শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অপ্ৰতিৰোধ্যঃ দক্ষিণ আফ্ৰিকাক বিধ্বস্ত কৰি ১৯ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপৰ খিতাপ জয় ভাৰতৰ

মালয়েছিয়াত অনুষ্ঠিত ১৯ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপত অপ্ৰতিৰোধ্য গতিৰে আজি ভাৰতীয় দলে দখল কৰিছে খিতাপ। সমগ্ৰ প্ৰতিযোগিতাখনতে দুৰন্ত, দুৰ্দমনীয় প্ৰদৰ্শন দাঙি ধৰি অপৰাজিত দল হিচাপে আজি ভাৰতে খিতাপ যুঁজত দক্ষিণ আফ্ৰিকাক ৯ উইকেটত সহজে পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয়াবাৰৰ বাবে প্ৰতিযোগিতাখনৰ খিতাপ জয় কৰে।

অপ্ৰতিৰোধ্যঃ দক্ষিণ আফ্ৰিকাক বিধ্বস্ত কৰি ১৯ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপৰ খিতাপ জয় ভাৰতৰ
খিতাপ জয়ী ভাৰতীয় দল
monjit-dutta
Monjit Dutta | Published: 02 Feb 2025 16:23 PM

ক্ৰিকেট বিশ্বত পুনৰ দেখিবলৈ গৈছে ভাৰতীয় ক্ৰিকেটৰ জয়জয়কাৰ। কেইটামান মাহৰ ব্যৱধানতে দেশে লাভ কৰিছে দ্বিতীয়টো টি-২০ বিশ্বকাপ জয়ৰ স্বাদ। বিগত বৰ্ষৰ জুন মাহত ভাৰতীয় পুৰুষ ক্ৰিকেট দলে দীৰ্ঘদিনৰ মূৰত টি-২০ বিশ্বকাপ জয় কৰি ভাৰতীয় ক্ৰিকেট অনুৰাগীক গৌৰৱময় ক্ষণ প্ৰদান কৰাৰ পিছত এইবাৰ দেশৰ যুৱ মহিলা ক্ৰিকেট দলে টি-২০ বিশ্বকাপ খিতা জয়েৰে পুনৰ ক্ৰিকেট অনুৰাগীক গৌৰৱান্বিত কৰি তুলিছে। মালয়েছিয়াত অনুষ্ঠিত ১৯ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপত অপ্ৰতিৰোধ্য গতিৰে আজি ভাৰতীয় দলে দখল কৰিছে খিতাপ।

সমগ্ৰ প্ৰতিযোগিতাখনতে দুৰন্ত, দুৰ্দমনীয় প্ৰদৰ্শন দাঙি ধৰি অপৰাজিত দল হিচাপে আজি ভাৰতে খিতাপ যুঁজতো বিজয়ৰ হাঁহি মাৰে। মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰৰ বায়োমাছ অভাল ষ্টেডিয়ামত আজি অনুষ্ঠিত হোৱা ফাইনেলত দক্ষিণ আফ্ৰিকাক বিধ্বস্ত কৰি ক্ৰমাগত দ্বিতীয়াবাৰৰ বাবে প্ৰতিযোগিতাখনৰ খিতাপ জয় কৰে ভাৰতে। ইতিপূৰ্বে ভাৰতে ২০২৩ চনত অনুষ্ঠিত হোৱা বিগত সংস্কৰণতো শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল।

নিকি প্ৰসাদ নেতৃত্বাধীন ভাৰতীয় দলে আজি ফাইনেলত দক্ষিণ আফ্ৰিকাক ৯ উইকেটত সহজে পৰাস্ত কৰে। টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় যদিও ভাৰতীয় দলৰ বিধ্বংসী বলিং আক্ৰমণত দিশহাৰা হৈ মাত্ৰ ৮২ ৰানতে ইনিংছ সামৰে। দলৰ মাত্ৰ ৪ গৰাকী বেটাৰে দহকৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম হয়। মিকে ভান ভ’ৰ্ষ্টে দললৈ সৰ্বাধিক ২৩ ৰানৰ বৰঙণি আগবঢ়ায়। অপেনাৰ জেম্মা ব’থাৰ বেটৰ পৰা আহে ১৬ ৰান।

দলটোৰ বিপৰ্যয়ৰ কাৰণ হৈ পৰা ভাৰতীয় স্পিনাৰ গংগাদি তৃষাই ৪ অভাৰত ১৫ ৰানৰ বিনিময়ত ৩টা উইকেট দখল কৰে। একেদৰে নিয়ন্ত্ৰিত বলিঙেৰে পাৰুণিকা চিছ’দিয়াই মাত্ৰ ৬ ৰানত দুটা, আয়ুশি শুক্লাই ৯ ৰানত দুটা আৰু বৈষ্ণৱী শৰ্মাই ২৩ ৰানত ২টা উইকেট দখল কৰে। এটা উইকেট লাভ কৰে শ্ববনম চাকিলে। ইয়াৰ প্ৰত্যুত্তৰত জয়ৰ বাবে প্ৰয়োজনীয় ৮৩ ৰানৰ সহজ লক্ষ্য ভাৰতীয় দলে মাত্ৰ ১১.২ অভাৰত এটা উইকেট হেৰুৱায়েই সংগ্ৰহ কৰে।

দুই অপেনিং বেটাৰ গংগাদি তৃষা আৰু জি কমলিনীয়ে মাত্ৰ ৪.৩ অভাৰত প্ৰথম উইকেটত ৩৬ ৰানৰ যুটি বান্ধি ভাৰতৰ জয়ৰ পথ সুগম কৰি তোলে। অৱশ্যে এই সময়ত কমলিনিৰ বেটৰ পৰা ৮ ৰানৰ অৱদানহে আহে। ইয়াৰ পিছত তৃষা আৰু চানিকা ছাল্কেই ভাৰতীয় দলত আৰু কোনো হানি ঘটিবলৈ নিদিলে আৰু দলত তুলি দিয়ে বিশ্বকাপ খিতাপ। তৃষাই ৩৩টা বলত ৮টা চাৰিৰে ৪৪ ৰান আৰু ছাল্কেই ২২টা বলত ৪টা চাৰিৰে ২৬ ৰানত অপৰাজিত থাকে।

দুৰন্ত অলৰাউণ্ড প্ৰদৰ্শনৰ সুবাদত তৃষা মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। লগতে প্ৰতিযোগিতাৰো শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় যুৱ খেলুৱৈগৰাকী। সমগ্ৰ প্ৰতিযোগিতাখনতে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰা তৃষাই ৭ খন মেচত ৭৭.২৫ গড়ে আৰু ১৪৭.১৪ ষ্ট্ৰাইক ৰেটেৰে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী বেটাৰ হিচাপে ৩০৯ ৰান সংগ্ৰহ কৰাৰ লগতে ৬.৪৩ গড়ে ৭টা উইকেট দখল কৰে। তেওঁ লগতে প্ৰতিযোগিতাখনৰ ফাইনেলত শ্ৰেষ্ঠ স্পেলৰো অভিলেখ ৰচে।