শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দ্ৰুততম শতক অৰ্জনকাৰী ভাৰতীয় মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধানা; ভাৰতীয় পুৰুষ দলৰো অভিলে ভাঙিলে মহিলা দলে

কেবাটাও অভিলেখেৰে উজলিল ভাৰতীয় মহিলা ক্ৰিকেট তাৰকা স্মৃতি মান্ধানা । দ্ৰুততম শতক অৰ্জনকাৰীৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০ টা শতক সম্পূৰ্ণ কৰা খেলুৱৈ হিচাপেও অভিলেখ সৃষ্টি স্মৃতিৰ । ভাৰতীয় মহিলা দলে ৰচিলে সৰ্বাধিক টাৰ্গেট নিৰ্ধাৰণৰো অভিলেখ ।

দ্ৰুততম শতক অৰ্জনকাৰী ভাৰতীয় মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধানা; ভাৰতীয় পুৰুষ দলৰো অভিলে ভাঙিলে মহিলা দলে
দ্ৰুততম শতক অৰ্জনকাৰী ভাৰতীয় মহিলা ক্ৰিকেটাৰত পৰিণত স্মৃতি মান্ধানাImage Credit source: BCCI Women X handle @BCCIWomen
raj-saikia
Raj Saikia | Published: 15 Jan 2025 17:07 PM

ভাৰতীয় মহিলা ক্ৰিকেট দলে বুধবাৰে সৃষ্টি কৰে এক অভিলেখৰ । এদিনীয়া ক্ৰিকেটত এটা ইনিংছত সৰ্বাধিক ৪৩৫ ৰাণ সংগ্ৰহ কৰি ভাৰতীয় পুৰুষ দলৰ ৪১৮ ৰাণৰ অভিলেখ ভংগ কৰে মহিলা দলটোৱে । আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলাৰ তৃতীয়খন এদিনীয়া মেচত প্ৰতিকা ৰাৱাল আৰু স্মৃতি মান্ধানাৰ দৰ্শনীয় শতকৰ সহায়ত ৫ উইকেটৰ বিনিময়ত ভাৰতীয় মহিলা দলে ৪৩৫ ৰাণ সংগ্ৰহ কৰে ।

ইয়াৰ পূৰ্বে ভাৰতীয় পুৰুষ দলে ২০১১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৫ উইকেটৰ বিনিময়ত ৪১৮ ৰাণ সংগ্ৰহ কৰিছিল ।

মাত্ৰ তিনিদিন পূৰ্বে ভাৰতীয় মহিলা দলে আয়াৰলেণ্ডৰ বিৰুদ্ধে সংগ্ৰহ কৰিছিল ৫ উইকেটৰ বিনিময়ত ৩৭০ ৰাণ । এয়া আছিল আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতীয় মহিলা দলৰ সৰ্বাধিক স্কৰ । কিন্তু ভাৰতীয় খেলুৱৈয়ে দৰ্শনীয় বেটিঙেৰে বুধবাৰে নিজৰেই অভিলেখ ভংগ কৰি এক নতুন অভিলেখ ৰচনা কৰিবলৈ সক্ষম হ’ল । ৫ উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰিলে ৪৩৫ ৰাণ আৰু আয়াৰলেণ্ডক জয়ৰ বাবে ৪৩৬ ৰাণৰ বিশাল লক্ষ্য ৰান্ধি দিয়ে ।

অধিনায়ক স্মৃতি মান্ধানাই এই খেলখনতেই এক ব্যক্তিগত কৃতিত্বও অৰ্জন কৰে । হৰমনপ্ৰীত কৌৰৰ অভিলেখ ভংগ কৰি দ্ৰুততম শতক অৰ্জনকাৰী মহিলা খেলুৱৈ হোৱাৰ গৌৰৱ অৰ্জন কৰিলে স্মৃতিয়ে । যোৱা বছৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৮৭ টা বলত শতক অৰ্জন কৰিছিল হৰমনপ্ৰীত কৌৰে । কিন্তু কৌৰক অতিক্ৰম কৰি ৭০ টা বলত শতক অৰ্জন কৰি স্মৃতিয়ে অভিলেখ ৰচে ।

ইফালে আজিৰ খেলখনত স্মৃতিৰ লগতে অপেনাৰ প্ৰতিকায়ো সুন্দৰ প্ৰদৰ্শনেৰে ১৫৪ ৰাণ সংগ্ৰহ কৰে । দুয়ো মিলি ২৩৩ ৰাণৰ অপেনিং পাৰ্টনাৰশ্বিপ গঢ় দিয়ে । এয়া হৈছে দুগৰাকী ভাৰতীয় মহিলা অপেনাৰৰ সৰ্বাধিক এদিনীয়া পাৰ্টনাৰশ্বিপ । লগতে ১০ টা এদিনীয়া শতক সম্পূৰ্ণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় স্মৃতি মান্ধানা । তৃতীয় স্থানত বেটিং কৰা ৰিচা ঘোষে মাত্ৰ ৪২ টা বলত ৫৯ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে ।

স্মৃতি মান্ধানাৰ অনন্য অভিলেখ-

বুধবাৰৰ খেলখনত শতক অৰ্জন কৰাৰ লগে লগে কেবাটাও অভিলেখৰ গৰাকী হ’ল ভাৰতীয় ক্ৰিকেটাৰ স্মৃতি মান্ধানা । প্ৰথমেই তেওঁ ৭০ টা বলত শতক অৰ্জন কৰি এদিনীয়া ক্ৰিকেটত দ্ৰুততম শতক অৰ্জনকাৰী ভাৰতীয় মহিলা খেলুৱৈত পৰিণত হয় । তাৰ লগতে এদিনীয়া ক্ৰিকেটত ৫০০ টা চাৰি কোবোৱা খেলুৱৈৰ তালিকাতো অন্তৰ্ভুক্ত হয় মান্ধানা । এই তালিকাত শীৰ্ষত আছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মিথালী ৰাজ ।

তাৰোপৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০ টা শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হৈ পৰে স্মৃতি মান্ধানা । আনহাতে এদিনীয়াত সৰ্বাধিক ছিক্সাৰ কোবোৱা ভাৰতীয় খেলুৱৈৰ তালিকাত হৰমনপ্ৰীত কৌৰৰ সৈতে শীৰ্ষত অৱস্থান কৰিছে স্মৃতিয়ে । দুয়ো এতিয়ালৈকে আন্তঃৰাষ্ট্ৰী এদিনীয়াত ৫২ টাকৈ ছিক্সাৰ কোবাইছে ।

ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত চলা এদিনীয়া শৃংখলাৰ তৃতীয়খন মেচত ভাৰতে প্ৰথমে বেটিং কৰি আয়াৰলেণ্ডক ৪৩৬ ৰাণৰ লক্ষ্য বান্ধি দিছে ।

Latest News