IPL Auction 2025: প্ৰথম দিনাৰ নিলামত উঠিল টকাৰ উজান, দ্বিতীয় দিনৰ বাবে কাৰ হাতত কিমান ধন থাকিল বাকী
মেগা নিলামৰ প্ৰথম দিনটোত মাৰ্কি, কেপড আৰু আনকেপড খেলুৱৈকে ধৰি মুঠ ৮৪ জন খেলুৱৈৰ নিবিদা দিয়া হৈছিল। ইয়াৰে ৭২ জন খেলুৱৈক ফ্ৰেঞ্চাইজিসমূহে আগন্তুক ছিজনৰ বাবে ক্ৰয় কৰে। আনহাতে প্ৰথম দিনাৰ এই নিলামত মুঠ ১২ জন খেলুৱৈ আনচ’ল্ড হৈ ৰয়। প্ৰতিযোগিতাখনৰ ১০টা ফ্ৰেঞ্চাইজিয়ে সৰ্বমুঠ ৬৪১ কোটি টকাৰ পাৰ্চ লৈ নিলামত অংশ লৈছিল আৰু প্ৰথম দিনাই ইয়াৰে ৪৬৭.৯৫ কোটি টকা ব্যয় হৈছিল।
বহু চৰ্চিত তথা বহু প্ৰত্যাশিত আই পি এলৰ মেগা নিলামৰ কালি প্ৰথম দিনাৰ অন্ত পৰিল। খেলুৱৈৰ নিবিদাৰ বাবে প্ৰায় প্ৰতিটো দলেই নিজৰ নিৰ্ধাৰিত পুঁজিৰ পৰা মুক্তহস্তে কৰিলে খৰচ।.এই নিলামত আই পি এলৰ ইতিহাসৰ সকলো ৰেকৰ্ড ভংগ কৰি প্ৰতিযোগিতাখনৰ আটাইতকৈ দামী খেলুৱৈৰ ৰূপত ২৭ কোটি টকাৰ বৃ্হৎ মূল্যত লক্ষ্ণৌ চুপাৰ জায়েণ্টছে ক্ৰয় কৰে ঋষভ পণ্টক। তেওঁৰ পূৰ্বে আন এগৰাকী ভাৰতীয় তাৰকা শ্ৰেয়স আয়াৰক ২৬.৭৫ কোটি টকাত ক্ৰয় কৰি এই অভিলেখ গঢ়ি তুলিছিল পঞ্জাৱ কিংছে।
এই দুই তাৰকাৰ পিছতে নিলামত বিপুল ধন লাভ কৰা খেলুৱৈগৰাকী হৈছে ভেংকটেশ আয়াৰ। আই পি এলৰ গত সংস্কৰণত কলকাতা নাইট ৰাইডাৰ্ছৰ খিতাপ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা আয়াৰক দলটোৱে ২৩.৭৫ কোটি টকাৰ বৃ্হৎ মূল্যৰে পুনৰ এবাৰ দলৰ অংশ কৰি লয়। মেগা নিলামৰ প্ৰথম দিনটোত মাৰ্কি, কেপড আৰু আনকেপড খেলুৱৈকে ধৰি মুঠ ৮৪ জন খেলুৱৈৰ নিবিদা দিয়া হৈছিল। ইয়াৰে ৭২ জন খেলুৱৈক ফ্ৰেঞ্চাইজিসমূহে আগন্তুক ছিজনৰ বাবে ক্ৰয় কৰে।
আনহাতে প্ৰথম দিনাৰ এই নিলামত মুঠ ১২ জন খেলুৱৈ আনচ’ল্ড হৈ ৰয়। প্ৰতিযোগিতাখনৰ ১০টা ফ্ৰেঞ্চাইজিয়ে সৰ্বমুঠ ৬৪১ কোটি টকাৰ পাৰ্চ লৈ নিলামত অংশ লৈছিল আৰু প্ৰথম দিনাই ইয়াৰে ৪৬৭.৯৫ কোটি টকা ব্যয় হৈছিল। এতিয়া দ্বিতীয় দিনা খেলুৱৈ ক্ৰয়ৰ বাবে আটাইকেইটা ফ্ৰেন্সাইজি মিলাই প্ৰায় ১৩৩ কোটি টকা বাকী আছে। সৰ্বাধিক ধন হাতত লৈ নিলামত প্ৰৱেশ কৰা পঞ্জাৱ কিংছে প্ৰথম দিনা আশা কৰাৰ দৰেই সৰ্বাধিক ধন ব্যয় কৰে।
