈছে।

  • 23 Feb 2025 01:32 PM (IST)

    ডুবাইত ভাৰতৰ এদিনীয়া অভিলেখ

    ভাৰতীয় দলে ডুবাইত এতিয়ালৈকে ৭খন এদিনীয়া খেলিছে। ইয়াৰে ৬খন মেচতে জয়লাভ কৰিছে ভাৰতে আৰু এখন মেচ অনিৰ্ণায়ক হৈ ৰৈছে। অৰ্থাৎ ডুবাইত পূৰ্বৰ ৰেকৰ্ডৰ ভিত্তিত ভাৰতীয় দলৰ আজিও জয়ৰ আশা আছে।

  • 23 Feb 2025 01:25 PM (IST)

    ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীত ভাৰত-পাকিস্তান

    ২০১৭ চনত অনুষ্ঠিত হোৱা চেম্পিয়নছ ট্ৰফীৰ অষ্টম সংস্কৰণত দুয়োটা দল দুবাৰ মুখামুখি হৈছিল। গ্ৰুপ মেচত ভাৰত জয়ী হোৱাৰ বিপৰীতে ফাইনেলত ভাৰতক শোচনীয়ভাৱে পৰাস্ত কৰি খিতাপ জয় কৰিছিল পাকিস্তানে।

  • 23 Feb 2025 01:17 PM (IST)

    চেম্পিয়নছ ট্ৰফীত ভাৰত-পাকিস্তানৰ ৰেকৰ্ড

    অৱশ্যে চেম্পিয়নছ ট্ৰফীত পাৰস্পৰিক মুখামুখিত আগবাঢ়ি আছে পাকিস্তান। এতিয়ালৈকে দুয়োটা দল প্ৰতিযোগিতাখনত ৫বাৰ মুখামুখি হৈছে। ইয়াৰে দুখনত ভাৰত জয়ী হোৱাৰ বিপৰীতে পাকিস্তান জয়ী হৈছে তিনিখন মেচত।

  • 23 Feb 2025 01:10 PM (IST)

    আইচিচি ইভেণ্টত ভাৰত-পাকিস্তান

    আইচিচিৰ যিকোনো ইভেণ্টত সময়ত দুয়োটা দলৰ মাজত ২১খন মেচ অনুষ্ঠিত হৈছে। ইয়াৰে ১৭খন মেচত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে পাকিস্তানে মাত্ৰ ৪খন মেচত জয়লাভ কৰিছে। অৰ্থাৎ আইচিচি টুৰ্ণামেণ্টত পাকিস্তানৰ বিপক্ষে একপ্ৰকাৰে আধিপত্য বিস্তাৰ কৰিছে ভাৰতে।

  • 23 Feb 2025 01:02 PM (IST)

    এদিনীয়াৰ পৰস্পৰৰ বিপক্ষে ভাৰত-পাকিস্তানৰ পূৰ্বৰ ৰেকৰ্ড

    এই পৰ্যন্ত ভাৰত আৰু পাকিস্তানৰ মাজত ১৩৫ খন এদিনীয়া মেচ অনুষ্ঠিত হৈছে। ইয়াৰে ৫৭খন মেচত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে পাকিস্তান জয়ী হৈছে ৭৩খন মেচত।

  • 23 Feb 2025 12:54 PM (IST)

    পৰাস্ত হ’লেই বিদায় ল’ব পাকিস্তানে

    নিউজিলেণ্ডৰ বিপক্ষে পৰাজয়ৰ পিছত প্ৰতিযোগিতাত বৰ্তি থাকিবলৈ হ’লে পাকিস্তানৰ বাবে আজি ভাৰতৰ বিপক্ষে জয় অনিবাৰ্য। আজি পৰাস্ত হ’লেই প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ব পাকিস্তান। আনহাতে জয়ী হোৱাৰ লগে লগে ছেমিত প্ৰৱেশ কৰিব ভাৰতে।

  • 23 Feb 2025 12:48 PM (IST)

    ভাৰতৰ জয়ৰ আশা, চিন্তিত পাকিস্তান

    বাংলাদেশৰ বিপক্ষে জয়েৰে চেম্পিয়নছ ট্ৰফী অভিযান আৰম্ভ কৰা ভাৰতে আজিও জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিব। আনহাতে নিউজিলেণ্ডৰ বিপক্ষে প্ৰথমখন মেচতে পৰাজয়ৰ সন্মুখীন হোৱা পাকিস্তানৰ বাবে এই মেচখন হৈ পৰিছে বৰ্তি থকাৰ যুঁজ।

আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..
লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...