পঞ্চমবাৰৰ বাবে এছিয়ান চেম্পিয়নছ ট্ৰফী খিতাপ দখল ভাৰতীয় হকী দলৰ | Indian Hockey Team Wins Asian Champions Trophy 2024 Hockey Final 5th Time Beats China Assam news - Assam Tv9

Indian Hockey Team : চীনক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে এছিয়ান চেম্পিয়নছ ট্ৰফী খিতাপ দখল ভাৰতৰ

Published: 

17 Sep 2024 19:56 PM

ভাৰতীয় হকী দলটোৱে পুনৰবাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিছে। ফাইনেলত চীনক ১-০ গ’লত পৰাস্ত কৰি টিম ইণ্ডিয়াই একেৰাহে দ্বিতীয়বাৰৰ বাবে আৰু সামগ্ৰিকভাৱে পঞ্চমবাৰৰ বাবে এই খিতাপ দখল কৰে। টিম ইণ্ডিয়াৰ হৈ ফাইনেলৰ একমাত্ৰ গ’লটো দিয়ে জুগ্ৰাজ সিঙে।

Indian Hockey Team : চীনক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে এছিয়ান চেম্পিয়নছ ট্ৰফী খিতাপ দখল ভাৰতৰ

পঞ্চমবাৰৰ বাবে এছিয়ান চেম্পিয়নছ ট্ৰফী খিতাপ দখল ভাৰতীয় হকী দলৰ

Follow Us On

ভাৰতীয় হকী দলটোৱে পুনৰবাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিছে। ফাইনেলত চীনক ১-০ গ’লত পৰাস্ত কৰি টিম ইণ্ডিয়াই একেৰাহে দ্বিতীয়বাৰৰ বাবে আৰু সামগ্ৰিকভাৱে পঞ্চমবাৰৰ বাবে এই খিতাপ দখল কৰে। টিম ইণ্ডিয়াৰ হৈ ফাইনেলৰ একমাত্ৰ গ’লটো দিয়ে জুগ্ৰাজ সিঙে। চীনৰ হুলুনবুইৰত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ ফাইনেলত আয়োজক দলটোক পৰাস্ত কৰে টিম ইণ্ডিয়াই। ইফালে দক্ষিণ কোৰিয়াক পৰাস্ত কৰি পাকিস্তানে ব্ৰঞ্জৰ পদক লাভ কৰে।

প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচত চীনক ৩-০ গ’লত পৰাস্ত কৰি হৰমনপ্ৰীত সিঙৰ অধিনায়কত্বত থকা ভাৰতীয় দলটোৱে ফাইনেলকে ধৰি একেৰাহে ৭ খন খেলত জয়লাভ কৰি খিতাপ দখল কৰে। মঙলবাৰে সন্ধিয়া অনুষ্ঠিত ফাইনেলত জয়ী হ’বলৈ টিম ইণ্ডিয়াই কঠোৰ যুঁজ দিবলগীয়া হৈছিল। সমগ্ৰ প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলটোৱে আৰম্ভণিতে এটা গ’ল দিব নোৱাৰিলে যদিও শেষৰ ১০ মিনিটলৈকে অপেক্ষা কৰিলগীয়া হয় ।

উল্লেখ্য যে, ছেমি ফাইনেলত পেনাল্টি শ্বুটআউটত পাকিস্তানক ২-০ গ’লত পৰাস্ত কৰে ভাৰতীয় হকী দলটোৱে। এই মেচখনো পেনাল্টি শ্বুট আউটৰ দিশে আগবাঢ়ি যোৱা যেন লাগিছিল যদিও অৱশেষত ৫১ মিনিটত জয়ৰ গ’লটো দিবলৈ সক্ষম হয় জুগ্ৰাজ সিঙে।

মনকৰিবলগীয়া যে, ভাৰতে পঞ্চমবাৰৰ বাবে এই খিতাপ দখল কৰে। এছিয়ান চেম্পিয়নছ ট্ৰফী ২০১১ চনত আৰম্ভ হৈছিল আৰু প্ৰথম ছিজনতে টিম ইণ্ডিয়া চেম্পিয়ন হৈছিল। ইয়াৰ পিছত ২০১৬ চনতো এই খিতাপ ভাৰতে দখল কৰে। ২০১৮ চনত ভাৰত আৰু পাকিস্তানক যৌথ বিজয়ী হিচাপে ঘোষণা কৰা হৈছিল। তাৰ পিছত ২০২৩ চনত টিম ইণ্ডিয়াই চতুৰ্থবাৰৰ বাবে খিতাপ দখল কৰিছিল আৰু এতিয়া টিম ইণ্ডিয়াই পঞ্চমবাৰৰ বাবে এছিয়ান চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিছে ।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version