নিলামৰ প্ৰথম দিনাই পঞ্জাব কিংছে সৰ্বাধিক ৮৮ কোটি টকা ব্যয় কৰে। ফ্ৰেঞ্চাইজিটোৱে ক্ৰয় কৰিছে সৰ্বাধিক ১০ জন খেলুৱৈ। আনহাতে গুজৰাট টাইটানছ আৰু দিল্লী কেপিটেলছে প্ৰথম দিনা ৯ জনকৈ খেলুৱৈ ক্ৰয় কৰে। ইফালে মাত্ৰ ৪৫ কোটি টকা হাতত লৈ নিলামত প্ৰৱেশ কৰা মুম্বাই ইণ্ডিয়ানছে ১৮.৯০ কোটি টকাত ৪ জন খেলুৱৈ ক্ৰয় কৰিছে। আনহাতে, সৰ্বনিম্ন ৪১ কোটি টকা বাজেটেৰে নিলামত অংশ লোৱা ৰাজস্থানে ২৩.৬৫ কোটি টকাত ৫ জন খেলুৱৈ ক্ৰয় কৰিছে।
চাওক নিলামৰ প্ৰথম দিনা ফ্ৰেন্সাইজিসমূহে ক্ৰয় কৰা খেলুৱৈৰ তালিকা আৰু দ্বিতীয় দিনৰ বাবে দলকেইটাৰ হাতত থকা মুঠ ধন-
চেন্নাই চুপাৰ কিংছঃ আৰ অশ্বিন (৯.৭৫ কোটি), ডেভন কনৱে’ (৬.২৫ কোটি), ৰাহুল ত্ৰিপাঠী (৩.৪০ কোটি), ৰচিন ৰবীন্দ্ৰ (৪ কোটি), খলিল আহমেদ (৪.৮০ কোটি), নূৰ আহমেদ (১০ কোটি), বিজয় শংকৰ (১.২ কোটি)।
বাকী থকা মুঠ ধন– ১৫.৬০ কোটি টকা।
দিল্লী কেপিটেলছঃ মিচেল ষ্টাৰ্ক (১১.৭৫ কোটি), কে এল ৰাহুল (১৪ কোটি), হেৰী ব্ৰুক (৬.২৫ কোটি), জেক ফ্ৰেজাৰ মেকগাৰ্ক (৯ কোটি), টি নটৰাজন (১০.৭৫ কোটি), কৰুণ নায়াৰ (৫০ লাখ), সমীৰ ৰিজভি (৯৫ লাখ), আশুতোষ শৰ্মা (৩.৮০ কোটি), মোহিত শৰ্মা (২.২০ কোটি)।
বাকী থকা মুঠ ধন– ১৩.৮০ কোটি টকা।
গুজৰাট টাইটানছঃ জ’ছ বাটলাৰ (১৫.৭৫ কোটি), কেগিছ’ ৰাবাডা (১০.৭৫ কোটি), মহম্মদ চিৰাজ (১২.২৫ কোটি), প্ৰসিধ কৃষ্ণ (৯.৫০ কোটি), নিশান্ত সিন্ধু (৩০ লাখ), মহিপাল লমৰোড় (১.৭ কোটি), কুমাৰ কুশাগ্ৰা (৬৫ লাখ), অনুজ ৰাৱত (৩০ লাখ), মানৱ সুথাৰ (৩০ লাখ)।
বাকী থকা মুঠ ধন– ১৭.৫০ কোটি টকা।
