এসময়ত আছিল চেন্নাইৰ বহু যুঁজৰ নায়কঃ সেই খেলুৱৈকে বিশ্বাসঘাতক বুলিলে ধোনীয়ে…
প্ৰায় ১৪টা বছৰ দলৰ সেৱা আগবঢ়োৱাৰ পিছতো খোদ একালৰ সতীৰ্থ তথা অধিনায়কৰ মুখৰ পৰা এগৰাকী খেলুৱৈয়ে শুনিছে বিশ্বাসঘাতক আখ্যা। চেন্নাইৰ অধিনায়ক হিচাপে ধোনীৰ সফলতাত এই খেলুৱৈগৰাকী আছিল অন্যতম প্ৰধান অস্ত্ৰ। কিন্তু সেই খেলুৱৈজনকে এতিয়া ধোনীয়ে কৈছে বিশ্বাসঘাতক বুলি!

বিশ্বৰ আটাইটকৈ ধনাঢ্য ক্ৰিকেট লীগ আই পি এল। সমগ্ৰ ক্ৰিকেট বিশ্বৰ ৰথী-মহাৰথীয়ে এই লীগত অংশ লোৱাৰ বাবে মনত পুহি ৰাখে আশা। আৰু নিজৰ প্ৰদৰ্শনেৰে ইয়াৰ মাজৰে কোনো খেলুৱৈয়ে এটা দলৰ গুৰুত্বপূৰ্ণ সদস্য হৈ পৰে, সমান্তৰালকৈ হৈ পৰে প্ৰিয়ভাজন। এনেদৰে কেইবাটাও বছৰ ধৰি একেটা ফ্ৰেন্সাইজিৰে সদস্য হৈ পৰে খেলুৱৈজন। আই পি এলত এইদৰে একেটা ফ্ৰেন্সাইজিকে কেইবাটাও বছৰ ধৰি প্ৰতিনিধিত্ব কৰি অহা খেলুৱৈৰ সংখ্যা অত্যন্ত কম। তেনে এগৰাকী খেলুৱৈ হৈছে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন তাৰকা ডুৱেইন ব্ৰেভ’।
প্ৰথম অৱস্থাত মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এল কেৰিয়াৰ আৰম্ভ কৰা ব্ৰেভ’ৱে ফ্ৰেন্সাইজিটোৰ হৈ তিনিটা ছিজন খেলাৰ পিছত ২০১১ চনত যোগ দিয়ে চেন্নাই চুপাৰ কিংছত। ইয়াৰ পিছত চেন্নাইৰ দুবছৰীয়া নিলম্বনৰ সময়ত তেওঁ গুজৰাট লায়ন্সক প্ৰতিনিধিত্ব কৰে যদিও ২০১৮ চনত পুনৰ যোগ দিয়ে চেন্নাইত। ২০২২ চনলৈ তেওঁ খেলুৱৈ হিচাপে সেৱা আগবঢ়ায় চেন্নাইক আৰু ইয়াৰ পিছত ফ্ৰেন্সাইজিটোৰ বলিং প্ৰশিক্ষক হিচাপে দায়িত্ব বহন কৰে।
পিছে প্ৰায় ১৪টা বছৰ দলটোক সেৱা আগবঢ়োৱাৰ পিছতো এতিয়া ব্ৰেভ’ হৈ পৰিছে বিশ্বাসঘাতক, সেয়াও খোদ একালৰ সতীৰ্থ তথা অধিনায়কৰ মুখৰ পৰা ওলাইছে এই অপমান! চেন্নাইৰ খেলুৱৈ হিচাপে প্ৰথমৰ পৰাই ধোনীৰ নেতৃত্বত খেলি আহিছিল ব্ৰেভ’ৱে আৰু তেওঁ হৈ পৰিছিল ধোনীৰ অন্যতম প্ৰধান অস্ত্ৰ। ধাৰাবাহিক প্ৰদৰ্শনেৰে ব্ৰেভ’ হৈ পৰিছিল চেন্নাইৰ বহু সফলতাৰ এগৰাকী প্ৰধান নায়ক। কিন্তু সেই ব্ৰেভ’কে এতিয়া ধোনীয়ে কৈছে বিশ্বাসঘাতক বুলি!
আই পি এলৰ আজিৰ মেচত মুখামুখি হ’ব চেন্নাই চুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ। এই মেচখনত ধোনীক পুনৰ চেন্নাইৰ অধিনায়ক হিচাপে দেখা যাব। মেচৰ বাবে অনুশীলনৰ সময়তে ধোনীয়ে তেওঁৰ কাষ চাপি অহা ব্ৰেভ’ক বিশ্বাসঘাতক আখ্যা দিয়া শুনিবলৈ পোৱা যায়। চেপ’কত অনুশীলন চলাই থকাৰ সময়তে চেন্নাইৰ অনুশীলন শিবিৰৰ কাষ চাপি আহে ডুৱেইন ব্ৰেভ’ আৰু তেতিয়াই ৰবীন্দ্ৰ জাদেজাই আগবাঢ়ি গৈ ডুবেক আলিঙ্গন কৰে।
View this post on Instagram
সেই সময়তে নেটত অনুশীলন কৰি থকা ধোনীয়ে ব্ৰেভ’ক উদ্দেশ্যি বিশ্বাসঘাতক বুলি কয়। অৱশ্যে এয়া কোনো ঠাট্টা বা ক্ষোভত কোৱা নাছিল ধোনীয়ে, মাত্ৰ বন্ধু ব্ৰেভ’ৰ সৈতে ধোনীৰ নিৰ্মল ধেমালিহে আছিল এয়া। ইয়াৰ পিছতে ব্ৰেভ’ৱে আগবাঢ়ি গৈ ধোনীক কৰমৰ্দন কৰাৰ লগতে হাঁহিমুখে কথা পতা দেখিবলৈ পোৱা যায়। এই ছিজনত ব্ৰেভ’ক মেণ্টৰ হিচাপে নিযুক্তি দিছে কলকাতাই আৰু চেন্নাই এৰি কলকাতাত যোগ দিয়াৰ বাবেই ব্ৰেভ’ৰ সৈতে এই ধেমালি ধোনীৰ।
উল্লেখ্য যে কলকাতাই ব্ৰেভ’ক মেণ্টৰৰ প্ৰস্তাৱ আগবঢ়োৱাৰ সময়ত ব্ৰেভ’ৱে পোনপ্ৰথমে ঘবিষ্ঠ বন্ধু ধোনীকে এই বিষয়ে জানিবলৈ দিয়া বুলি জানিব পৰা গৈছিল। ধোনীৰ সৈতে আলোচনাৰ পিছতকে কলকাতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল ব্ৰেভ’ৱে আৰু দলটোত মেণ্টৰ হিচাপে যোগদান কৰিছিল।