গম্ভীৰ নহয়, ভাৰতৰ আগন্তুক শৃংখলাত প্ৰশিক্ষক হ’ব এইগৰাকী প্ৰাক্তন তাৰকা | India vs South Africa t20 series VVS Laxman head coach of team India Gautam Gambhir Assam news - Assam Tv9

গম্ভীৰ নহয়, ভাৰতৰ আগন্তুক শৃংখলাত প্ৰশিক্ষক হ’ব এইগৰাকী প্ৰাক্তন তাৰকা

নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ প্ৰথম দুখন মেচত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হৈ ইতিমধ্যেই শৃংখলা হেৰুৱাইছে ভাৰতে। ইয়াৰ পিছতে দলৰ প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰৰ ৰণনীতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে একাংশই। তাৰ মাজতে ভাৰতীয় দলৰ প্ৰশিক্ষক সন্দৰ্ভত আন এক খবৰ প্ৰকাশ পাইছে।

গম্ভীৰ নহয়, ভাৰতৰ আগন্তুক শৃংখলাত প্ৰশিক্ষক হ’ব এইগৰাকী প্ৰাক্তন তাৰকা

গৌতম গম্ভীৰ

Published: 

28 Oct 2024 14:57 PM

নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত ঘৰুৱা টেষ্ট শৃংখলাত অপ্ৰত্যাশিত ফলাফলৰ সন্মুখীন হৈছে ভাৰতীয় দল। তিনিখনীয়া মেচৰ শৃংখলাটোৰ প্ৰথম দুখন মেচত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হৈ ইতিমধ্যেই শৃংখলা হেৰুৱাইছে ভাৰতে। ঘৰৰ মাটিতে সন্মুখীন হোৱা এই পৰাজয়ৰ পিছত ভাৰতীয় দলৰ প্ৰদৰ্শনৰ ওপৰত বহু প্ৰশ্ন উত্থাপন হৈছে। সমান্তৰালকৈ দলৰ প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰৰ ৰণনীতিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে একাংশই। তাৰ মাজতে আহিছে ভাৰতীয় দলৰ প্ৰশিক্ষক সন্দৰ্ভত আন এক খবৰ।

কিৱি বাহিনীৰ বিপক্ষে চলিত টেষ্ট শৃংখলাটোৰ পিছতে ভাৰতীয় দল পৰৱৰ্তী শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিব। এই ভ্ৰমণত ভাৰতীয় দলে প্ৰটিয়াছ বাহিনীৰ বিপক্ষে ৪খন মেচৰ টি-২০ শৃংখলাত অৱতীৰ্ণ হ’ব। অহা ৮ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব এই শৃংখলা। এই শৃংখলাটোৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শৃংখলাটোৰ বাবে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে গম্ভীৰৰ স্থানত আন এগৰাকী প্ৰাক্তন তাৰকাক দায়িত্ব দিয়া হৈছে।

দক্ষিণ আফ্ৰিকা ভ্ৰমণত ভাৰতীয় দলৰ প্ৰশিক্ষকৰ ভূমিকাত দেখা যাব দলৰ প্ৰাক্তন তাৰকা ভি ভি এছ লক্ষ্মণক। আগন্তুক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰতি লক্ষ্য ৰাখি এই বিশেষ সিদ্ধান্ত লৈছে বিচিচিআইয়ে। নিউজিলেণ্ডৰ বিপক্ষে টেষ্ট শৃংখলাৰ পিছতে ভাৰতৰ টি-২০ দলে দক্ষিণ আফ্ৰিকাৰ বিপক্ষে শৃংখলাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ১০ নৱেম্বৰত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব টেষ্ট দলে।

এই দুই শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইয়ে ইতিমধ্যে দুটা পৃথক দল ঘোষণা কৰিছে। অষ্ট্ৰেলিয়ান ভূমিত সন্মুখীন হ’বলগীয়া সম্ভাৱ্য প্ৰত্যাহ্বানৰ বাবে সাজু হৈ উঠাৰ লক্ষ্যৰে ভাৰতীয় টেষ্ট দলে কিছুদিন আগতীয়াকৈ অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব। মুখ্য প্ৰশিক্ষক গম্ভীৰো এই টেষ্ট দলৰ সৈতে অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব। সেয়ে গম্ভীৰৰ পৰিৱৰ্তে নেচনেল ক্ৰিকেট একাডেমিৰ মুৰব্বী ভিভিএছ লক্ষ্মণে দক্ষিণ আফ্ৰিকা ভ্ৰমণত টি-২০ দলৰ প্ৰশিক্ষকৰ দায়িত্ব ল’ব।

অৱশ্যে ইয়াৰ পূৰ্বেও লক্ষ্মণে ৰাহুল দ্ৰাবিড় ভাৰতৰ প্ৰশিক্ষক হৈ থকাৰ সময়ত তেওঁৰ অনুপস্থিতিত কেইবাটাও শৃংখলাত প্ৰশিক্ষক হিচাপে দায়িত্ব লৈছিল। এতিয়া লক্ষণৰ তত্বাৱধানত সূৰ্যকুমাৰ যাদৱ নেতৃত্বধানী যুৱ খেলুৱৈৰে সজ্জিত এটা দলে ঘৰুৱা দলটোক প্ৰত্যাহ্বান জনাব। অহা ৮, ১০, ১৩ আৰু ১৫ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাটো চাৰিখন মেচ অনুষ্ঠিত হ’ব।

দক্ষিণ আফ্ৰিকাৰ বাবে ঘোষিত ভাৰতীয় দলঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, তিলক বাৰ্মা, জিতেশ শৰ্মা (উইকেটকীপাৰ), অক্ষৰ পেটেল, ৰমনদীপ সিং, অৰ্শদীপ সিং, বিজয়কুমাৰ বৈশাক, আভেশ খান, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণৈ আৰু যশ দয়াল।

এমাহ ধৰি খায়ছে নেকি গেছৰ টেবলেট? কদাপি নকৰিব এনে ভুল, হ’ব পাৰে বিষম পৰিস্থিতি
শুভ ফল লাভৰ বাবে ঘৰৰ এই দিশত ৰোপণ কৰক এজোপা তুলসী গছ
মানস ৰাষ্ট্ৰীয় উদ্যানত পুনৰ দেখা গ'ল এছিয়াটিক সোণালী মেকুৰী...
শীতকালত শুকান ছালৰ যত্ন কিদৰে ল’ব?