ইতিহাসঃ সৰ্বকালৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে ডবা বিশ্ব চেম্পিয়নশ্বিপ জিনিলে ভাৰতৰ গুকেছে
ইতিহাস ৰচি ভাৰতৰ যুৱ তাৰকা ডি গুকেছ ডবা জগতৰ নতুন বিশ্ব চেম্পিয়ন হিচাপে পৰিগণিত হৈছে। ছিংগাপুৰত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত চীনৰ ডিং লিৰেনক পৰাস্ত কৰি খিতাপ দখল কৰে ভাৰতৰ যুৱ তাৰকাগৰাকীয়ে। ইয়াৰ লগে লগে ডবাৰ ইতিহাসৰ সৰ্বকালৰ সৰ্বকনিষ্ঠ বিশ্ব চেম্পিয়ন হিচাপে পৰিগণিত হৈছে ডি গুকেছ।
পুনৰ এবাৰ বিশ্ব ক্ৰীড়াৰ মানচিত্ৰত উৰিছে ভাৰতৰ বিজয় ধ্বজা। ইতিহাস ৰচি ভাৰতৰ যুৱ তাৰকা ডি গুকেছ ডবা জগতৰ নতুন বিশ্ব চেম্পিয়ন হিচাপে পৰিগণিত হৈছে। ছিংগাপুৰত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত চীনৰ ডিং লিৰেনক পৰাস্ত কৰি খিতাপ দখল কৰে ভাৰতৰ যুৱ তাৰকাগৰাকীয়ে। ইয়াৰ লগে লগে ডবাৰ ইতিহাসৰ সৰ্বকালৰ সৰ্বকনিষ্ঠ বিশ্ব চেম্পিয়ন হিচাপে পৰিগণিত হৈছে ডি গুকেছ। মাত্ৰ ১৮ বছৰ বয়সতে এই অসামান্য কৃতিত্ব লাভ কৰিছে ভাৰতীয় খেলুৱৈগৰাকীয়ে।
আজি চেম্পিয়নশ্বিপৰ ১৪ তথা অন্তিম ৰাউণ্ডত দুয়োৰে মাজত হোৱা কঠিন প্ৰতিযোগিতাৰ অন্তত গুকেছে ডিফেণ্ডিং চেম্পিয়ন লিৰেনক পৰাস্ত কৰিবলৈ সক্ষম হয় আৰু নতুন অভিলেখ সৃষ্টি কৰি ১৮ সংখ্যক বিশ্ব ডবা চেম্পিয়ন হিচাপে পৰিগণিত হয়। যোৱা কেইবাদিনো ধৰি ছিংগাপুৰত চলি থকা বিশ্ব চেম্পিয়নশ্বিপত চীনৰ ডিং লিৰেন আৰু গুকেছৰ মাজত তীব্ৰ প্ৰতিদ্বিন্দিতা চলিছিল।
চীনা তাৰকা ডিং লিৰেন ডিফেণ্ডিং চেম্পিয়ন হিচাপে এইবাৰৰ চেম্পিয়নশ্বিপত অৱতীৰ্ণ হোৱাৰ পৰিৱৰ্তে গুকেছে চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা কেণ্ডিডেটছ টুৰ্ণামেণ্টত জয়ী হৈ এই চেম্পিয়নশ্বিপত প্ৰৱেশ কৰিছিল। বিশ্বনাথন আনন্দৰ পিছত তেওঁ বিশ্ব চেম্পিয়নশ্বিপত প্ৰৱেশ কৰা মাত্ৰ দ্বিতীয়জন ভাৰতীয় আৰু বিশ্বৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।
ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা ১৩টা ৰাউণ্ডত লিৰেন আৰু গুকেছ দুয়ো দুখনকৈ মেচত জয়লাভ কৰাৰ বিপৰীতে বাকী ৯খন মেচ ড্ৰ’ হৈছিল। অৰ্থাৎ ১৩টা ৰাউণ্ডলৈ দুয়োৰে সমসংখ্যক ৬.৫ পইণ্ট লাভ কৰিছিল। এনে পৰিস্থিতিত এই মেচখন নিৰ্ণায়ক ৰূপে পৰিগণিত হৈছিল। এই মেচখনো ড্ৰ’ হোৱা হ’লে দুয়ো মুঠ ৭ পইণ্ট লাভ কৰিলহেঁতেন আৰু তেনে অৱস্থাত টাইব্ৰেকাৰৰ সহায়ত সিদ্ধান্ত লোৱা হ’লহেঁতেন।
কিন্তু চেন্নাইৰ যুৱ গ্ৰেণ্ডমাষ্টাৰ গুকেছে মেচৰ গতি এই পৰ্যায়লৈ যাবলৈ নিদিলে। তীক্ষ্ণ প্ৰতিদ্বন্দিতাৰে চীনা গ্ৰেণ্ডমাষ্টাৰ লিৰেনক এই নিৰ্ণায়ক ৰাউণ্ডত পৰাভূত কৰি গুকেছে ৭.৫ – ৬.৫ৰ ব্যৱধানত খিতাপ দখল কৰে। এই ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ লগে লগে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰি চকীত বহি হুকহুকাই কান্দি উঠে গুকেশে। তেওঁৰ ক্ৰন্দনৰত মুখমণ্ডলত স্পষ্ট ৰূপত উজলি উঠে এই ঐতিহাসিক বিজয়ৰ আনন্দ আৰু স্বপ্ন পূৰণৰ সকাহ।
উল্লেখ্য যে গুকেছৰ পূৰ্বে সৰ্বকনিষ্ঠ ডবা বিশ্ব চেম্পিয়ন হিচাপে অভ্লেখৰ অধিকাৰী আছিল ৰাছিয়াৰ কিংবদন্তি তাৰকা গেৰী কাছপাৰভ। ৰুছ তাৰকাগৰাকীয়ে ১৯৮৫ চনত ২২ বছৰ বয়সত খিতাপ দখল কৰিছিল। গুকেছৰ এই সাফল্যই ভাৰতীয় ডবাৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিছে। ভাৰতৰ কিংবদন্তি তাৰকা বিশ্বনাথন আনন্দৰ পিছত ডবা বিশ্ব চেম্পিয়ন হোৱা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে গুকেছ।
গুকেছৰ এই অতুলনীয় তথা অসাধাৰণ কৃতিত্বই ভাৰতীয় ডবাক পুনৰ এবাৰ গৌৰৱৰ জ্যোতিৰে উদ্ভাসিত কৰি তুলিছে। লগতে স্বাভাৱিকতেই দেশৰ অগণন উদীয়মান খেলুৱৈক অনুপ্ৰাণিত কৰিছে। লক্ষণীয়ভাৱে এই সাফল্য লাভ কৰাৰ পিছত অৰ্থাৎ বিশ্ব চেম্পিয়ন হিচাপে গুকেছে ১০ কোটি টকা লাভ কৰিব।