এটা এপাৰ্টমেন্ট ভাৰা দিয়াৰ বাবদ মাহে ২.৬ লাখ টকা পায় এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে

এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ, যি নিজৰ এটা এপাৰ্টমেন্ট ভাৰালৈ দি মাহে উপাৰ্জন কৰে লাখ টকা । প্ৰতিমাহে ২.৬ লাখ টকাত ক্ৰিকেটাৰ গৰাকীয়ে ভাৰালৈ দিছে এপাৰ্টমেন্টটো । চাওক সবিশেষ-

এটা এপাৰ্টমেন্ট ভাৰা দিয়াৰ বাবদ মাহে ২.৬ লাখ টকা পায় এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে

ৰোহিত শৰ্মা

Published: 

27 Feb 2025 16:47 PM

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক তথা বিষ্ফোৰক অপেনাৰ ৰোহিত শৰ্মাক কোনেনো চিনি নাপায় । ক্ৰিকেট অনুৰাগীৰ মাজত হিটমেন হিচাপে পৰিচিত ৰোহিতৰ নামত আছে বহুকেইটা অভিলেখ । এদিনীয়াত এখন মেচত সৰ্বাধিক ব্যক্তিগত ৰাণৰ পৰা আৰম্ভ কৰি তিনিটাকৈ দ্বিশতকলৈকে ৰোহিতে নিজৰ দক্ষতাৰ পৰিচয় দিছে ক্ৰীড়াক্ষেত্ৰত । আজি পিছে আমি ৰোহিত শৰ্মাৰ খেলৰ বিষয়ে আলোচনা কৰিব খোজা নাই । আন এটা কথাহে আলোচনা কৰিব খুজিছোঁ ।

আপোনাৰ থকা ঘৰটোত যদি অতিৰিক্ত মহলা থাকে, বা আপোনাৰ যদি একাধিক বাসোপযোগী ঘৰ থাকে তেন্তে আপুনি নিশ্চয় সেয়া ভাৰালৈ দিয়ে । ক্ৰিকেটাৰ ৰোহিত শৰ্মায়ো নিজৰ এটা ঘৰ ভাৰালৈ দিছে । মুম্বাই মহানগৰীৰ ল’ৱাৰ পেৰেলত থকা এই এপাৰ্টমেন্টটো ভাৰতীয় টেষ্ট আৰু এদিনীয়া ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ মালিকানাধীন । তেওঁৰ নামত আছে এই সম্পত্তিৰ নথি-পত্ৰ ।

কিমান টকাত এই এপাৰ্টমেন্টটো হিটমেনে ভাৰাত দিছে জানেনে । স্কোৱাৰ য়াৰ্ডে প্ৰকাশ কৰা তথ্য মতে, প্ৰতিমাহে ২.৬০ লাখ টকাৰ বিনিময়ত ৰোহিত শৰ্মাই এই এপাৰ্টমেন্টটো ভাৰালৈ দিছে ।

“ৰোহিত শৰ্মাই ভাৰালৈ দিয়া এপাৰ্টমেণ্টটো মেক্ৰ’টেক ডেভেলপাৰ্ছ লিমিটেডে (লোধা গ্ৰুপ) নিৰ্মাণ কৰা লোধা মাৰ্কিজ – দ্য পাৰ্কত অৱস্থিত । ৭ একৰ মাটিত বিস্তৃত ই এটা ৰেডি টু মুভ আৱাসিক প্ৰকল্প । এপাৰ্টমেণ্টটোৰ কাৰ্পেট এলেকা ১২৯৮ বৰ্গফুট (১২৯.৮ বৰ্গমিটাৰ) আৰু ইয়াত দুটা গাড়ী পাৰ্কিং স্থান অন্তৰ্ভুক্ত কৰা হৈছে ।” স্কোৱাৰ য়াৰ্ডছৰ উদ্ধৃতিৰে এই তথ্য প্ৰকাশ কৰিছে পিটিআয়ে ।

স্কোৱাৰ য়াৰ্ডছে জনোৱা মতে, ২০১৩ চনৰ মাৰ্চ মাহত ৰোহিত শৰ্মা আৰু তেওঁৰ পিতৃ গুৰুনাথ শৰ্মাই ৫.৪৬ কোটি টকাত ক্ৰয় কৰা এই এপাৰ্টমেণ্টটো ২.৬ লাখ টকাত ভাৰালৈ দিয়া হৈছে । উল্লেখযোগ্য যে এই প্ৰকল্পত ৰোহিত শৰ্মা আৰু তেওঁৰ পিতৃৰ আন এটা এপাৰ্টমেণ্ট আছে আৰু সেইটো ২০২৪ চনৰ অক্টোবৰ মাহত প্ৰতিমাহে ২.৬৫ লাখ টকাত ভাৰালৈ দিয়া হৈছিল ।

সমগ্ৰ বিশ্বত কিমান সনাতনী লোক আছে?
কোন দেশৰ লোকে সবাতোকৈ বেছি গো মাংস খায়? জানক সবিশেষ...
ভুলতো শিৱলিংগত অৰ্পন নকৰিব এই ফল! শিৱ হ'ব অসন্তুষ্ট...
ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?