5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিদায় বেলাত ২০২৪ বৰ্ষঃ চাওঁ আহক বৰ্ষটিত ক্ৰীড়া বিশ্বত ভাৰতৰ কেইটামান বিশেষ সাফল্য

চলিত ২০২৪ বৰ্ষটি বিদায়ৰ বাবে মাজত আৰু মাত্ৰ কেইটামান দিন। ইয়াৰ পিছতে সমগ্ৰ বিশ্বই আদৰণি জনাব আন এটি নতুন বৰ্ষ। সাধাৰণতে এটা বছৰৰ বিদায় বেলাত আমি সকলোৱে বৰ্ষটোত লাভ কৰা বিভিন্ন অভিজ্ঞতা, সুখকৰ বা দুখৰ বিশেষ ক্ষণসমূহৰ ফালে এবাৰ ভুমুকিয়াই চাওঁ। এতিয়া ২০২৪ বৰ্ষটোতো আমি এনে বহু ক্ষণৰ সাক্ষী হ’লো। চাওঁ আহক এই বৰ্ষটিত ক্ৰীড়া ক্ষেত্ৰত ভাৰতে লাভ কৰা কিছু সাফল্য।

বিদায় বেলাত ২০২৪ বৰ্ষঃ চাওঁ আহক বৰ্ষটিত ক্ৰীড়া বিশ্বত ভাৰতৰ কেইটামান বিশেষ সাফল্য
২০২৪ বৰ্ষত ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ সাফল্য
monjit-dutta
Monjit Dutta | Published: 28 Dec 2024 00:11 AM

চলিত ২০২৪ বৰ্ষটি বিদায়ৰ বাবে মাজত আৰু মাত্ৰ কেইটামান দিন। ইয়াৰ পিছতে সমগ্ৰ বিশ্বই আদৰণি জনাব আন এটি নতুন বৰ্ষ। সাধাৰণতে এটা বছৰৰ বিদায় বেলাত আমি সকলোৱে বৰ্ষটোত লাভ কৰা বিভিন্ন অভিজ্ঞতা, সুখকৰ বা দুখৰ বিশেষ ক্ষণসমূহৰ ফালে এবাৰ ভুমুকিয়াই চাওঁ। এতিয়া ২০২৪ বৰ্ষটোতো আমি এনে বহু ক্ষণৰ সাক্ষী হ’লো। চাওঁ আহক এই বৰ্ষটিত ক্ৰীড়া ক্ষেত্ৰত ভাৰতে লাভ কৰা কিছু সাফল্য-

ৰোহন বোপান্নাৰ অষ্ট্ৰেলিয়া অপেনৰ খিতাপ জয়

এই বৰ্ষটিত ভাৰতে ক্ৰীড়া ক্ষেত্ৰত প্ৰথমটো সফলতা লাভ কৰিছিল ৰোহন বোপান্নাৰ জৰিয়তে। ২৭ জানুৱাৰীত অষ্ট্ৰেলিয়ান অপেনৰ পুৰুষৰ ডাবলছ শাখাৰ খিতাপ জয় কৰি ভাৰতীয় ক্ৰীড়াৰ মান বৃদ্ধি কৰিছিল দেশৰ অভিজ্ঞ টেনিছ খেলুৱৈগৰাকীয়ে। অষ্ট্ৰেলিয়ান সংগী মেথিউ এবডেনৰ সৈতে যুটী বান্ধি বোপান্নাই ইটালিয়ান যুটি ছিমন বলেলি আৰু আন্দ্ৰেয়া ভাভাছ’ৰীক ৭-৬, ৭-৫ ব্যৱধানত পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনৰ পুৰুষৰ ডাবলছ শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল। ইয়াৰ লগে লগে বোপান্না গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰা টেনিছ ইতিহাসৰ আটাইতকৈ বয়স্ক খেলুৱৈ হিচাপে পৰিগণিত হয়।

পেৰিছ অলিম্পিক

চলিত বৰ্ষৰ ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হৈছিল দ্য গ্ৰেটেষ্ট শ’ অন আৰ্থ খ্যাত অলিম্পিক ক্ৰীড়া মহাৰণ। এই পেৰিছ অলিম্পিকলৈ ভাৰতে মুঠ ১১৭ জনীয়া এটা দল প্ৰেৰণ কৰিছিল। ভাৰতে এটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ পদকেৰে পেৰিছ অলিম্পিকৰ পদক তালিকাত ৭১ সংখ্যক স্থানত থাকে। তাৰকা শ্বুটাৰ মনু ভাকৰে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জ জয়েৰে দেশক প্ৰথমটো পদক উপহাৰ দিয়াৰ পিছত পুনৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত সৰৱজোৎ সিঙৰ সৈতে যুটি বান্ধি আন এটা ব্ৰঞ্জ জয় কৰে।

