সঞ্জুৰ চমকেৰে প্ৰত্যাশিত আৰম্ভণি ভাৰতৰঃ উজলিল বৰুণ, বিষ্ণৈ

দক্ষিণ আফ্ৰিকাৰ বিপক্ষে চাৰিখনীয়া মেচৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচত প্ৰটিয়াছ বাহিনীক ৬১ ৰানত পৰাস্ত কৰি ১-০ৰ অগ্ৰগতি লাভ কৰিছে ভাৰতে। ডাৰবানত অনুষ্ঠিত মেচখনত অভিলেখ সৃষ্টিকাৰী চমকপ্ৰদ বেটিঙেৰে ভাৰতীয় দলৰ জয়ৰ প্ৰধান নায়ক হৈ পৰে উইকেটৰক্ষক বেটাৰ সঞ্জু চেমচন।

সঞ্জুৰ চমকেৰে প্ৰত্যাশিত আৰম্ভণি ভাৰতৰঃ উজলিল বৰুণ, বিষ্ণৈ

প্ৰথম মেচত ৬১ ৰানত জয়ী ভাৰত

Updated On: 

09 Nov 2024 07:39 AM

জয়েৰে দক্ষিণ আফ্ৰিকা ভ্ৰমণ আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট দলে। টি-২০ বিশ্বকাপৰ খিতাপ জয়ৰ পিছৰ পৰা এই ফৰ্মেটত দমনীয় প্ৰদৰ্শন অব্যাহত ৰখা ভাৰতে শুকুৰবাৰে প্ৰটিয়াছ বাহিনীক ৬১ ৰানত পৰাস্ত কৰি চাৰিখনীয়া মেচৰ শৃংখলাটোত ১-০ৰ অগ্ৰগতি লাভ কৰিছে। অভিলেখ সৃষ্টিকাৰী চমকপ্ৰদ বেটিঙেৰে ভাৰতীয় দলৰ এই জয়ৰ প্ৰধান নায়ক হৈ পৰে উইকেটৰক্ষক বেটাৰ সঞ্জু চেমচন। সমান্তৰালকৈ দুই স্পিনাৰ বৰুণ চক্ৰৱৰ্তী আৰু ৰবি বিষ্ণৈও হৈ পৰে ভাৰতৰ জয়ৰ অন্য দুই নায়ক।

ডাৰবানত অনুষ্ঠিত কালিৰ মেচখনত বেটিং-বলিং উভয় দিশতে ভাৰতীয় দলৰ দুৰন্ত অলৰাউণ্ড প্ৰদৰ্শনৰ সমুখত সম্পূৰ্ণ নিষ্প্ৰভ হৈ পৰে ঘৰুৱা দলটো। মেচখনত টছত জয়ী হৈ প্ৰটিয়াছ অধিনায়ক এইডেন মাৰ্ক্ৰামে ভাৰতীয় দলক প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। অৱশ্যে ইনিংছৰ আৰম্ভণি বিশেষ সুখকৰ নাছিল ভাৰতৰ বাবে। চতুৰ্থ অভাৰৰ প্ৰথমটো বলতে ২৪ ৰান দলীয় স্ক’ৰত ভাৰতে হেৰুৱাইছিল অভিষেক শৰ্মাৰ (৭) উইকেট।

কিন্তু আৰম্ভণিৰ এই আঘাতেৰে দলক ভাৰাক্ৰান্ত হ’বলৈ নিদিলে চেমচনে। বিধ্বংসী বেটিঙেৰে চেমচনে এককভাৱেই দক্ষিণ আফ্ৰিকাৰ বলিং লাইন আপত ত্ৰাসৰ সৃষ্টি কৰে। আৰম্ভণিৰ পৰাই আক্ৰমণৰ লক্ষ্য বান্ধি লোৱা চেমচনে মাত্ৰ ৪৭টা বলত নিজ টি-২০ কেৰিয়াৰৰ দ্বিতীয়টো শতক সম্পূৰ্ণ কৰে। লক্ষনীয়ভাৱে এয়া আছিল চেমচনৰ ক্ৰমাগত দ্বিতীয়টো টি-২০ শতক। ইয়াৰ পূৰ্বে বাংলাদেশৰ বিপক্ষে অন্তিমখন মেচতো শতক অৰ্জন কৰিছিল চেমচনে।

এইদৰে তেওঁ টি-২০ত ক্ৰমাগত দুটা শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়। মাত্ৰ ৫০টা বলত ১০টা ছয় আৰু ৭টা চাৰিৰে চেমচনে খেলে ১০৭ ৰানৰ এক বিস্ফোৰক ইনিংছ। অৱশ্যে চেমচনৰ বাদে মেচখনত ভাৰতৰ আন বেটাৰসকল প্ৰায় ব্যৰ্থ হয়। কেৱল মাত্ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে ২১ আৰু তিলক বাৰ্মাই ৩৩ ৰানৰ অৱদান আগবঢ়ায়।

