জোহান্সবাৰ্গত দুৰ্দমনীয় সঞ্জু-তিলকৰ অভিলেখৰ বৰষুণঃ গঢ়িলে এইসমূহ অভিলেখ
জোহান্সবাৰ্গত কালি দক্ষিণ আফ্ৰিকাৰ বিপক্ষে শৃংখলাৰ অন্তিমখন মেচত ঘৰুৱা দলটোৰ বলিং আক্ৰমণক থকা-সৰকা কৰি চেমচন-তিলকে গঢ়ি তোলে ৰানৰ পাহাৰ। এইদৰে দুয়োগৰাকী তাৰকাই মেচখনৰ সময়ত কেইবাটাও অভিলেখ গঢ়ি তোলে। চাওঁ আহক এই অভিলেখৰ তালিকা।
শুকুৰবাৰে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত হ’ল আবতৰীয়া দেৱালী। ছয়-চাৰিৰ ফুলজাৰিৰে আফ্ৰিকান ভূমিত আবতৰীয়া দেৱালী উদযাপন কৰিলে ভাৰতীয় ক্ৰিকেট দলে। ভাৰতীয় দলৰ বেটিং লাইন আপৰ সমুখত দিশহাৰা হৈ পৰিল প্ৰটিয়াছ বাহিনী। টি-২০ শৃংখলাৰ চতুৰ্থ তথা অন্তিমখন মেচত ঘৰুৱা দল দক্ষিণ আফ্ৰিকাক ১৩৫ ৰানত শোচনীয়ভাৱে পৰাস্ত কৰি ৩-১ ব্যৱধানত শৃংখলা জয় কৰে। আৰম্ভণিৰ পৰাই ঘৰুৱা দলটোৰ বিপক্ষে আধিপত্য বিস্তাৰ কৰে ভাৰতে। অভিষেক শৰ্মাৰ সৈতে সঞ্জু চেমচনে বিস্ফোৰক আৰম্ভণি দি পাৱাৰ প্লে’ত ৭৩ ৰানৰ সংযোজন ঘটায়।
ইয়াৰ পিছতে ক্ৰীজত সঞ্জু চেমচন আৰু তিলক বাৰ্মাই যি প্ৰদৰ্শন দাঙি ধৰিলে, সেয়া দক্ষিণ আফ্ৰিকাৰ বাবে হৈ পৰিল চৰম বিপৰ্যয়। ঘৰুৱা দলটোৰ বলিং আক্ৰমণক থকা-সৰকা কৰি চেমচন-তিলকে গঢ়ি তোলে ৰানৰ পাহাৰ। দুয়ো বিধ্বংসী বেটিঙেৰে ছয়-চাৰিৰ বৰষুণ তুলি বিস্ফোৰক শতক অৰ্জন কৰে। চেমচন-তিলকৰ এই বেটিং বিক্ৰমত ভাৰতীয় দলে মাত্ৰ এটা উইকেট হেৰুৱাই ২৮৩ ৰানৰ বিশাল স্ক’ৰ থিয় কৰায়।
এইদৰে দুয়োগৰাকী তাৰকাই মেচখনৰ সময়ত কেইবাটাও অভিলেখ গঢ়ি তোলে। এটা-দুটা নহয়, মেচখনত সঞ্জু চেমচন আৰু তিক বাৰ্মা এঘাৰটাকৈ অভিলেখ তথা কৃতিত্বৰ গৰাকী হয়। চাওঁ আহক এই অভিলেখৰ তালিকাঃ
কালিৰ মেচখত টি-২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ তৃতীয়টো শতক অৰ্জন কৰে সঞ্জু চেমচনে। এই আটাইকেইটা শতক চেমচনে চলিত বৰ্ষতে অৰ্জন কৰিছে। এইদৰে চেমচন আন্তঃৰাষ্ট্ৰীয় টি-২০ত এটা বছৰত ৩টা শতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়।
টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা ভাৰতীয় বেটছমেনৰ তালিকাত তৃতীয় স্থানত আছে সঞ্জু চেমচন। তেওঁৰ আগত আছে কেৱল অধিনায়ক সূৰ্যকুমাৰ যাদৱ (৪) আৰু প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা (৫)।
