অন্ত পৰাৰ দিশে এক স্বৰ্ণিল কেৰিয়াৰৰঃ পেৰিছ অলিম্পিকৰ পাছতে অৱসৰ ল’ব শ্ৰীজেশে | Indian hockey team goalkeeper PR Sreejesh retirement after Paris Olympics 2024 Assam news - Assam Tv9

অন্ত পৰাৰ দিশে এক স্বৰ্ণিল কেৰিয়াৰৰঃ পেৰিছ অলিম্পিকৰ পাছতে অৱসৰ ল’ব শ্ৰীজেশে

বিগত প্ৰায় দুটা দশক ধৰি ভাৰতীয় দলৰ গ’লৰক্ষকৰ ভূমিকা পালন কৰি অহা ভাৰতীয় হকীৰ আইকণস্বৰূপ পি আৰ শ্ৰীজেশে অৱসৰৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। এই ঘোষণা অনুসৰি, আগন্তুক পেৰিছ অলিম্পিকেই হ’ব শ্ৰীজেশৰ ভাৰতীয় দলৰ হৈ অন্তিম প্ৰতিযোগিতা।

অন্ত পৰাৰ দিশে এক স্বৰ্ণিল কেৰিয়াৰৰঃ পেৰিছ অলিম্পিকৰ পাছতে অৱসৰ ল’ব শ্ৰীজেশে

পেৰিছ অলিম্পিকৰ পিছতেই অৱসৰ ল’ব শ্ৰীজেশে

Updated On: 

22 Jul 2024 23:45 PM

অহা ২৬ জুলাইৰ পৰা আৰম্ভ হ’ব অলিম্পিক ক্ৰীড়া মহাৰণ। ক্ৰীড়া বিশ্বত সাফল্য লাভেৰে দেশৰ নাম উজলাই তোলাই লক্ষ্যৰে সাজু হৈছে পেৰিছত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া ভাৰতীয় খেলুৱৈসকলো। সেয়ে সমগ্ৰ দেশৰ ক্ৰীড়ানুৰাগীৰ দৃষ্টি নিবদ্ধ এতিয়া এই খেলুৱৈসকলৰ ওপৰত। গত টকিঅ’ অলিম্পিকত ব্ৰঞ্জ জয়েৰে অলিম্পিকত ৪১ বছৰীয়া খিতাপৰ খৰাং অন্ত পেলোৱা ভাৰতীয় পুৰুষৰ হকী দলটোৰ ওপৰতো স্বাভাৱিকতেই অনুৰাগীয়ে এইবাৰো আশা প্ৰকাশ কৰিছে। পিছে আন এটা কাৰণতো এইবাৰ হকী দলটোলৈ আশাৰে বাট চাইছে অনুৰাগীসকলে। এই আশাৰ আঁৰত আছে এক আৱেগিক কাৰণো।

বিগত প্ৰায় দুটা দশক ধৰি ভাৰতীয় দলৰ গ’লৰক্ষকৰ ভূমিকা পালন কৰি অহা ভাৰতীয় হকীৰ আইকণস্বৰূপ পি আৰ শ্ৰীজেশে অৱসৰৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। এই ঘোষণা অনুসৰি, আগন্তুক পেৰিছ অলিম্পিকেই হ’ব শ্ৰীজেশৰ ভাৰতীয় দলৰ হৈ অন্তিম প্ৰতিযোগিতা। অৰ্থাৎ পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটোৰ অভিযান যেতিয়াই সামৰণি পৰিব, তাৰ লগে লগে সমাপ্ত হ’ব শ্ৰীজেশৰ কেৰিয়াৰ।

ইতিমধ্যে অলিম্পিকৰ বাবে ভাৰতীয় খেলুৱৈৰ দলৰ সৈতে পেৰিছত উপস্থিত হৈছে শ্ৰীজেশ। অলিম্পিক অভিযানৰ প্ৰাকমুহূৰ্তত আজি শ্ৰীজেশে এক টুইট যোগে নিজৰ অৱসৰৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে। অৱৰৰৰ সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰি শ্ৰীজেশে কয় যে তেওঁ নিজৰ কেৰিয়াৰৰ টাৰ্নিং পইণ্টত থিয় দিছে। এই দীঘলীয়া কেৰিয়াৰত লাভ কৰা সহযোগিতাৰ বাবে শ্ৰীজেশে তেওঁৰ প্ৰশিক্ষক, পৰিয়াল, সতীৰ্থ আৰু অনুৰাগীসকলক ধন্যবাদ জনায়।

