5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Durand Cup 2024: কোকৰাঝাৰত ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল, প্ৰথম মেচত নৰ্থ ইষ্ট ইউনাইটেড-বড়োলেণ্ড এফ চি

চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খেল কাইলৈৰ পৰা অসমৰ কোকৰাঝাৰতো অনুষ্ঠিত হ’ব৷ ভাৰতীয় সেনাই এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত কৰিছে। কাইলৈ ছাই ষ্টেডিয়ামত দিনৰ তিনি বজাৰ পৰা হ’বলগা গ্ৰুপ ‘ই’ৰ প্ৰথম মেচত স্থানীয় দল বড়োলেণ্ড এফ চিয়ে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে খেলিব৷ এই গ্ৰুপৰ আন দুটা দল হ’ল ওড়িছা এফ চি আৰু বি এছ এফ ফুটবল দল৷

Durand Cup 2024: কোকৰাঝাৰত ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল, প্ৰথম মেচত নৰ্থ ইষ্ট ইউনাইটেড-বড়োলেণ্ড এফ চি
প্ৰথম মেচত নৰ্থ ইষ্ট ইউনাইটেড-বড়োলেণ্ড এফ চি
Follow Us
barasha-misra
Barasha Misra | Updated On: 29 Jul 2024 17:23 PM

বড়োলেণ্ড এফ চিয়ে অসমৰ প্ৰথম ক্লাবৰূপে যোৱা বছৰ ডুৰাণ্ড কাপত গৌৰৱময় অভিষেক কৰিছিল৷ দলৰ প্ৰদৰ্শন প্ৰত্যাশিত নহ’ল যদিও অভিজ্ঞতাই এইবাৰ দলটোক উন্নত প্ৰদৰ্শন কৰাত অনুপ্ৰানিত কৰিব৷ আনহাতে, স্থানীয় অনুৰাগীৰ একক সমৰ্থনে দলক দিব অতিৰিক্ত শক্তি৷ ‘এয়া দলৰ লগতে আমাৰ সমৰ্থকৰ বাবেও এখন বৃহৎ মেচ৷ নৰ্থ ইষ্ট ইউনাইটেড শক্তিশালী দল৷ কিন্তু আমি দৃঢ় আৰু আত্মবিশ্বাসী৷ ’ আজি বড়োলেণ্ড এফ চিৰ প্ৰশিক্ষক খলিন পিৰখাট ছিয়েমলিয়ে কয়৷

ইফালে, আই এছ এলৰ ক্লাব নৰ্থ ইষ্ট ইউনাইটেডো স্থানীয় দল হোৱাত কাইলৈৰ মেচ ৰোমাঞ্চকৰ হ’ব৷ বিগত ডুৰাণ্ড কাপত নৰ্থ ইষ্ট ইউনাইটেডে ছেমিফাইনেল খেলিছিল৷ স্থানীয় তাৰকা পাৰ্থিৱ গগৈৰ চমক ইতিমধ্যে ভাৰতীয় ফুটবলত আশা ৰেঙনি আনিছে৷ দেশী-বিদেশী খেলুৱৈৰে গঠিত নৰ্থ ইষ্ট ইউনাইটেডে যোৱা আই এছ এল ছিজনত এক পইণ্টৰ বাবে নকআউট ৰাউণ্ডত প্ৰৱেশ কৰিব নোৱাৰিলে৷ মুঠ ২২ মেচ খেলা ক্লাবটোৱে ছয়খনত জয়লাভ কৰাৰ বিপৰীতে আঠ খনত পৰাজয় তথা সমসংখ্যক মেচ ড্ৰ খেলি তালিকাৰ সপ্তম স্থানত আছিল৷ ’ নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰশিক্ষক জুৱান পেড্ৰো বেনানিয়ে কয়-‘আমি নতুন ছিজন সফলতাৰে আৰম্ভ কৰাৰ আশা কৰিছো৷ ডুৰাণ্ড কাপ দলক সাজু কৰাৰ এখন সুন্দৰ মঞ্চ৷

ইফালে, কাইলৈ কলকতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত নিশা সাত বজাত হ’বলগা প্ৰতিযোগিতাৰ গ্ৰুপ ‘চি’ৰ প্ৰথম মেচত আই এছ এল ক্লাব পঞ্জাৱ এফ চিয়ে অভিযান আৰম্ভ কৰিব চি আই এছ এফ ফুটবল দলৰ বিৰুদ্ধে৷ যোৱানিশা এই ষ্টেডিয়ামত হোৱা গ্ৰুপ ‘বি’ৰ উদ্বোধনী মেচত স্থানীয় দল মহমেদান স্পৰ্টিং ক্লাবে উত্তৰ প্ৰদেশৰ ইণ্টাৰ কাশী এফ চিৰ বিৰুদ্ধে ১-১ ত ড্ৰ খেলি পইণ্ট ভগাই লয়৷

উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপৰ তিনিটা গ্ৰুপৰ খেল কলকাতাত অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰত এটাকৈ গ্ৰুপৰ মেচ অনুষ্ঠিত হৈছে৷ প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷

ডুৰাণ্ড কাপ কি?

উল্লেখ্য যে, ১৮৮৮ চনত শিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷

Latest News