শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Vaibhav Suryavanshi: ইতিহাস মধুৰ কৰি বৈভৱৰ ‘সূৰ্যো’দয়ঃ জয়পুৰত স্বৰ্ণিল ভৱিষ্যতৰ ইঙ্গিত দিলে ১৪ বৰ্ষীয় বৈভৱে

বৈভৱ সূৰ্যবংশী। সমগ্ৰ ক্ৰিকেট বিশ্বত হয়তো আজি উচ্চাৰিত হৈছে এই নাম। নহ’বনো কিয়! বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আৰু ধনাঢ্য ক্ৰিকেট লীগ আই পি এলৰ দৰে বৃহৎ মঞ্চত ১৪ বৰ্ষীয় এই কিশোৰটিয়ে আজি সৃষ্টি কৰিলে ইতিহাস, দেখুৱালে চমক। আই পি এল ইতিহাসৰ সৰ্বকালৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে আজি ৰাজস্থান ৰয়েলছক প্ৰতিনিধিত্ব কৰি বৈভৱ সূৰ্যবংশীয়ে প্ৰতিযোগিতাখনত অভিষেক ঘটাইছে।

Vaibhav Suryavanshi: ইতিহাস মধুৰ কৰি বৈভৱৰ ‘সূৰ্যো’দয়ঃ জয়পুৰত স্বৰ্ণিল ভৱিষ্যতৰ ইঙ্গিত দিলে ১৪ বৰ্ষীয় বৈভৱে
বৈভৱ সূৰ্যবংশীৰ চমক
monjit-dutta
Monjit Dutta | Published: 19 Apr 2025 23:34 PM

বয়স মাত্ৰ ১৪ বছৰ। সমুখত আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতাৰে পুষ্ট এগৰাকী নামী তাৰকা। পিছে মুখত কোনো শংকা কিম্বা চাপৰ চিন নৰখাকৈ নিৰ্ভীকভাৱে ক্ৰীজত থিয় দি আছিল ২২ গজৰ যুঁজত নমা কিশোৰ ৰণুৱাটি, আৰু ক্ষণিকৰ পিছতে সমগ্ৰ ক্ৰিকেট বিশ্বই প্ৰত্যক্ষ কৰিলে কেতিয়াও নভৱা এক দৃশ্য। নিৰ্ভীক কিশোৰটিৰ হাতৰ অস্ত্ৰস্বৰূপ বেটখনৰ পৰা সীমাৰ বাহিৰলৈ গৈ পৰিল প্ৰতিপক্ষৰ অভিজ্ঞ ৰণুৱাই নিক্ষেপ কৰা অস্ত্ৰ। আৰু তাৰ পিছতে হৰ্ষোল্লাসত আন্দোলিত হৈ উঠিল ২২ গজক বেৰি ৰখা যুদ্ধক্ষেত্ৰ। এক অনন্য ইতিহাসৰ সাক্ষী হ’ল সকলো। আৰু সেই কিশোৰ ৰণুৱাটিয়ে সগৌৰৱে ঘোষণা কৰিলে নিজৰ ৰাজকীয় আগমণ। নাম তেওঁৰ বৈভৱ।

বৈভৱ সূৰ্যবংশী। সমগ্ৰ ক্ৰিকেট বিশ্বত হয়তো আজি উচ্চাৰিত হৈছে এই নাম। নহ’বনো কিয়! বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আৰু ধনাঢ্য ক্ৰিকেট লীগ আই পি এলৰ দৰে বৃহৎ মঞ্চত ১৪ বৰ্ষীয় এই কিশোৰটিয়ে আজি সৃষ্টি কৰিলে ইতিহাস, দেখুৱালে চমক। আই পি এল ইতিহাসৰ সৰ্বকালৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে আজি ৰাজস্থান ৰয়েলছক প্ৰতিনিধিত্ব কৰি বৈভৱ সূৰ্যবংশীয়ে প্ৰতিযোগিতাখনত অভিষেক ঘটাইছে।

জয়ছোৱালৰ সৈতে ৰাজস্থানৰ ইনিংছ মুকলি কৰিবলৈ আহি বৈভৱে ভাৰতীয় দলৰ তাৰকা খেলুৱৈ শ্বাৰ্দুল ঠাকুৰে কৰা প্ৰথম অভাৰৰ চতুৰ্থটো বলত নিজ আই পি এল কেৰিয়াৰৰ প্ৰথমটো বলৰ মুখামুখি হয় আৰু নিজৰ অভিষেক বলটোতে ৮০ মিটাৰৰ এটা বৃহৎ ছয় কোবাই বৈভৱে সকলোকে স্তম্ভিত কৰি তোলে। ইয়াৰ লগে লগে ষ্টেডিয়ামৰ গেলাৰীত বহি থকা দৰ্শকৰ লগতে কমেণ্ট বক্সত ধাৰাভাষ্যকাৰীসকলো উচ্ছাসেৰে চিঞৰি উঠে।

ইয়াৰ পিছত আক্ৰমণৰ এই চোক অব্যাহত ৰাখে বৈভৱে আৰু মাত্ৰ ২০টা বলত দুটা চাৰি আৰু তিনিটা ছয়েৰে ৩৪ ৰান সংগ্ৰহ কৰে। অৱশ্যে দুৰ্ভাগ্যৱশতঃ মাৰ্ক্ৰামৰ বলত নিয়ন্ত্ৰণ হেৰুৱাই ষ্টাম্পিং আউট হৈ ক্ৰীজ এৰিবলগা হয় তেওঁ। সফল আৰম্ভণিক দীঘলীয়া ইনিংছলৈ ৰূপান্তৰিত কৰিব নোৱাৰিলেও বৈভৱে নিজৰ প্ৰথমখন মেচতে প্ৰমাণিত কৰি যায় নিজৰ যোগ্যতা।

অসমীয়াৰ ‘যি মূলা বাঢ়ে, তাৰ দুপাততে চিন’ কথাষাৰিৰে যেন পূৰ্ণাঙ্গ উদাহৰণ বৈভৱ। তেওঁৰ এই চমকপ্ৰদ অভিষেকত ক্ৰিকেট বিশ্বই দেখিছে এক স্বৰ্ণিল ভৱিষ্যতৰ ৰেঙণি। যদি আগন্তুক মেচসমূহতো তেওঁ এই ধাৰা অব্যাহত ৰাখিব পাৰে, নিশ্চিতভাৱে তেওঁৰ কেৰিয়াৰৰ বাবে এয়া হ’ব সঠিক ভেটি নিৰ্মাণ। উল্লেখ্য যে ১৪ বৰ্ষত অভিষেক ঘটিলেও আই পি এলত প্ৰৱেশৰ সময়ত ১৩ বছৰীয়াই আছিল বৈভৱ।

বিগত বৰ্ষৰ নৱেম্বৰত অনুষ্ঠিত হোৱা আই পি এলৰ মেগা নিলামত ১.১০ কোটি টকাত বৈভৱক ক্ৰয় কৰিছিল ৰাজস্থান ৰয়েলছে। এইদৰে তেওঁ হৈ পৰিছিল আই পি এলত স্থান পোৱা সৰ্বকালৰ সৰ্বকনিষ্ঠ খেলুৱৈ। ইতিপূৰ্বে তেওঁ ২০২৩-২৪ বৰ্ষৰ ৰঞ্জি ট্ৰফী ছিজনত মাত্ৰ ১২ বছৰ ২৮৪ দিনত মুম্বাইৰ বিৰুদ্ধে অভিষেক ঘটাই প্ৰতিযোগিতাখনৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।