আজি আন্তঃৰাষ্ট্ৰীয় দবা দিৱসঃ চাওক এই দিনটোৰ ইতিহাস আৰু আন কিছু দিশ
আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচন, চমুকৈ FIDE ৰ মূলমন্ত্ৰ হৈছে ‘Gens una sumus’, লেটিন ভাষাৰ এই বাক্যটিৰ অৰ্থ হৈছে ‘আমি এটা পৰিয়াল’। এই মূলমন্ত্ৰক সাৰোগত কৰি প্ৰতি বছৰে ২০ জুলাইত সমগ্ৰ বিশ্বতে পালন কৰি অহা হৈছে আন্তঃৰাষ্ট্ৰীয় দবা দিৱস।
আজি আন্তঃৰাষ্ট্ৰীয় দবা দিৱস। প্ৰতি বৰ্ষতে ২০ জুলাই দিনটোত এই দিৱস পালন কৰি অহা হৈছে। দবা খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বিশ্বব্যাপী প্ৰতিগৰাকী দবা খেলুৱৈ, ক্লাব আৰু সংস্থাই পালন কৰে এই দিৱস। আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচন, চমুকৈ FIDE ৰ পৃষ্ঠপোষকতাত ফেডাৰেচনৰ সদস্য দেশসমূহে প্ৰতি বছৰে ২০ জুলাইত এই দিৱস উদযাপন কৰি আহিছে। FIDE ৰ মূলমন্ত্ৰ হৈছে ‘Gens una sumus’, লেটিন ভাষাৰ এই বাক্যটিৰ অৰ্থ হৈছে ‘আমি এটা পৰিয়াল’। এই মূলমন্ত্ৰক সাৰোগত কৰি আজি পূৰ্বৰ দৰেই সমগ্ৰ বিশ্বতে পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় দবা দিৱস।
উল্লেখ্য যে ১৯২৪ চনৰ ২০ জুলাইত ফ্ৰান্সৰ ৰাজধানী পেৰিছ চহৰত দবাৰ শীৰ্ষ সংস্থা আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচন, চমুকৈ FIDE গঠন কৰা হৈছিল। FIDEৰ এই প্ৰতিষ্ঠা দিৱসটি প্ৰতি বছৰে বিশ্বৰ বিভিন্ন দেশত বিশ্ব দবা দিৱস ৰূপে পালন কৰা হয়। অৱশ্যে FIDEৰ প্ৰতিষ্ঠাৰ বহু বছৰৰ পিছত ১৯৬৬ চনত এই দিৱস প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছিল।
তেতিয়াৰে পৰা প্ৰতিটো বৰ্ষতে FIDEৰ সদস্য দেশসমূহে এই দিৱস পালন কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় দবা দিৱসৰ ধাৰণাটো প্ৰথমে ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাই (ইউনেস্ক’) প্ৰস্তাৱ কৰিছিল। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে সৰ্বসন্মতিক্ৰমে ২০১৯ চনত আন্তঃৰাষ্ট্ৰীয় দবা দিৱসক স্বীকৃতি দিয়া প্ৰস্তাৱত অনুমোদন জনায়।
FIDEৰ সদস্য দেশসমূহৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ দবা খেলুৱৈ, ক্লাৱ তথা সংস্থাসমূহে দবা সম্পৰ্কে আলোচনা চক্ৰৰ আয়োজন কৰি, দবা প্ৰতিযোগিতা অনুষ্ঠিত কৰি আন্তঃৰাষ্ট্ৰীয় দবা দিৱস উদযাপন কৰে। ২০১৮ চনত চেছ ডট কমে আন্তঃৰাষ্ট্ৰীয় দবা দিৱস উদযাপনৰ বাবে ২৪ ঘণ্টীয়া এৰিনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল।
একেদৰে ২০১৯ চনতো চেছ ডট কমৰ আন্তঃৰাষ্ট্ৰীয় দবা দিৱসৰ কাৰ্যসূচী হিচাপে ২৪ ঘণ্টীয়া পাজল ৰাছ আৰু ২৪ ঘণ্টীয়া মাৰাথন এৰিনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। এই বৰ্ষতে FIDE য়ে ছ’চিয়েল মিডিয়াত #InternationalChessDay হেচটেগ ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় দবা দিৱসৰ বাবে টুইটষ্টৰ্মত অংশগ্ৰহণ কৰিবলৈ দবা খেলুৱৈসকলক আহ্বান জনাইছিল।
ইউ এছ চেছৰ তথ্য অনুসৰি, FIDEৰ এই আহ্বানমৰ্মে ২০১৯ চনত প্ৰায় ৪,০০০ টা টুইটত এই হেচটেগ ব্যৱহাৰ কৰা হৈছিল। এইদৰে কেৱল টুইটাৰতে ১ কোটি ৮০ লাখতকৈ অধিক লোকৰ কাষ চাপিছিল দবাৰ জনপ্ৰিয়তা। আনহাতে আন্তঃৰাষ্ট্ৰীয় দবা দিৱস ২০২০ৰ বাবে FIDEৰ থিম আছিল ‘কাৰোবাক দবা খেলিবলৈ শিকাওক।’