মেচখনত একেটা শৃংখলাতে দুটাকৈ শতক অৰ্জন কৰা ভাৰতৰ প্ৰথম আৰু দ্বিতীয়গৰাকী বেটাৰ হিচাপে পৰিগণিত হয় ক্ৰমে সঞ্জু আৰু তিলক। সামগ্ৰিকভাৱে তেওঁলোক এই কৃতিত্ব অৰ্জন কৰা বিশ্বৰ দ্বিতীয় আৰু তৃতীয়গৰাকী ক্ৰিকেটাৰ। ইয়াৰ পূৰ্বে ইংলেণ্ডৰ ফিল ছল্টেহে এনে কৃতিত্ব কৰিবলৈ সক্ষম হৈছিল।
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ধাৰাবাহিকভাৱে দুটা শতক অৰ্জন কৰা ভাৰতৰ দ্বিতীয় আৰু বিশ্বৰ পঞ্চমগৰাকী বেটছমেন হিচাপে পৰিগণিত হয় তিলক বাৰ্মা। ইতিপূৰ্বে এই শৃংখলাৰ প্ৰথমখন মেচত শতক অৰ্জনেৰে চেমচনে এই কৃতিত্ব অৰ্জন কৰিছিল।
তিলকে মাত্ৰ ৪১টা বলত শতক সম্পূৰ্ণ কৰি ভাৰতৰ তৃতীয় দ্ৰুততম শতক অৰ্জনকাৰী খেলুৱৈ হিচাপে পৰিগণিত হয়। ৰোহিত শৰ্মা (৩৫) আৰু সঞ্জু চেমচন (৪০) এই তালিকাৰ শীৰ্ষ দুটা স্থানত আছে।
আইচিচিৰ সম্পূৰ্ণ সদস্য ৰাষ্ট্ৰ অৰ্থাৎ টেষ্ট খেলা দেশৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটা দলে একেটা ইনিংছতে ২টা শতক অৰ্জন কৰে।
দুয়োজনে দ্বিতীয় উইকেটত ২১০ ৰানৰ যুটি বান্ধে। এইদৰে দুয়ো টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যিকোনো উইকেটৰ বাবে সৰ্বাধিক ৰানৰ যুটীৰ ভাৰতীয় ৰেকৰ্ড গঢ়ে। সমান্তৰালকৈ দুয়ো টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সামগ্ৰিকভাৱে দ্বিতীয় উইকেটত সৰ্বাধিক ৰানৰ যুটিৰ অধিকাৰী হয়।
ভাৰতীয় দলে নিজ ইনিংছত মুঠ ২৩টা ছয় কোবায়। এইদৰে আন্তঃৰাষ্ট্ৰীয় টি-২০ত এটা ইনিংছত সৰ্বাধিক ছয়ৰ ক্ষেত্ৰত তৃতীয় স্তানত থাকে ভাৰতীয় দল।
তিলক আৰু সঞ্জুৱে একেলগে এই শৃংখলাত মুঠ ৪টা শতক অৰ্জন কৰিছে। টি-২০ শৃংখলাত প্ৰথমবাৰৰ বাবে কোনো দলে ৪টা শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে।
ভাৰতৰ ২৮৩ ৰানৰ স্ক’ৰ হৈছে দুখন পূৰ্ণ সদস্য দেশৰ মাজত খেলা মেচত দ্বিতীয় সৰ্বাধিক স্ক’ৰ। এই ক্ষেত্ৰত সৰ্বোচ্চ স্ক’ৰৰ ৰেকৰ্ডো ভাৰতৰ নামতে আছে। বিগত মাহত ভাৰতে বাংলাদেশৰ বিপক্ষে ২৯৭ ৰানেৰে এই অভিলেখ গঢ়িছিল।
তদুপৰি দক্ষিণ আফ্ৰিকাত টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত এটা ইনিংছত সৰ্বাধিক ৰানৰ অভিলেখো গঢ়ি তোলে ভাৰতে। মুঠৰ ওপৰত সঞ্জু আৰু তিলকে কালি জোহান্সবাৰ্গত কেৱল ছয়-চাৰিৰে নহয়, অভিলেখৰ বৰষুণৰো সৃষ্টি কৰে।