অৱসৰৰ সিদ্ধান্ত ত্যাগ কৰি পুনৰ উভতিব পাৰে ৱিনেশ! দিলে এই ইংগিত…
পেৰিছত পদক জয়ৰ স্বপ্ন অনাকাংক্ষিত ভংগ হোৱাৰ পিছত কাইলৈ স্বদেশত উপস্থিত হ’ব ৱিনেশ ফ’গাট। তাৰ পূৰ্বে আজি তেওঁ সামাজিক মাধ্যম যোগে এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে। এই পোষ্টটোত তেওঁ লগতে নিজৰ মল্লযুঁজৰ কেৰিয়াৰ সন্দৰ্ভতো এক বিশেষ ইংগিত প্ৰকাশ কৰিছে।
পেৰিছ অলিম্পিকত দুৰন্ত প্ৰদৰ্শনেৰে ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰাৰ পিছতো দুৰ্ভাগ্যৱশতঃ পদক হেৰুৱাবলগীয়া হৈছিল ভাৰতৰ তাৰকা মল্লযুঁজাৰু ৱিনেশ ফ’গাট। তাৰকা খেলুৱৈগৰাকীৰ সৈতে হোৱা এই অনাকাংক্ষিত পৰিস্থিতিয়ে সমগ্ৰ দেশকে কৰি তুলিছিল শোকাহত। অৱশ্যে পদক জয়ত ব্যৰ্থ হ’লেও পেৰিছত দাঙি ধৰা অনবদ্য প্ৰদৰ্শনেৰে দেশৰ ক্ৰীড্ৰাপ্ৰেমীসকলৰ অন্তৰ জয় কৰে ৱিনেশ ফ’গাটে। পেৰিছৰ এই শোক সামৰি কাইলৈ ভাৰতত উপস্থিত হ’ব তাৰকা মল্লযুঁজাৰুগৰাকী। পুৱা ১০ বজাত ফ’গাট দিল্লী বিমানবন্দৰত উপস্থিত হ’ব।
স্বদেশত উপস্থিত হোৱাৰ পূৰ্বে ৱিনেশ ফ’গাটে আজি সামাজিক মাধ্যম যোগে এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে। এই পোষ্টটোত তেওঁ নিজৰ জীৱনৰ প্ৰাৰম্ভিক স্বপ্ন, পিতৃৰ আশা আৰু মাতৃৰ সংগ্ৰামৰ কথা সুঁৱৰি এক আৱেগিক বাৰ্তা লিখিছে। ফ’গাটে লিখিছে যে এখন সৰু গাঁৱত জন্ম হোৱাৰ সূত্ৰে তেওঁ অলিম্পিকৰ অৰ্থ নাজানিছিল।
ৱিনেশে পোষ্টটোত লগতে কয় যে তেওঁৰ ক’বলগীয়া এনে বহুত আছে আৰু ইয়াৰ বাবে শব্দই কম হৈ পৰিব পাৰে। সঠিক সময় এই বিষয়ে পুনৰ প্ৰকাশ কৰা হ’ব বুলি তেওঁ লগতে পোষ্টটোত কয়। “মই মাত্ৰ ক’ব বিচাৰিছো যে ৬ আগষ্টৰ নিশা আৰু ৭ আগষ্টৰ পুৱালৈকে আমি আমাৰ প্ৰচেষ্টা বন্ধ কৰা নাছিলো। আমি আত্মসমৰ্পণ কৰা নাছিলো।”- ৱিনেশে লগতে কয়।
উল্লেখ্য যে সদ্যসমাপ্ত পেৰিছ অলিম্পিকত নিজ শাখাত পদক নিশ্চিত কৰাৰ পিছতো ফাইনেলৰ পূৰ্বে ওজন জোখাৰ সময়ত অতিৰিক্ত ওজনৰ বাবে ৱিনেশ ফ’গাটক অযোগ্য ঘোষণা কৰা হয়। এই অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছত তেওঁ মল্লযুঁজৰ পৰা অৱসৰ গ্ৰহণ কৰে। কিন্তু আজি সামাজিক মাধ্যম যোগে শ্বেয়াৰ কৰা পোষ্টটোত তেওঁ অৱসৰৰ সিদ্ধান্ত ত্যাগ কৰাৰ ইংগিতো দিছে।
দীঘলীয়া পোষ্টটোৰ সামৰণিৰ ফালে ফ’গাটে তেওঁৰ মাজত মল্লযুঁজ এতিয়াও বৰ্তি আছে বুলি উল্লেখ কৰে। ৱিনেশে কয়, “হয়তো বিভিন্ন পৰিস্থিতিতো ২০৩২ চনলৈকে মই নিজকে খেলি থকা দেখিবলৈ পাম, কাৰণ যুঁজ আৰু মল্লযুঁজ মোৰ মাজত সদায়ে থাকিব। এই যাত্ৰাত মোৰ ভৱিষ্যত কি হ’ব সেয়া মই ভৱিষ্যদ্বাণী কৰিব নোৱাৰো, কিন্তু মই নিশ্চিত যে মই যি কথাত বিশ্বাস কৰোঁ আৰু যি সঠিক হয়, তাৰ বাবে সদায় যুঁজি থাকিম।”
ৱিনেশৰ এই বাৰ্তাই সামাজিক মাধ্যমৰ লগতে দেশৰ ক্ৰীড়াপ্ৰেমীসকলৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে। এফালে তেওঁৰ এই আৱেগিক পোষ্টটোৱে সকলোকে স্পৰ্শ কৰাৰ লগতে তেওঁৰ অৱসৰৰ সিদ্ধান্ত ত্যাগৰ ইংগিতে অনুৰাগীসকলক আনন্দিতও কৰিছে।