 

উল্লেখ্য যে, শ্ৰীজেশৰ সম্পূৰ্ণ নাম হৈছে পৰথু ৰবিন্দ্ৰ শ্ৰীজেশ। ২০০৬ চনত ১৮ বছৰ বয়সত তেওঁ ভাৰতীয় দলৰ হৈ অভিষেক ঘটায়। কেৰিয়াৰৰ প্ৰাথমিক অৱস্থাত জ্যেষ্ঠ গ’লৰক্ষকৰ উপস্থিতিৰ বাবে ভাৰতীয় দলত নিজৰ স্থান নিশ্চিত কৰিবলৈ শ্ৰীজেশে বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল। এৰা-ধৰাকৈ ভাৰতীয় দলত স্থান পোৱা শ্ৰীজেশে অৱশেষত ২০১১ চনত নিজকে ভাৰতীয় দলৰ প্ৰথম পছন্দৰ গলৰক্ষক হিচাপে প্ৰতিষ্ঠা কৰে।

ইয়াৰ পিছতে আৰু কেৰিয়াৰত পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই শ্ৰীজেশে। ধাৰাবাহিক সফলতাৰে তেওঁ ক্ৰমাৎ হৈ উঠে ভাৰতীয় দলৰ শ্ৰেষ্ঠতম গলৰক্ষক। গলপোষ্টত অনবদ্য প্ৰদৰ্শনৰ সুবাদতে ২০১৪ আৰু ২০১৮ চনৰ চেম্পিয়নছ ট্ৰফী তেওঁ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ’লৰক্ষক হিচাপেও বিবেচিত হৈছিল। ২০১৬ চনত শ্ৰীজেশে ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্বও লাভ কৰে।

শ্ৰীজেশৰ নেতৃত্বত ভাৰতীয় দলে ৰিঅ’ অলিম্পিকত কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত আগবাঢ়িছিল। গত টকিঅ’ অলিম্পিকত ভাৰতীয় দলৰ ব্ৰঞ্জ জয়ত শ্ৰীজেশৰ আছিল অন্যতম প্ৰধান ভূমিকা। সমগ্ৰ অভিযানত শ্ৰীজেশে গলৰক্ষক হিচাপে দাঙি ধৰিছিল অসাধাৰণ প্ৰদৰ্শন। তদুপৰি ২০১৪ আৰু ২০২২ চনৰ এছিয়ান গেমছৰ স্বৰ্ণ পদক জয়ী ভাৰতীয় দলৰ অন্যতম সদস্য আছিল শ্ৰীজেশ।

একেদৰে ২০২২ চনৰ কমনৱেলথ গেমছত ৰূপৰ পদক আৰু ২০২৩ চনৰ এছিয়ান চেম্পিয়ন ট্ৰফী বিজয়ী ভাৰতীয় দলটোৰো অংশ আছিল শ্ৰীজেশ। ভাৰতীয় হকীলৈ আগবঢ়োৱা অনবদ্য প্ৰদৰ্শনৰ বাবে ২০২১ চনত তেওঁক দেশৰ সৰ্ব্বোচ্চ ক্ৰীড়া সন্মান খেল ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল। তদুপৰি একেটা বৰ্ষৰ বাবে তেওঁ বিশ্বৰ বৰ্ষশ্ৰেষ্ঠ এথলীট সন্মানো লাভ কৰিছিল।

এতিয়া আগন্তুক পেৰিছ অলিম্পিকত পদক জয়ৰ লক্ষ্যৰে শ্ৰীজেশে স্বাভাৱিকতেই দলৰ বাবে সৰ্বোচ্চ উজাৰি দিবলৈ চেষ্টা কৰিব। ভাৰতীয় ক্ৰীড়ানুৰাগীসকলেও পেৰিছত পদক জয়েৰে শ্ৰীজেশে সুদীৰ্ঘ প্ৰায় ২০ বছৰীয়া কেৰিয়াৰৰ স্মৰণীয় সমাপ্তি ঘটাব বুলি আশা প্ৰকাশ কৰিছে।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?