5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ডাৰবানত সঞ্জু ধুমুহাঃ বিস্ফোৰক বেটিঙেৰে অৰ্জিলে অনন্য কৃতিত্ব, অতিক্ৰম ধোনীক

কালি ডাৰবানৰ কিংছমিড ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচত বিস্ফোৰক বেটিঙেৰে উজলি উঠে সঞ্জু চেমচন। আৰম্ভণিৰে পৰা বিধ্বংসী ৰূপ ধাৰণ কৰা সঞ্জুৱে কালি খেলে ১০৭ ৰানৰ এক চমকপ্ৰদ শতকীয় ইনিংছ। এইদৰে তেওঁ অৰ্জন কৰিছে কেইবাটাও কৃতিত্ব।

ডাৰবানত সঞ্জু ধুমুহাঃ বিস্ফোৰক বেটিঙেৰে অৰ্জিলে অনন্য কৃতিত্ব, অতিক্ৰম ধোনীক
সঞ্জু চেমচনৰ অভিলেখ
monjit-dutta
Monjit Dutta | Published: 09 Nov 2024 09:18 AM

সঞ্জু চেমচন, অনন্য প্ৰতিভাশালী এই ভাৰতীয় ক্ৰিকেটাৰগৰাকী্ক কেন্দ্ৰ কৰি চলি আহিছে অনেক চৰ্চা। উত্থাপিত হৈ আহিছে ভাৰতীয় দলত পৰ্যাপ্ত সুযোগ লাভ নকৰাৰ অভিযোগ। ক্ৰিকেট বিশেষজ্ঞৰ পৰা অনুৰাগীলৈকে সকলোৱে চেমচনৰ সমৰ্থনত প্ৰকাশ কৰিছিল মত। এই সমৰ্থন যে অনাৱশ্যকীয় নাছিল, সেয়া এতিয়া প্ৰমাণ কৰি দিছে সঞ্জু চেমচনে। লাভ কৰা সুযোগ এতিয়া পূৰ্ণ ৰূপত সদ্ব্যৱহাৰ কৰাত ব্যস্ত সঞ্জু। বেট হাতত লৈ প্ৰচুৰ প্ৰতিভাশালী এই তাৰকাগৰাকীয়ে বিপক্ষৰ শিবিৰত একপ্ৰকাৰে সৃষ্টি কৰিছে ত্ৰাস।

কালি ডাৰবানৰ কিংছমিড ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচত বিস্ফোৰক বেটিঙেৰে পুনৰ এবাৰ উজলি উঠিছে সঞ্জু চেমচন। ভাৰতীয় দলৰ ইনিংছ মুকলি কৰি চেমছনে ক্ৰীজত থকা পৰ্যন্ত তচনচ কৰি তোলে দক্ষিণ আফ্ৰিকাৰ বলিং আক্ৰমণক। আৰম্ভণিৰে পৰা বিধ্বংসী ৰূপ ধাৰণ কৰা সঞ্জুৱে কালি খেলে ১০৭ ৰানৰ এক চমকপ্ৰদ শতকীয় ইনিংছ।

মাত্ৰ ৫০টা বলত ৭টা চাৰি আৰু ১০টা ছয়েৰে এই বিস্ফোৰক ইনিংছটো সজাই তোলে চেমচনে। নিজৰ আন্তঃৰাষ্ট্ৰীয় টি-২০ কেৰিয়াৰত চেমচনৰ এয়া ক্ৰমাগত দ্বিতীয়টো শতক। ইতিপূৰ্বে বিগত মাহত বাংলাদেশৰ বিপক্ষে টি-২০ শৃংখলাৰ সময়ত ১১১ ৰানৰ আন এক চমকপ্ৰদ ইনিংছ খেলিছিল তাৰকাগৰাকীয়ে। এইদৰে চেমচন আন্তঃৰাষ্ট্ৰীয় টি-২০ত ক্ৰমাগত দুটা শতক অৰ্জন কৰা দেশৰ দ্বিতীয়গৰাকী খেলুৱৈ ৰূপে পৰিগণিত হয়।

তদুপৰি এইপৰ্যন্ত টি-২০ কেৰিয়াৰত চেমছনে উইকেটকীপাৰ হিচাপে মুঠ ৩ বাৰ ৫০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰিছে। ইয়াৰ লগে লগে তেওঁ প্ৰাক্তন ভাৰতীয় তাৰকা মহেন্দ্ৰ সিং ধোনীক অতিক্ৰম কৰে। উইকেটকীপাৰ হিচাপে ধোনীয়ে টি-২০ত দুবাৰ এটা ইনিংছত ৫০ বা তাতোধিক ৰান সংগ্ৰহ কৰিছিল। ধোনীৰ লগতে চেমচনে এইক্ষেত্ৰত কে এল ৰাহুল আৰু ঋষভ পণ্টকো অতিক্ৰম কৰে।

এই তালিকাত এতিয়া চেমচন ঈষান কিষাণৰ সৈতে যুটীয়াভাৱে শীৰ্ষত আছে। এই শৃংখলাৰ সময়তে চেমচনে এতিয়া এই বিশেষ তালিকাত ঈষানকো অতিক্ৰম কৰাৰ সুযোগ পাব। সমান্তৰালকৈ দক্ষিণ আফ্ৰিকাত টি-২০ৰ এটা ইনিংছত ৫০ ৰানৰ পৰিসংখ্যা স্পৰ্শ কৰা ভাৰতৰ কেৱল দ্বিতীয়জন উইকেটকীপাৰ হিচাপে পৰিগণিত হৈছে সঞ্জু চেমছন। ইয়াৰ পূৰ্বে ২০১৮ চনত দক্ষিণ আফ্ৰিকাত এই কৃতিত্ব অৰ্জন কৰিছিল ধোনীয়ে।

অৰ্থাৎ ৬ বছৰৰ পাছত দক্ষিণ আফ্ৰিকাত টি-২০ ফৰ্মেটত কোনো এগৰাকী ভাৰতীয় উইকেটকীপাৰ বেটাৰে অৰ্ধশতক অৰ্জন কৰিছে। প্ৰসঙ্গক্ৰমে উল্লেখনীয় যে সঞ্জু চেমচনে এইপৰ্যন্ত ভাৰতীয় দলক ৩৪ খন আন্তঃৰাষ্ট্ৰীয় মেচত প্ৰতিনিধিত্ব কৰিছে যদিও উইকেটকীপাৰ হিচাপে তেওঁৰ এয়া মাত্ৰ ১৫ সংখ্যক মেচ।

Latest News