5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Champions Trophy 2025: কেতিয়া হ’ব ভাৰত-পাক মেচ! চাওক ড্ৰাফ্ট সূচী অনুসৰি চেম্পিয়নছ ট্ৰফীত ভাৰতৰ মেচৰ দিন

ভাৰত আৰু পাকিস্তানৰ মেচ বুলিলেই ক্ৰিকেট বিশ্বত এক বিশেষ উৎকণ্ঠা পৰিলক্ষিত হয়। সেয়ে চেম্পিয়নছ ট্ৰফীত হ’বলগীয়া ভাৰত-পাক মেচৰ প্ৰতিও অনুৰাগীৰ প্ৰত্যাশা স্বাভাৱিক। এই বহু প্ৰত্যাশিত মেচখন কেতিয়া অনুষ্ঠিত হ’ব, সেয়া জানিবলৈ নিশ্চিতভাৱে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীয়েই ইচ্ছুক।

Champions Trophy 2025: কেতিয়া হ’ব ভাৰত-পাক মেচ! চাওক ড্ৰাফ্ট সূচী অনুসৰি চেম্পিয়নছ ট্ৰফীত ভাৰতৰ মেচৰ দিন
চেম্পিয়নছ ট্ৰফীত কেতিয়া হ’ব ভাৰত-পাক মেচ!
monjit-dutta
Monjit Dutta | Published: 23 Dec 2024 10:02 AM

আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া আইচিচি চেম্পিয়নছ ট্ৰফীৰ বাবে প্ৰস্তুতি অব্যাহত আছে। ইতিমধ্যে প্ৰতিযোগিতাখনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বাদ-বিবাদ দূৰ হৈছে। প্ৰতিযোগিতাখনৰ বাবে বিচিচিআইয়ে আগবঢ়োৱা হাইব্ৰিড মডেলৰ প্ৰস্তাৱ স্বীকাৰ কৰাৰ লগতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে শেহতীয়াকৈ নিৰপেক্ষে স্থানৰ বিষয়তো সন্মতি প্ৰকাশ কৰিছে। সেই অনুসৰি ডুবাইত চেম্পিয়নছ ট্ৰফীৰ মেচ খেলিব ভাৰতীয় দলে। সকলো বিবাদ দূৰ হোৱাৰ পিছত এতিয়া চেম্পিয়নছ ট্ৰফীৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ক্ৰিকেত বিশ্বই।

হাইব্ৰিড মডেল আৰু নিৰপেক্ষ স্থান সন্দৰ্ভত ঘোষণা কৰা হৈছে যদিও চেম্পিয়নছ ট্ৰফীৰ চূড়ান্ত সূচী এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। অৱশ্যে প্ৰতিযোগিতাখনৰ এক খচৰা সূচী ইতিমধ্যে প্ৰকাশ কৰা হৈছে। এই খচৰা সূচী অনুসৰি, অহা বৰ্ষৰ ১৯ ​​ফেব্ৰুৱাৰীৰ পৰা চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰা হ’ব। আনহাতে ৯ মাৰ্চত অনুষ্ঠিত হ’ব ফাইনেল মেচ। অৰ্থাৎ মুঠ ১৯ দিনীয়া সূচীৰে অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।

চেম্পিয়নছ ট্ৰফীত মুঠ ৮টা দলে প্ৰতিদ্বন্দিতা আগবঢ়াব। এই ৮টা দলক চাৰিটাকৈ দুটা গ্ৰুপত ভাগ কৰা হৈছে। লক্ষণীয়ভাৱে ভাৰত আৰু পাকিস্তানক প্ৰতিযোগিতাখনৰ একেটা গ্ৰুপতে স্থান দিয়া হৈছে। ভাৰত আৰু পাকিস্তানৰ মেচ বুলিলেই ক্ৰিকেট বিশ্বত এক বিশেষ উৎকণ্ঠা পৰিলক্ষিত হয়। সেয়ে চেম্পিয়নছ ট্ৰফীত হ’বলগীয়া ভাৰত-পাক মেচৰ প্ৰতিও অনুৰাগীৰ প্ৰত্যাশা স্বাভাৱিক।

এই বহু প্ৰত্যাশিত মেচখন কেতিয়া অনুষ্ঠিত হ’ব, সেয়া জানিবলৈ নিশ্চিতভাৱে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীয়েই ইচ্ছুক। ইতিপূৰ্বে প্ৰকাশিত ড্ৰাফট সূচী অনুসৰি এই মেচখন ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। নিৰপেক্ষ স্থান হিচাপে ডুবাইৰ নাম নিশ্চিত হোৱাৰ পিছত এতিয়া ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ এই হাইভল্টেজ মেচখন অনুষ্ঠিত হ’ব বুলি ধাৰণা কৰা হৈছে।

ভাৰত আৰু পাকিস্তানৰ লগতে চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ এত নিউজিলেণ্ড আৰু বাংলাদেশকো স্থান দিয়া হৈছে। আনহাতে গ্ৰুপ বিত আছে অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তান। ড্ৰাফ্ট সূচী অনুসৰি প্ৰতিযোগিতাৰ উদ্বোধনী মেচ, অৰ্থাৎ ১৯ ফেব্ৰুৱাৰীত প্ৰথমখন মেচত নিউজিলেণ্ড আৰু পাকিস্তান মুখামুখি হ’ব। এই মেচখন কৰাচীত অনুষ্ঠিত হ’ব।

আনহাতে ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে মেচৰ জৰিয়তে চেম্পিয়নছ ট্ৰফী অভিযান আৰম্ভ কৰিব ভাৰতে। পাকিস্তানৰ বিৰুদ্ধে ২৩ ফেব্ৰুৱাৰীত দ্বিতীয়খন মেচ খেলাৰ পিছত গ্ৰুপ পৰ্যায়ত ভাৰতৰ তৃতীয় তথা অন্তিমখন মেচ ২ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব। ভাৰতীয় দলৰ মেচকেইখনৰ বাদে প্ৰতিযোগিতাৰ আন মেচসমূহ লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’ব।

অৱশ্যে ভাৰতে যদি ছেমি ফাইনেল আৰু ফাইনেলত প্ৰৱেশ কৰে তেতিয়া এই দুয়োখন মেচ ডুবাইত অনুষ্ঠিত হ’ব। অৱশ্যে ড্ৰাফট সূচী অনুসৰিহে এই মেচসমূহৰ দিনাংক উল্লেখ কৰা হৈছে। চেম্পিয়নছ ট্ৰফী ২০২৫ৰ চূড়ান্ত সূচীত এই দিনাংকৰ পৰিৱৰ্তন ঘটাৰো সম্ভাৱনা আছে। আগন্তুক কেইঘণ্টামানৰ ভিতৰতে এই চূড়ান্ত সূচী প্ৰকাশ পাব বুলি আশা কৰা হৈছে।

Latest News