কলকাতা নাইট ৰাইডাৰ্ছঃ ভেংকটেশ আয়াৰ (২৩.৭৫ কোটি), কুইণ্টন ডি ক’ক (৩.৬০ কোটি), ৰহমনুল্লাহ গুৰবাজ (২ কোটি), এনৰিখ নৰ্খিয়া (৬.৫০ কোটি), অংকৃশ ৰঘুবংশী (৩ কোটি), বৈভৱ অৰোৰা (১.৮০ কোটি), মায়াংক মাৰ্কাণ্ডে (৩০ লাখ)।
বাকী থকা মুঠ ধন– ১০.০৫ কোটি টকা।
লক্ষ্ণৌ চুপাৰ জায়েন্টছঃ ঋষভ পণ্ট (২৭ কোটি), আ্ভেশ খান (৯.৭৫ কোটি), ডেভিদ মিলাৰ (৭.৫ কোটি), এইডেন মাৰ্ক্ৰাম (২ কোটি), মিচেল মাৰ্শ্ব (৩.৪০ কোটি), আব্দুল ছামাড (৪.২০ কোটি), আৰিয়ান জুৱেল (৩০ লাখ)।
বাকী থকা মুঠ ধন– ১৪.৮৫ কোটি টকা।
মুম্বাই ইণ্ডিয়ানছঃ ট্ৰেণ্ট ব’ল্ট (১২.৫ কোটি), নমন ধীৰ (৫.২৫ কোটি), ৰবিন মিঞ্জ (৬৫ লাখ), কৰ্ণ শৰ্মা (৫০ লাখ)।
বাকী থকা মুঠ ধন– ২৬.১০ কোটি টকা।
পঞ্জাব কিংছঃ অৰ্শদীপ সিং (১৮ কোটি), শ্ৰেয়স আয়াৰ (২৬.৭৫ কোটি), যুজবেন্দ্ৰ চাহাল (১৮ কোটি), মাৰ্কাছ ষ্টয়নিছ (১১ কোটি), গ্লেন মেক্সৱেল (৪.২০ কোটি), নেহাল ৱাধেৰা (৪.২০ কোটি), বিষ্ণু বিনোদ (৯৫ লাখ), বিজয়কুমাৰ .বৈশাক (১.৮০ কোটি), য়শ ঠাকুৰ (১.৬০ কোটি), হৰপ্ৰীত ব্ৰাৰ (১.৫০ কোটি)।
বাকী থকা মুঠ ধন– ২২.৫০ কোটি টকা।
ৰাজস্থান ৰয়েলছঃ জ’ফ্ৰা আৰ্চাৰ (১২.৫০ কোটি), মহেশ থিকছানা (৪.৪০ কোটি), ৱানিন্দু হাছাৰাংগা (৫.২৫ কোটি), আকাশ মাধৱাল (১.২০ কোটি), কুমাৰ কাৰ্তিকেয়া সিং (৩০ লাখ)।
বাকী থকা মুঠ ধন– ১৭.৩৫ কোটি টকা।
ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুঃ লিয়াম লিভিংষ্ট’ন (৮.৭৫ কোটি), ফিল ছল্ট (১১.৫০ কোটি), জিতেশ শৰ্মা (১১ কোটি), জোছ হেজলউড (১২.৫০ কোটি), ৰশিখ চালাম (৬ কোটি), সুয়ছ শৰ্মা (২.৬ কোটি)।
বাকী থকা মুঠ ধন– ৩০.৬৫ কোটি টকা।
ছানৰাইজাৰ্ছ হায়দৰাবাদঃ মহম্মদ ছামি (১০ কোটি), হৰ্শল পেটেল (৮ কোটি), ঈশান কিষাণ (১১.২৫ কোটি), ৰাহুল চাহাৰ (৩.২০ কোটি), আডাম জাম্পা (২.৪০ কোটি), অথৰ্ব টাইডে (৩০ লাখ), অভিনৱ মনোহৰ (৩.২০ কোটি), ছিমৰজীত সিং (১.৫০ কোটি)।
বাকী থকা মুঠ ধন– ৫.১৫ কোটি টকা।