গম্ভীৰ-সূৰ্য যুগৰ আৰম্ভণি! বৰ্ষাবিঘ্নিত দ্বিতীয় মেচত জয়েৰে শৃংখলা নিশ্চিত ভাৰতৰ
শ্ৰীলংকাৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ দেওবাৰে অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত ঘৰুৱা দলটোক পৰাস্ত কৰি তিনিখনীয়া মেচৰ শৃংখলাটোত বিজয় নিশ্চিত কৰিছে ভাৰতীয় দলে। পাল্লেকেলে ষ্টেডিয়ামত অনুষ্ঠিত বৰ্ষাবিঘ্নিত মেচখনত অলৰাউণ্ড প্ৰদৰ্শনেৰে শ্ৰীলংকাক সহজে ৭ উইকেটত পৰাস্ত কৰে ভাৰতে।
টি-২০ বিশ্বকাপ জয়েৰে দ্ৰাবিড়-ৰোহিত যুগৰ সফল সামৰণি পৰাৰ পিছত টি-২০ ফৰ্মেটত ভাৰতীয় ক্ৰিকেটত এইবাৰ সফল আৰম্ভণি ঘটিছে গম্ভীৰ-সূৰ্য যুগৰ। এফালে নতুন প্ৰশিক্ষক আৰু আনফালে দলৰ নতুন পূৰ্ণকালীন অধিনায়ক হিচাপে প্ৰথমটো শৃংখলাতে সফল হৈছে গৌতম গম্ভীৰ আৰু সূৰ্যকুমাৰ যাদৱ। শ্ৰীলংকাৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ দেওবাৰে অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত ঘৰুৱা দলটোক পৰাস্ত কৰি তিনিখনীয়া মেচৰ শৃংখলাটোত বিজয় নিশ্চিত কৰিছে ভাৰতীয় দলে। পাল্লেকেলে ষ্টেডিয়ামত অনুষ্ঠিত বৰ্ষাবিঘ্নিত মেচখনত অলৰাউণ্ড প্ৰদৰ্শনেৰে শ্ৰীলংকাক সহজে ৭ উইকেটত পৰাস্ত কৰে ভাৰতে।
মেচখনত টছত জয়ী হৈ ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয় আৰু শ্ৰীলংকাক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। দলটোৰ দুই অপেনাৰ পাথুম নিছাংকা আৰু কুশল মেণ্ডিছে অৱশ্যে সফল আৰম্ভণিয়েই ঘটাইছিল। দুয়ো প্ৰথম উইকেটত ৩.৩ অভাৰত ২৬ ৰাণ যোগ দিয়াৰ পিছত অৰ্শদীপ সিঙে মেণ্ডিছৰ (১০) উইকেট দখল কৰি ভাৰতক দিয়ে প্ৰথমটো সফলতা।
ইয়াৰ পিছত ভাৰতীয় বলাৰৰ সমুখত প্ৰাচীৰ হৈ থিয় দিয়ে নিছাংকা আৰু কুশল পেৰেৰা যুটি। দুয়ো আক্ৰমণাত্মক বেটিঙেৰে শ্ৰীলংকাৰ ইনিংছ আগুৱাই নি ৯.২ অভাৰত ৮০ ৰাণত উপনীত কৰায়। অৱশ্যে অভাৰৰ তৃতীয়টো বলত ৰবি বিষ্ণৈয়ে এই যুটি ভংগ কৰে। যুৱ লেগ স্পিনাৰগৰাকীয়ে পেভিলিয়নলৈ উভতাই পঠায় অপেনাৰ নিছাংকাক (৩২)।
এই যুটি ভংগৰ পিছত শ্ৰীলংকাৰ দুই বেটাৰ পেৰেৰা আৰু কামিণ্ডু মেণ্ডিছে তৃতীয় উইকেটতো ৫০ ৰাণৰ যুটি বান্ধে। ১৬ নং অভাৰৰ প্ৰথমটো বলত পাণ্ডিয়াই মেণ্ডিছৰ (২৬) উইকেট দখল কৰি সকাহ দিয়ে ভাৰতক। ইয়াৰ কিছু সময় পিছতে পেৰেৰাকো পেভিলিয়নৰ পথ দেখুওৱায় পাণ্ডিয়াই। ক্ৰীজ এৰাৰ পূৰ্বে পেৰেৰাই ৩৪ বলত ৬টা চাৰি আৰু দুটা ছয়েৰে ৫৩ ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে।