এইদৰে একেখন অলিম্পিকত দুটা পদক জয়ী প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে ইতিহাস ৰচে মনুৱে। আনহাতে শ্বুটাৰ স্বপ্নিল কুছালেই ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনত ব্ৰঞ্জ, মল্লযুঁজাৰু অমন ছেহৰাৱটে পুৰুষৰ ৫৭ কিলোগ্ৰাম শাখাত ব্ৰঞ্জ, ভাৰতীয় পুৰুষ হকী দলে ব্ৰঞ্জৰ পদক জয় কৰে। টকিঅ’ অলিম্পিকৰ স্বৰ্ণ জয়ী নীৰজ চোপ্ৰাই পেৰিছত লাভ কৰে ৰূপৰ পদক। দুৰ্ভাগ্যৱশতঃ ফাইনেলত প্ৰৱেশ কৰিও অধিক ওজনৰ বাবে অযোগ্য ঘোষিত হৈ পদক হেৰুৱায় ৱিনেশ ফ’গাটে।

পেৰিছ পেৰালিম্পিক

পেৰিছ পেৰালিম্পিক ২০২৪ গেমছত ভাৰতে নিজৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি সৰ্বোত্তম প্ৰদৰ্শনেৰে ৭টা সোণ, ৯টা ৰূপ আৰু ১৩টা ব্ৰঞ্জসহ মুঠ ২৯টা পদক অৰ্জন কৰে। ২৮ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱা এই গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ৮৪জন পেৰা এথলীটে। এই ক্ৰীড়া মহাৰণত অৱনী লেখাৰাই ১০ মিটাৰ এয়াৰ ৰাইফল SH1 ত বিশ্ব অভিলেখ গঢ়ি স্বৰ্ণ জয় কৰে আৰু দুটা পেৰালিম্পিক স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয়। পুৰুষৰ ক্লাব থ্ৰ’ এফ৫১ত ধৰমবীৰে সোণ আৰু পৰ্ণৱ ছুৰ্মাই ৰূপ জয় কৰে।

প্ৰবীণ কুমাৰে হাই জাম্প T64 ত স্বৰ্ণ, মোনা আগৰৱালে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং SH1ত ব্ৰঞ্জ, মনীষ নৰৱালে পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল SH1ত ৰূপ, ৰুবিনা ফ্ৰান্সিছে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল SH1তব্ৰঞ্জ, প্ৰীতি পলে মহিলাৰ ১০০ মিটাৰ T35 আৰু ২০০ মিটাৰ T35ত ব্ৰঞ্জ, নিশাদ কুমাৰে পুৰুষৰ হাই জাম্প T47ত ৰূপ, যোগেশ কথুনিয়াই পুৰুষৰ ডিস্ক থ্ৰ’ F56ত ৰূপ, সুমিট অন্টিলে পুৰুষৰ জেভেলিন থ্ৰ’ F64ত সোণ, দীপ্তি জীৱনজীয়ে মহিলাৰ ৪০০ মিটাৰ T20ত ব্ৰঞ্জ, মৰিয়াপ্পান থাংগাভেলুৱে পুৰুষৰ হাই জাম্প T63ত ব্ৰঞ্জ, শৰদ কুমাৰে পুৰুষৰ হাই জাম্প T63ত ৰূপ, অজিত সিঙে পুৰুষৰ জেভেলিন থ্ৰ’ F46ত ৰূপ, সুন্দৰ সিং গুৰ্জাৰে পুৰুষৰ জেভেলিন থ্ৰ’ F46ত ব্ৰঞ্জ, শচীন খিলাৰীয়ে পুৰুষৰ শ্বট পুট F46ত ৰূপ, হোকাটো হোটোজে চেমাই পুৰুষৰ শ্বট পুট F57ত ব্ৰঞ্জ, ছিমৰনে মহিলাৰ ২০০ মিটাৰ T12ত ব্ৰঞ্জ, নৱদীপ সিঙে পুৰুষৰ জেভেলিন থ্ৰ’ F41 সোণ জয় কৰে।

