5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

লক্ষ্য শীৰ্ষস্থান! পাণ্ডিয়াৰ সৈতে প্ৰতিদ্বন্দিতাত নামিব এইগৰাকী ভাৰতীয় তাৰকা

আজিৰ পৰা দল দুটাৰ মাজত আৰম্ভ হ’ব চাৰিখনীয়া মেচৰ টি-২০ শৃংখলা। ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ ফাইনেলৰ পিছত প্ৰথমবাৰৰ বাবে পৰস্পৰৰ বিপক্ষে খেলপথাৰত নামিব ভাৰত আৰু দক্ষিণ আফ্ৰিকা। এই শৃংখলাৰ সময়তে ভাৰতীয় দলৰ দুগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈৰ মাজতো আন এক দিশত প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা যাব।

লক্ষ্য শীৰ্ষস্থান! পাণ্ডিয়াৰ সৈতে প্ৰতিদ্বন্দিতাত নামিব এইগৰাকী ভাৰতীয় তাৰকা
ভাৰতীয় ক্ৰিকেট দল
monjit-dutta
Monjit Dutta | Published: 08 Nov 2024 15:19 PM

টি-২০ বিশ্বকাপৰ পিছত পুনৰ এবাৰ দক্ষিণ আফ্ৰিকাৰ বিপক্ষে ২২ গজৰ প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ’ব ভাৰতীয় ক্ৰিকেট দল। আজিৰ পৰা দল দুটাৰ মাজত আৰম্ভ হ’ব চাৰিখনীয়া মেচৰ টি-২০ শৃংখলা। ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ ফাইনেলৰ পিছত প্ৰথমবাৰৰ বাবে পৰস্পৰৰ বিপক্ষে খেলপথাৰত নামিব ভাৰত আৰু দক্ষিণ আফ্ৰিকা। বাৰ্বাডোজৰ সেই পৰাজয়ৰ জ্বালা নিশ্চয় প্ৰটিয়াছ বাহিনীয়ে নিজ দেশৰ ভূমিত উপশমৰ চেষ্টা চলাব। গতিকে দুয়োটা দলৰ মাজত এই শৃংখলা যথেষ্ট আকৰ্ষণীয় হৈ উঠাৰ সম্ভাৱনা আছে।

এই শৃংখলাৰ সময়তে ভাৰতীয় দলৰ দুগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈৰ মাজতো আন এক দিশত প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা যাব। অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আৰু পেচাৰ অৰ্শদীপ সিঙৰ মাজত দেখিবলৈ পোৱা যাব এই প্ৰতিদ্বন্দিতা। দুয়োগৰাকী তাৰকাই এই শৃংখলাত নিজকে দেশৰ শ্ৰেষ্ঠ বলাৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সুযোগ লাভ কৰিব। আন্তঃৰাষ্ট্ৰীয় টি-২০ত সৰ্বাধিক উইকেট দখলকাৰী ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হোৱাৰ সুযোগ আছে পাণ্ডিয়া আৰু অৰ্শদীপৰ মাজত।

ভাৰতৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক উইকেট দখলৰ অভিলেখ আছে যুজবেন্দ্ৰ চাহালৰ নামত। ৮০খন মেচত চাহালে দখল কৰিছে ৯৬টা উইকেট। আনহাতে ভুৱনেশ্বৰ কুমাৰে ৮৭খন মেচত ৯০টা উইকেটৰে দ্বিতীয় স্থানত আৰু যশপ্ৰীত বুমৰাহে ৭০খন মেচত ৮৯টা উইকেটৰে তৃতীয় স্থানত আছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এই শৃংখলাৰ সময়ত পাণ্ডিয়া আৰু অৰ্শদীপে তেওঁলোকক অতিক্ৰম কৰি এই অভিলেখ নিজ নিজ নামত সংযোজিত কৰি তুলিব পাৰে।

পাণ্ডিয়াই এইপৰ্যন্ত ১০৫খন মেচত ৮৭টা উইকেট দখল কৰাৰ বিপৰীতে অৰ্শদীপে ৫৬খন মেচত ৮৭টা উইকেট দখল কৰিছে৷ অৰ্থাৎ দুয়োগৰাকী তাৰকা সম্প্ৰতি এই তালিকাত সমস্থানত আছে। চাৰিখনীয়া মেচৰ এই শৃংখলাটোত ১০টা উইকেট দখল কৰাৰ লগে লগে তেওঁলোক দেশৰ শ্ৰেষ্ঠ টি-২০ বলাৰ হিচাপে পৰিগণিত হ’ব। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ত বলিঙৰ ক্ষেত্ৰত হাৰ্দিক আৰু অৰ্শদীপৰ পূৰ্বৰ প্ৰদৰ্শনো আশানুৰূপ বুলিব পাৰি।

প্ৰটিয়াছ বাহিনীৰ বিপক্ষে পাণ্ডিয়াই ১২খন মেচত৮.৭৩ ইক’নমি ৰেটেৰে ৯টা উইকেট দখল কৰিছে। আনহাতে বাওঁহাতৰ পেচাৰ অৰ্শদীপে মাত্ৰ ৬খন মেচত ১০টা উইকেট দখল কৰিছে। অৱশ্যে পাণ্ডিয়াৰ তুলনাত অৰ্শদীপ কিছু খৰচী হিচাপেৰ বিবেচিত হৈছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ত অৰ্শদীপৰ ইক’নমি ৰেট ৯.১৫। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ত সৰ্বাধিক উইকেট দখলৰ অভিলেখ আছে ভুৱনেশ্বৰ কুমাৰৰ নামত।

ভুৱনেশ্বৰে দক্ষিণ আফ্ৰিকাৰ বিপক্ষে ১২খন মেচত ১৪টা উইকেট দখল কৰিছে। এই সময়ছোৱাত তেওঁ প্ৰটিয়াছ দলটোৰ বিপক্ষে এবাৰ ৪টা আৰু এবাৰ ৫টা উইকেট দখল কৰাৰ কৃতিত্বও অৰ্জন কৰিছে। আনহাতে দেশৰ অভিজ্ঞ স্পিনাৰ আৰ অশ্বিন এইক্ষেত্ৰত দ্বিতীয় স্থানত আছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১০খন খেলত ১১টা উইকেট দখল কৰিছে অশ্বিনে। পাণ্ডিয়া আৰু অৰ্শদীপে এই শৃংখলাত ভুৱী আৰু অশ্বিনকো অতিক্ৰম কৰাৰ পূৰ্ণ সুযোগ আছে।

Latest News