পেৰেৰাৰ উইকেট পতনৰ পিছতে যেন পতন ঘটে শ্ৰীলংকাৰ। দলটোৰ বেটিং লাইন আপত ইয়াৰ পিছতে খহনীয়াৰ সৃষ্টি হয় আৰু সফল আৰম্ভণিৰ পিছতো ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৬১ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ বিষ্ণৈয়ে ২৬ ৰাণত তিনিটা উইকেট দখল কৰাৰ বিপৰীতে অৰ্শদীপ, অক্ষৰ আৰু পাণ্ডিয়াই দুটাকৈ উইকেট লাভ কৰে।
ইফালে এই লক্ষ্য অনুসৰণ কৰি ভাৰতে ইনিংছ আৰম্ভ কৰাৰ কিছুসময় পিছতে বতৰে বিঘিনি ঘটায় মেচত। বৰষুণৰ বাবে বহুসময় ধৰি বন্ধ হৈ পৰে মেচ। সেই সময়ত ভাৰতে মাত্ৰ তিনিটা বল খেলি ৬ ৰাণ সংগ্ৰহ কৰিছিল। অৱশ্যে বৰষুণ এৰাৰ পিছত মেচ পুনৰ আৰম্ভ হয় আৰু ভাৰতৰ সমুখত ডাৰ্ক ৱৰ্থ লিৱিছ পদ্ধতিৰে ৮ অভাৰত ৭৮ ৰাণৰ নতুন লক্ষ্য বান্ধি দিয়ে।
ভাৰতৰ দুই অপেনাৰ জয়ছোৱাল আৰু চেমচনে ৬ ৰাণৰ পৰা পুনৰ আৰম্ভ কৰে ইনিংছ। প্ৰথম অভাৰত জয়ছোৱালে ১২ ৰাণ সংগ্ৰহ কৰি এক সুন্দৰ আৰম্ভণি দিয়ে যদিও দ্বিতীয় অভাৰৰ প্ৰথমটো বলতে ভাৰতীয় শিবিৰত লাগে আঘাত। গিলৰ স্থানত মূল একাদশত স্থান পোৱা চেমচনে প্ৰথমটো বলতে হেৰুৱায় নিজৰ উইকেট। ইয়াৰ পিছতো অৱশ্যে জয়ছোৱাল আৰু অধিনায়ক যাদৱে আক্ৰমণাত্মক শৈলী অব্যাহত ৰাখে।
দুয়ো মাৰমুখী বেটিঙেৰে মাত্ৰ ৪.১ অভাৰতে দলৰ স্ক’ৰ ৫১ ৰাণলৈ লৈ যায়। পিছে অভাৰৰ দ্বিতীয়টো বলত যাদৱৰ উইকেটেৰ পতন ঘটে। মাত্ৰ ১২ বলত ৪টা চাৰি আৰু এটা চাৰিৰে ২৬ ৰাণ সংগ্ৰহ কৰে যাদৱে। পিছৰ অভাৰটোতে ১৫ টা বলত ৩টা চাৰি আৰু ২টা ছয়েৰে ৩০ ৰাণৰ ইনিংছ উপহাৰ দি বিদায় লয় জয়ছোৱালেও। ইয়াৰ পিছত আৰু অৱশ্যে ভাৰতীয় ইনিংছত নঘটিল কোনো হানি।
হাৰ্দিক পাণ্ডিয়াই মাত্ৰ ৯টা বলত ৩টা চাৰি আৰু এটা ছয়েৰে ২২ ৰাণ সংগ্ৰহ কৰি ভাৰতৰ জয়ৰ পথ চমু কৰি তোলে আৰু মাত্ৰ ৬.৩ অভাৰতে জয়ৰ লক্ষ্যত উপনীত হয় ভাৰত। পাণ্ডিয়াৰ লগত ২ ৰাণ কৰি অপৰাজিত হৈ ৰয় ঋষভ পণ্ট। লক্ষণীয়ভাৱে প্ৰথম মেচত মাত্ৰ ৮ টা বলত ৫ ৰাণ খৰচ কৰি তিনিটাকৈ উইকেট দখল কৰি চাঞ্চল্যৰ সষ্টি কৰা ৰিয়ান পৰাগে আজি ৪ অভাৰত ৩০ ৰাণ খৰচ কৰে যদিও কোনো উইকেট লাভ কৰিবলৈ সক্ষম নহ’ল।
মেচখনত দুৰন্ত স্পেলেৰে শ্ৰীলংকাৰ বেটিঙত খহনীয়াৰ সৃষ্টি কৰা ৰবি বিষ্ণৈক শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বাচনি কৰা হয়। শৃংখলাৰ অন্তিমখন মেচ ৩০ জুনত অনুষ্ঠিত হ’ব। ক্ৰমাগত প্ৰথম দুখন মেচত জয়েৰে ভাৰতে শৃংখলা নিশ্চিত কৰাৰ পিছত দুয়োটা দল এতিয়া অন্তিমখন মেচত আনুষ্ঠানিকতা ৰক্ষাৰ বাবেহে অৱতীৰ্ণ হ’ব।