নিতেশ কুমাৰে বেডমিণ্টনৰ পুৰুষৰ একক SL3ত সোণ, থুলাচিমাথি মুৰুগেছানে বেডমিণ্টনৰ মহিলাৰ একক SU5ত ৰূপ, মনীষা ৰমাদাসে বেডমিণ্টনৰ মহিলাৰ একক SU5ত ব্ৰঞ্জ, সুহাছ যতীৰাজে বেডমিণ্টনৰ পুৰুষৰ একক SL4ত ৰূপ, নিত্য শ্রে শিৱনে বেডমিণ্টনৰ মহিলা একক SH6ত ব্ৰঞ্জ, ৰাকেশ কুমাৰ আৰু শীতল দেৱীয়ে আৰ্চাৰীৰ মিক্সড টিম কম্পাউণ্ড অ’পেনত ব্ৰঞ্জ, শীতল দেৱীয়ে আৰ্চাৰীৰ মহিলাৰ কম্পাউণ্ড শাখাত ব্ৰঞ্জ আৰু হৰবিন্দৰ সিঙে আৰ্চাৰীৰ পুৰুষৰ একক ৰিকাৰ্ভ অ’পেনত স্বৰ্ণ জয় কৰে।

টি-২০ বিশ্বকাপ জয়

ইফালে দেশৰ সৰ্বাধিক জনপ্ৰিয় খেল হিচাপে বিবেচিত ক্ৰিকেটত ভাৰতৰ দীৰ্ঘদিনীয়া আইচিচি ইভেণ্টৰ খিতাপৰ খৰাং অন্ত পৰে এই বৰ্ষত। ১ জুনৰ পৰা ২৯ জুনলৈ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতীয় দলে ১১ বৰ্ষৰ পিছত কোনো আইচিচি খিতাপৰ ট্ৰফীত চুম্বন দিবলৈ সক্ষম হয়। এই প্ৰতিযোগিতাত ভাৰতৰ যশপ্ৰীত বুমৰাহে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। আনহাতে বিশ্বকাপৰ খিতাপ জয়ৰ পিছতে টি-২০ ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰে ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু ৰবীন্দ্ৰ জাদেজাই। আনহাতে বিশ্বকাপৰ পিছতে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকালো অন্ত পৰে।

ভাৰতীয় মহিলা টেবুল টেনিছ দলৰ ইতিহাস

ভাৰতীয় মহিলা টেবুল টেনিছ দলে মহিলা দলীয় ইভেণ্টত এছিয়ান টেবুল টেনিছ চেম্পিয়নশ্বিপত দেশৰ প্ৰথমটো পদক অৰ্জন কৰি ইতিহাস ৰচে। ৬ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ কাজাখাস্তানত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত মণিকা বাট্ৰা, শ্ৰীজা আকুলা, আয়হিকা মুখাৰ্জী, সুতীৰ্থা মুখাৰ্জী আৰু দিয়া চিতালেৰে গঠিত ভাৰতীয় দলটোৱে এই অনন্য সাফল্য অৰ্জন কৰে।

ডি গুকেশৰ ঐতিহাসিক কৃতিত্ব

বৰ্ষৰ শেষৰ ফালে ভাৰতক ক্ৰীড়া ক্ষেত্ৰত আন এক গৌৰৱময় সাফল্য প্ৰদান কৰে ভাৰতৰ যুৱ গ্ৰেণ্ড মাষ্টাৰ ডি গুকেশে। ছিংগাপুৰত অনুষ্ঠিত হোৱা ডবা বিশ্ব চেম্পিয়নশ্বিপত যোৱা ১২ ডিচেম্বৰত ইতিহাস ৰচি শ্ৰেষ্ঠত্ব অৰ্জন কৰে ভাৰতীয় গ্ৰেণ্ড মাষ্টাৰগৰাকীয়ে। ডিফেণ্ডিং চেম্পিয়ন চীনৰ ডিং লিৰেনক পৰাস্ত কৰি খিতাপ দখল কৰাৰ লগে লগে ডবাৰ ইতিহাসৰ সৰ্বকালৰ সৰ্বকনিষ্ঠ বিশ্ব চেম্পিয়ন হিচাপে পৰিগণিত হয় ডি গুকে্সস। মাত্ৰ ১৮ বছৰ বয়সতে গুকেশে এই অসামান্য কৃতিত্ব লাভ কৰে। এইদৰে তেওঁ বিশ্বনাথন আনন্দৰ পিছত ডবা বিশ্ব চেম্পিয়নশ্বিপ জয়ী দেশৰ দ্বিতীয়গৰাকী গ্ৰেণ্ড মাষ্টাৰ হিচাপেও পৰিগণিত হয়।

Latest News