চেম্পিয়নছ ট্ৰফীৰ মাজতে বেয়া খবৰ! ভাৰতে হেৰুৱালে এগৰাকী কিংবদন্তি খেলুৱৈক…
চেম্পিয়নছ ট্ৰফীৰ মাজতে এক বেয়া খবৰ। ভাৰতে হেৰুৱালে এজন কিংবদন্তি খেলুৱৈক। এইগৰাকী খেলুৱৈৰ মৃত্যুৰ পাছতে খেলজগতত শোকৰ ছাঁ পৰিছে।

খেলুৱৈ
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চেম্পিয়নছ ট্ৰফীৰ ৪ মাৰ্চত ছেমিফাইনেল অনুষ্ঠিত হ’ব। কিন্তু মেচৰ ঠিক আগতে ভাৰতীয় ক্ৰিকেটলৈ আহিছে এক বেয়া খবৰ। দেশে হেৰুৱালে এগৰাকী কিংবদন্তী খেলুৱৈক। তথ্য় অনুসৰি কালি, ৩ মাৰ্চত কিংবদন্তি খেলুৱৈ পদ্মকৰ শিৱলকাৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ প্ৰবীণ খেলুৱৈ পদ্মকৰ শিৱলকাৰে ২০ বছৰ ধৰি মুম্বাইৰ হৈ খেলিছিল। অৱশ্যে উৎকৃষ্ট প্ৰদৰ্শনৰ পিছতো তেওঁ কেতিয়াও টিম ইণ্ডিয়াত খেলাৰ সুযোগ নাপালে।
কেৰিয়াৰ
১৯৬১/৬২ ছিজনত ২১ বছৰ বয়সত প্ৰথম শ্ৰেণীৰ কেৰিয়াৰ আৰম্ভ কৰিছিল খেলুৱৈগৰাকীয়ে। শিৱলকাৰে ১৯৮৭/৮৮ ছিজনলৈকে খেলিছিল। ৪৭ বছৰ বয়সলৈকে মুম্বাইৰ হৈ খেলি থকা পদ্মকৰ শিৱলকাৰে ১২৪ খন প্ৰথম শ্ৰেণীৰ মেচ খেলি ৫৮৯ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। পদ্মকৰ শিভালকাৰে ৪২ বাৰ ৫ টা উইকেট দখল কৰাৰ বিপৰীতে ১৩ বাৰ এখন মেচত ১০ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। তামিলনাডুৰ বিৰুদ্ধে ১৯৭২/৭৩ ছিজনৰ ৰঞ্জী ট্ৰফীৰ ফাইনেলত দ্বিতীয় ইনিংছত ১৬ ৰানত ৮ উইকেট আৰু ১৮ ৰানত ৫ উইকেট দখল কৰিছিল। এই শক্তিশালী প্ৰদৰ্শনৰ ভিত্তিত মুম্বাই দলে একেৰাহে ১৫ সংখ্যক খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।
RIP Paddy! Padmakar Shivalkar, a spin great who never made it to the Test world because it was the era of Bedi, Prasanna, and Chandra. Had the absolute pleasure of spending time with him at the nets 20 yrs ago, the man could still land it on a coin and spin it a yard. (1940-2025) pic.twitter.com/XwwkRh0Wnj
— Maybe Yoda (@yoda_maybe) March 3, 2025
প্ৰাক্তন খেলুৱৈগৰাকীৰ মৃত্যুৰ পাছত খেলজগতত শোকৰ ছাঁ পৰিছে। পদ্মকৰ শিৱলকাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুম্বাই ক্ৰিকেট সন্থাৰ সভাপতি অজিংক্য নাইকে। তেওঁ কয়, ‘মুম্বাই ক্ৰিকেটে আজি এটা প্ৰকৃত কিংবদন্তি হেৰুৱাইছে। বিশেষকৈ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ স্পিনাৰ হিচাপে পদ্মকৰ শিৱলকাৰ ছাৰৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। মুম্বাই ক্ৰিকেটত তেওঁৰ নিষ্ঠা, দক্ষতা আৰু প্ৰভাৱ অতুলনীয়। তেওঁৰ মৃত্যু ক্ৰিকেট সমাজৰ বাবে এক বৃহৎ ক্ষতি। তেওঁৰ আত্মাই শান্তি লাভ কৰক।
উল্লেখ্য় যে এই মহান খেলুৱৈগৰাকীৰ মৃত্যুত টিম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত ক’লা বেণ্ড পিন্ধি খেলিব পাৰে। উল্লেখ কৰা প্ৰয়োজন যে,পদ্মকৰ শিৱলকাৰক ২০১৬ চনত চি.কে. নাইডুক লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত হৈছিল।