চেমচনে বেটিং কৰি থকাৰ সময়ত ভাৰতে এক বৃ্হৎ স্ক’ৰ সংগ্ৰহ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছিল যদিও তেওঁৰ উইকেট পতনৰ পিছতে ভাৰতীয় বেটিং লাইন আপত খহনীয়াৰ সৃষ্টি হয় আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় দলে ২০২ ৰানৰ স্ক’ৰতে সন্তুষ্ট থাকিবলগা হয়। দক্ষিণ আফ্ৰিকাৰ হৈ পেচাৰ জেৰাল্ড ক’টজেই ৩টা উইকেট দখল কৰে। জেনসেন, মহাৰাজ, পিটাৰ আৰু ক্ৰুগাৰৰ হাতলৈ যায় এটাকৈ উইকেট।

ইফালে এই বিশাল লক্ষ্য অনুসৰণ কৰি প্ৰথমটো অভাৰতে উজুটি খায় দক্ষিণ আফ্ৰিকাই। ইনিংছৰ দ্বিতীয় আৰু তৃতীয়টো বলত ক্ৰমাগত দুটা বাউণ্ডেৰীৰে অধিনায়ক মাৰ্ক্ৰামে এক আক্ৰমণাত্মক আৰম্ভণি দিয়াৰ চেষ্টা চলায় যদিও চতুৰ্থতে বলত তেওঁক বিদায় দি অৰ্শদীপে ভাৰতক প্ৰথমটো সফলতা দিয়ে। ইয়াৰ পিছতে ঘৰুৱা দলটোৰ ইনিংছটোত বিপৰ্যয়ৰ সৃষ্টি হয়। পাৱাৰপ্লে’ত মাত্ৰ ৪৪ ৰানতে দলটোৱে হেৰুৱায় শীৰ্ষ তিনিগৰাকী বেটছমেনক।

অপেনাৰ ৰিয়ান ৰিকেলটনে (২১) দ্ৰুত আৰম্ভণি কৰিছিল যদিও বৰুণ চক্ৰৱৰ্তীয়ে তেওঁক বিদায় দি এই আশা নিৰ্বাপিত কৰে। দলৰ এনে বিপৰ্যয়ৰ পিছত স্বাভাৱিকতেই সকলোৰে দৃষ্টি আছিল মিডল অৰ্ডাৰৰ দুই প্ৰধান শক্তি হেইনৰিখ ক্লাচেন আৰু ডেভিদ মিলাৰৰ ওপৰত। টি-২০ বিশ্বকাপৰ পিছত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা অভিজ্ঞ তাৰকা দুগৰাকীয়ে ধীৰে সুস্থিৰে দলীয় ইনিংছ আগবঢ়াই নিয়াৰ চেষ্টা চলায়।

কিন্তু তেওঁলোকৰ এই চেষ্টা সফল হ’বলৈ নিদিলে বৰুণ চক্ৰৱৰ্তীয়ে। ইনিংছৰ ১২ নং অভাৰত দুয়োকে বিদায় দি মেচখন সম্পূৰ্ণৰূপে ভাৰতৰ নিয়ন্ত্ৰণলৈ আনে বৰুণে। ইয়াৰ পিছৰটো অভাৰতে আনগৰাকী স্পিনাৰ ৰবি বিষ্ণৈয়েও ২টা উইকেট দখল কৰি দক্ষিণ আফ্ৰিকাৰ ইনিংছ চমু চপাই আনে। দলটোৰ হৈ ক্লাছেনে সৰ্বাধিক ২৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে শেষৰ ফালে ক’টজেই তিনিটা ছয়েৰে ১১ বলত ২৩ ৰান সংগ্ৰহ কৰে।

অৱশ্যে নিম্নক্ৰমৰ বেটাৰগৰাকীৰ এই চেষ্টা দলৰ জয়ৰ বাবে যথেষ্ট নাছিল। ভাৰতীয় বলিং আক্ৰমণৰ নিয়ন্ত্ৰিত বলিঙত দিশহাৰা দক্ষিণ আফ্ৰিকাৰ ইনিংছ ১৭.৫ অভাৰত ১৪১ ৰান্ত সমাপ্ত হয় আৰু ৬১ ৰানত পৰাজয় স্বীকাৰ কৰে। ভাৰতৰ হৈ বৰুণে ২৫ ৰানত তিনিট আৰু বিষ্ণৈয়ে ২৮ ৰানত তিনিটা উইকেট দখল কৰে। আনহাতে আভেশ খানে দুটা আৰু অৰ্শদীপে এটা উইকেট লাভ কৰে। শৃংখলাৰ দ্বিতীয়খন মেচ ১০ নৱেম্বৰত অনুষ্ঠিত হ’ব।

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?