শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আই পি এল ২০২৫ৰ আৰম্ভণিতেই অৱসৰ সন্দৰ্ভত মুখ খুলিলে ধোনীয়েঃ কেতিয়া ল’ব অৱসৰ!

বিগত ২-৩টা আই পি এল ছিজন ধৰি ধোনীৰ সম্ভাৱ্য অৱসৰক কেন্দ্ৰ কৰি ব্যাপক চৰ্চা হৈ আহিছে। এই সময়ছোৱাত প্ৰতিটো ছিজনেই ধোনীৰ অন্তিমটো ছিজন হ’ব বুলি অনুৰাগীৰ মাজত জল্পনা-কল্পনা দেখা গৈছে। বিগত ছিজনসমূহৰ দৰে এইবাৰে দেখা গৈছে এই গুণা-গঁথা। ছিজনৰ আৰম্ভণিতেই অৱসৰৰ এনে চৰ্চা সন্দৰ্ভত মুখ খুলিছে এম এছ ধোনীয়ে।

আই পি এল ২০২৫ৰ আৰম্ভণিতেই অৱসৰ সন্দৰ্ভত মুখ খুলিলে ধোনীয়েঃ কেতিয়া ল’ব অৱসৰ!
অৱসৰ সন্দৰ্ভত মুখ খুলিলে ধোনীয়ে
monjit-dutta
Monjit Dutta | Published: 23 Mar 2025 14:11 PM

কালিৰ পৰা আৰম্ভ হৈছে আই পি এল ২০২৫। প্ৰিয় ফ্ৰেন্সাইজি তথা প্ৰিয় খেলুৱৈৰ খেল পৰিদৰ্শনৰ বাবে বহু দিনৰ পৰা অপেক্ষা কৰি থকা প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীয়েই এতিয়া মগ্ন আই পি এলৰ আনন্দ উপভোগত। ক্ৰিকেটৰ আনন্দ উপভোগৰ লগতে বহু ক্ৰিকেটপ্ৰেমীয়ে আন এক কাৰণতো আই পি এলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। এই কাৰণ হৈছে ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম এটি শ্ৰেষ্ঠ নাম মহেন্দ্ৰ সিং ধোনী। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ পিছত এতিয়াও আই পি এলৰ জৰিয়তে ক্ৰিকেটৰ সৈতে জড়িত হৈ আছে এম এছ ধোনী।

আই পি এলৰ এইবাৰ ১৮ সংখ্যক ছিজন। প্ৰতিযোগিতাখনৰ প্ৰতিটো ছিজনতে অংশ লৈ আহিছে ধোনীয়ে। আজি এই ছিজনৰ দ্বিতীয়টো দিন আৰু দিনটোৰ দ্বিতীয়খন মেচত প্ৰতিদ্বন্দিতা আগবঢ়াব আই পি এল ইতিহাসৰ দুই শ্ৰেষ্ঠতম দল চেন্নাই চুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ। চেন্নাইৰ হালধীয়া জাৰ্চিত আজি পুনৰ খেলপথাৰত নামিব থালা ধোনী। প্ৰিয় তাৰকাগৰাকীৰ খেল উপভোগৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে অনুৰাগীসকলে।

বিগত ২-৩টা আই পি এল ছিজন ধৰি ধোনীৰ সম্ভাৱ্য অৱসৰক কেন্দ্ৰ কৰি ব্যাপক চৰ্চা হৈ আহিছে। এই সময়ছোৱাত প্ৰতিটো ছিজনেই ধোনীৰ অন্তিমটো ছিজন হ’ব বুলি অনুৰাগীৰ মাজত জল্পনা-কল্পনা দেখা গৈছে। বৰ্তমান ৪৩ বছৰ বয়সীয়া ধোনী এই ছিজনৰ আটাইতকৈ বয়সীয়াল খেলুৱৈ। বিগত ছিজনসমূহৰ দৰে এইবাৰে দেখা গৈছে এই গুণা-গঁথা। ছিজনৰ আৰম্ভণিতেই অৱসৰৰ এনে চৰ্চা সন্দৰ্ভত মুখ খুলিছে এম এছ ধোনীয়ে।

জিঅ’ হটষ্টাৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অৱসৰ সন্দৰ্ভত এম এছ ধোনীয়ে কৰিছে এক বিশেষ মন্তব্য। তেওঁৰ এই বক্তব্যৰ পৰা অনুমান কৰা হৈছে যে ভৱিষ্যতেও কেইটামান ছিজনৰ বাবে হয়তো তেওঁ আই পি এলত খেলি থাকিব। সাক্ষাৎকাৰত ধোনীয়ে তেওঁ যিমান দিন বিচাৰে চি এছ কেৰ হৈ খেলিব পাৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ধোনীয়ে কয়, “মই যিমান দিন বিচাৰো চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিব পাৰিম। এয়া মোৰ ফ্ৰেন্সাইজি। হুইল চেয়াৰত থাকিলেও চি এছ কেই মোক টানি নিব।”

ইফালে চেন্নাইৰ অধিনায়ক ৰুতুৰাজ গায়কোৱাডেও ধোনী সন্দৰ্ভত এ্ক উল্লেখনীয় মন্তব্য আগবঢ়ায়। গায়কোৱাডৰ মতে, আই পি এলত খেলাৰ বাবে এম এছ ধোনীৰ হাতত এতিয়াও আৰু বহু বছৰ বাকী আছে। এই ক্ষেত্ৰত তেওঁ শচীন তেণ্ডুলকাৰৰ প্ৰসংগও আনে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা মাষ্টাৰ্ছ লীগত শচীন তেণ্ডুলকাৰে ৫০ বছৰ বয়সতো ভাল বেটিং কৰি আছে বুলি আঙুলিয়াই দি ধোনীৰ ক্ষেত্ৰতো সেইদৰে বহু বছৰ বাকী আছে বুলি মন্তব্য কৰে গায়কোৱাডে।