আজি দক্ষিণ আফ্ৰিকাৰ বিপক্ষে প্ৰথম মেচঃ অনিশ্চিত সূৰ্য, অভিষেকৰ সুযোগ এই দুই যুৱ তাৰকাৰ
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চাৰিখনীয়া মেচৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ আজি ডাৰবানৰ কিংছমিড ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এই মেচখনত আঘাতৰ বাবে ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ অনিশ্চিত হৈ পৰিছে। এনে স্থলত আজি জাতীয় দলৰ হৈ অভিষেক ঘটিব পাৰে এগৰাকী যুৱ খেলুৱৈৰ।
আজিৰ পৰা আৰম্ভ হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ শৃংখলা। চাৰিখনীয়া মেচৰ এই টি-২০ শৃংখলাৰ প্ৰথমখন মেচ আজি ডাৰবানৰ কিংছমিড ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। পিছে এই শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই আঘাতৰ সমস্যাই জোকাৰিছে ভাৰতীয় শিবিৰক। খোদ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱেই গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে অনুশীলনৰ সময়ত হাতত আঘাত পাইছে সূৰ্যই। এনে পৰিস্থিতিত সূৰ্য আজি প্ৰথমখন মেচৰ পৰা বাহিৰ হ’ব পাৰে বুলি খবৰ প্ৰকাশ পাইছে।
যদি সূৰ্যই আজি ডাৰবান মেচত অংশ ল’ব নোৱাৰে, তেওঁৰ স্থানত কোনে মূল একাদশত স্থান পাব পাৰে সেয়া আলোচনাৰ বিষয় হৈ পৰিছে। এইক্ষেত্ৰত দুগৰাকী যুৱ খেলুৱৈৰ মাজত কোনোবা এজনৰ ভাগ্যোদয় ঘটাৰ সম্ভাৱনা আছে। সূৰ্য আজি দলত নাথাকিলে তেওঁৰ স্থানত উইকেটকীপাৰ-বেটছমেন জিতেশ শৰ্মা আৰু অলৰাউণ্ডাৰ ৰমনদীপ সিঙৰ ভিতৰত কোনোবা এজনক দেখা যাব পাৰে।
ইতিমধ্যে ভাৰতীয় দলৰ হৈ ৯খন টি-২০ মেচত অংশ লৈছে জিতেশ শৰ্মাই। অৱশ্যে দলত অভিজ্ঞ উইকেটৰক্ষক হিচাপে সঞ্জু চেমছন উপলব্ধ থকাৰ বাবে জিতেশ শৰ্মাই মূল একাদশত স্থান পোৱাৰ সম্ভাৱনা কম। ইয়াৰ বিপৰীতে অলৰাউণ্ডাৰ ৰমনদীপ সিঙে প্ৰথমে আই পি এলত আৰু শেহতীয়াকৈ ইমাৰ্জিং এছিয়া কাপত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
আক্ৰমণাত্মক বেটিঙৰ লগতে প্ৰয়োজনত বলিঙৰ বাবেও ৰমনদীপ এক বিকল্প হিচাপে সময়োপযোগী হৈ উঠিব পাৰে। এনে দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি আজি ডাৰবানত হয়তো ভাৰতীয় দলে ৰমনদীপক অভিষেক ঘটোৱাৰ সুযোগ দিব পাৰে। ইফালে সূৰ্যই যদি মেচখনত নেখেলাটো নিশ্চিত হয়, তেতিয়া দলৰ আটাইতকৈ অভিজ্ঞ খেলুৱৈ হিচাপে হাৰ্দিক পাণ্ডিয়াই এই মেচখনত দলৰ অধিনায়ক হিচাপে দায়িত্ব বহন কৰিব পাৰে।
শেহতীয়াকৈ বাংলাদেশৰ বিপক্ষে টি-২০ শৃংখলাত দলৰ ইনিংছ মুকলি কৰা অভিষেক শৰ্মা আৰু সঞ্জু চেমছনে এই শৃংখলাতো অপেনিং যুটি হিচাপে দায়িত্ব লোৱাটো প্ৰায় নিশ্চিত। একেদৰে সূৰ্যকুমাৰ যাদৱ নাথাকিলে তিলক বাৰ্মাই ৩ নম্বৰ স্থানত আৰু হাৰ্দিক পাণ্ডিয়াই ৪ নম্বৰ স্থানত বেটিং কৰিব পাৰে। আনহাতে ৰিংকু সিং আৰু অক্ষৰ পেটেলক মিডল অৰ্ডাৰত দেখা যাব পাৰে।
আনহাতে অভিষেক ঘটিলে ৰমনদীপ সিঙক ফিনিছাৰৰ ভূমিকাত দেখা পোৱা যাব। আনহাতে অৰ্শদীপ সিঙৰ নেতৃত্বত মূল একাদশত আজি বলিং বিভাগত দেখা পোৱা যাব পাৰে বৰুণ চক্ৰৱৰ্তী, আভেশ খানক। লগত থাকিব পাণ্ডিয়া, অক্ষৰৰ লগতে ৰমনদীপ। আনহাতে বাওঁহতীয়া পেচাৰ যশ দয়ালৰো আজি জাতীয় দলৰ হৈ অভিষেক ঘটাৰ সম্ভাৱনা আছে।
দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় দলঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমচন (উইকেটকীপাৰ), তিলক বাৰ্মা, ৰিংকু সিং, জিতেশ শৰ্মা (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰমনদীপ সিং, ৰবি বিষ্ণৈ, বৰুণ চক্ৰৱৰ্তী, অৰ্শদীপ সিং, বিজয়কুমাৰ বৈশাক, আভেশ খান আৰু যশ দয়াল।