IPL 2025: ৯ গৰাকী ভাৰতীয়ৰ সমুখত এগৰাকী বিদেশী খেলুৱৈৰ প্ৰত্যাহ্বান! কোনে মাৰিব বিজয়ৰ হাঁহি?
অহা ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব ক্ৰিকেট বিশ্বৰ আটাইতকৈ ব্যয়বহুল ক্ৰিকেট লীগ আই পি এল। এইবাৰ আই পি এলৰ ১৮ সংখ্যক সংস্কৰণ অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ বাবে প্ৰতিটো ফ্ৰেন্সাইজিয়ে আৰম্ভ কৰিছে প্ৰস্তুতি। এই ছিজনৰ বাবে ইতিমধ্যে আটাইকেইটা দলে অধিনায়কৰ নাম ঘোষণা কৰিছে।

আই পি এললৈ মাজত কেইটামান দিন
ক্ৰিকেটপ্ৰেমীৰ মাজত এতিয়া আই পি এলৰ চৰ্চা। অহা ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব ক্ৰিকেট বিশ্বৰ আটাইতকৈ ব্যয়বহুল এই ক্ৰিকেট লীগ। এইবাৰ আই পি এলৰ ১৮ সংখ্যক সংস্কৰণ অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ বাবে প্ৰতিটো ফ্ৰেন্সাইজিয়ে আৰম্ভ কৰিছে প্ৰস্তুতি। এই ছিজনৰ বাবে ইতিমধ্যে আটাইকেইটা দলে অধিনায়কৰ নাম ঘোষণা কৰিছে। লীগৰ ৯টা দলে ইতিপূৰ্বেই অধিনায়কৰ নাম ঘোষণা কৰিছিল। কেৱল দিল্লী কেপিটেলছে এই সন্দৰ্ভত কোনো ঘোষণা কৰা নাছিল। অৱশ্যে আজি দলটোৱে অক্ষৰ পেটেলক অধিনায়কৰ দায়িত্ব দি এই চৰ্চাৰ ওৰ পেলায়।
লক্ষণীয়ভাৱে এইবাৰ ৫টা দলে নতুন অধিনায়কৰ তত্বাৱধানত খিতাপ জয়ৰ চেষ্টা চলাব। লক্ষ্ণৌ ছুপাৰ জায়েন্টছ, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু, পাঞ্জাৱ কিংছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু দিল্লী কেপিটেলছে এইবাৰ নতুন অধিনায়ক নিযুক্তি দিছে। অক্ষৰে দিল্লী কেপিটেলছৰ নেতৃত্ব লাভ কৰাৰ বিপৰীতে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়কৰ দায়িত্ব পালন কৰিব ঋষভ পণ্টে। আৰ চি বিৰ অধিনায়ক হিচাপে দেখা যাব ৰজত পাটিদাৰক।
আনহাতে, পাঞ্জাৱ কিংছে শ্ৰেয়স আয়াৰক আৰু কলকাতা নাইট ৰাইডাৰ্ছে আজিংক্যা ৰাহানেক এই ছিজনৰ বাবে অধিনায়ক হিচাপে নিযুক্তি দিছে। এই পাঁচটা দলৰ বিপৰীতে আনকেইটা দলে এইবাৰ অধিনায়ক অপৰিৱৰ্তিত ৰাখিছে। পুনৰবাৰ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক হিচাপে দেখা যাব ঋতুৰাজ গাইকোৱাডক। বিগত ছিজনৰ ব্যৰ্থতাৰ পিছতো মুম্বাই ইণ্ডিয়ানছে হাৰ্দিক পাণ্ডিয়াৰ ওপৰত এইবাৰো আস্থা ৰাখিছে।
একে সময়তে সঞ্জু চেমছনে পুনৰবাৰ ৰাজস্থান ৰয়েলছৰ দায়িত্ব ল’ব। আনটো দল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়ক হিচাপে থাকিব পেট কামিন্স। অৰ্থাৎ এইবাৰ আই পি এলৰ ১০টা ফ্ৰেন্সাইজিৰ ভিতৰত ৯টা ফ্ৰেন্সাইজিৰ অধিনায়ক হিচাপে থাকিব ভাৰতীয় খেলুৱৈ। আনহাতে পেট কামিন্সে একমাত্ৰ বিদেশী খেলুৱৈ হিচাপে বহন কৰিব অধিনায়কৰ দায়িত্ব। এইদৰে আই পি এল ২০২৫ত ৯ গৰাকী ভাৰতীয় খেলুৱৈক প্ৰত্যাহ্বান জনাব এগৰাকী বিদেশী খেলুৱৈয়ে।
উল্লেখ্য যে পেট কামিন্সৰ নেতৃত্বতে হায়দৰাবাদে বিগত ছিজনৰ ফাইনেলত উপনীত হৈছিল। অৱশ্যে ফাইনেলত কলকাতাৰ বিপক্ষে পৰাস্ত হৈ দলটো ৰাণাৰ্ছ আপতে সন্তুষ্ট থাকিবলগা হৈছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এগৰাকী সফল অধিনায়ক হিচাপে খ্যাতি লাভ কৰা কামিন্সে বৰ্তমান আঘাতৰ সৈতে যুঁজি আছে। অৱশ্যে আই পি এলৰ বাবে তেওঁ সম্পূৰ্ণ ফিট হোৱাৰ সম্ভাৱনা আছে।